AAASA:
সদ্য ঘোষিত ফলাফলত এ বি বি এছ পৰীক্ষাত কোকোৰাঝাৰ চাহ বাগিছাৰ শ্ৰমিকৰ সন্তান তথা হাখৰবাৰীৰ অঞ্জলি এক্কা গুৱাহাটী মেডিকেল কলেজৰ পৰা আৰু হোজাই জিলাৰ প্ৰৰ্থম গৰাকী আদিবাসী চাওতালী জীয়ৰী মাৰ্টিনা টুডুই তেজপুৰ মেডিকেল কলেজৰ পৰা সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হৈ সমাজখনলৈ গৌৰৱ কঢ়িয়াই অনা কায্যক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰো আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেবেন উৰাঙে অভিনন্দন আৰু শুভকামনা জনাইছে ৷


কোকোৰাঝাৰ জিলাৰ অতি পিছপৰা অঞ্চলৰ পৰা ডাঃ অঞ্জলি এক্কাৰ পিতৃ এগৰাকী চাহ শ্ৰমিক হিচাপে জীবিকা নিৰ্বাহ কৰাৰ লগতে মাতৃ এগৰাকী সাধাৰণ আশা কৰ্মী ৷ এগৰাকী চাহ শ্ৰমিকৰ নূন্যতম মজূৰিৰে আৰু নূন্যতম মাননিৰে মাতৃয়ে নিজৰ জীয়ৰীক চিকিৎসক পঢ়োৱাৰ জোখাৰে প্ৰয়োজনীয় অৰ্থ নোহোৱা পিছতো হতাশ নহৈ ধৈৰ্য্যৰে নিজৰ ছোৱালীক এমবিবিএছ পাছ কৰালে আৰু হোজাই জিলাৰ পৰা প্ৰৰ্থম চাওতালী জীয়ৰী চিকিৎসক বনোৱাৰ ক্ষেত্ৰত অতি ধৈৰ্য্য আৰু কষ্টৰে পিতৃ -মাতৃয়ে ডাঃ মাৰ্টিন টুডুক এমবিবিএছ কৰালে তাৰ বাবে নেতাদ্বয়ে পিতৃ -মাতৃ সকলক ধন্যবাদ জ্ঞাপন কৰিছে ৷ ডঃ মাৰ্টিনা টুডু আৰু অঞ্জলি এক্কাৰ সাফল্যই আদিবাসী সমাজখনক লগতে নৱ প্ৰজন্মৰ ছাত্ৰ- ছাত্ৰী সকলক উৎফুল্লিত কৰাৰ লগতে সমগ্ৰ সমাজখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ তেখেত সকলৰ সাফল্যই সমাজ জীৱনলৈ প্ৰেৰণাৰ উৎস হৈ ৰব ৷






























