Donald Trump:ভাৰত-পাক সমস্যাৰ সমাধানত মই সহায় কৰিলো, কাটাৰত ট্রাম্প

qutar

Donald Trump:

ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি তেওঁৰ বাবেই সম্ভৱপৰ হোৱা বুলি বাৰম্বাৰ দাবী কৰি আহিছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। দুই পাৰমাণৱিক শক্তিধৰ দেশক যুদ্ধবিৰতিৰ বাবে সন্মত কৰাৰ ক্ষেত্ৰত তেওঁৰ অতি গুৰুত্বপূর্ণ ভূমিকা থকা বুলিও ট্রাম্পে কৰা দাবী ভাৰতে অস্বীকাৰ কৰিছে।

ADVERTISEMENT

ট্রাম্পে পুনৰ যুদ্ধবিৰতিত তেওঁৰ ভূমিকাৰ কথা কাটাৰত উল্লেখ কৰে যদিও তেওঁৰ সুৰ যেন সলনি হৈছে। পূৰ্বতকৈ আজি ট্রাম্পৰ ভাষ্য আছিল নৰম সুৰৰ। ইমানদিনে ময়েই সম্ভৱপৰ কৰিলো বুলি দাবী কৰি অহা ট্রাম্পে আজি কাটাৰত মার্কিন সামৰিক বাহিনীক সম্বোধন কৰি কয়, ‘মই ক’ব বিচৰা নাই যে মই কৰিছিলো; কিন্তু মই সম্পূর্ণ নিশ্চিত যে পাকিস্তান আৰু ভাৰতৰ মাজত সমস্যা সমাধানত সহায় কৰিছিলো।

বিগত সপ্তাহত যেতিয়া পৰিস্থিতি অধিকৰ পৰা অধিকতৰ শত্রুতাপূর্ণ হৈছিল আৰু আকাশত হঠাতে বিভিন্ন ধৰণৰ ক্ষেপণাস্ত্ৰ উৰিবলৈ ধৰিছিল তেতিয়া আমি ইয়াক সমাধান কৰিছিলো।’ ট্রাম্পে কয় যে ভাৰত আৰু পাকিস্তান দুই দেশকে তেওঁ বাণিজ্যৰ প্ৰস্তাৱ দিছিল, এই প্রস্তাৱেই ফলদায়ক হোৱা বুলি তেওঁ ধাৰণা কৰিছে। তেওঁ এইদৰেও কয় যে ভাৰত-পাক সমস্যা সমাধান হ’লেও তাৰ স্থায়িত্ব কিমানদিন থাকিব বুলি তেওঁৰ মনত সংশয় আছিল যদিও এতিয়া তেওঁ নিশ্চিত যে সমস্যাৰ সমাধান হৈছে।

ট্রাম্পে কয়, ‘মই ভাবিছিলো যে দুদিন পাছত গম পাম যে বিষয়টোৰ সমাধান নহ’ল। কিন্তু এনে হোৱা নাই। মই ভাবো ইয়াৰ নিষ্পত্তি হৈছে।’ দুই দেশৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ অৱসান ঘটাবলৈ দেশ দুখনৰ নেতৃত্বই তেওঁক বাণিজ্যৰ প্ৰস্তাৱ দিয়া বুলি পূৰ্বৰ কথা আজিও দোহাৰি কয়, ‘আমি তেওঁলোকৰ স’তে বাণিজ্যৰ কথা পাতিছিলো। কৈছিলো যে যুদ্ধৰ বিপৰীতে আহক আমি বাণিজ্যৰ কথা পাতো আৰু পাকিন্তুন এই কথাত বৰ সুখী হৈছিল আৰু ভাৰতো অতি সুখী হৈছিল আৰু মই ভাবো যে এই পথত দুই দেশ আগবাঢ়িছে। মই যিকোনো কথাৰে সমাধান কৰিব পাৰো। মোক কৰিবলৈ দিয়ক। মোক সিহঁতক সকলোকে একলগ কৰিবলৈ দিয়ক।’

উল্লেখ্য যে ট্রাম্পে এই যুদ্ধবিৰতিক এক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক সফলতা বুলি কৈছে আৰু দাবী কৰিছে যে তেওঁ এক সম্ভাব্য পাৰমাণৱিক যুদ্ধ ৰোধ কৰিব পাৰিলে। তেওঁ আনকি ভাৰত-পাকিস্তানৰ দুই ৰাষ্ট্ৰনেতাক নৈশভোজত একেলগে বহাব পাৰি নেকি বুলিও আশা প্রকাশ কৰিছে।

Exit mobile version