Cm Meeting in Sankardev Kalakhetra :শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু কৃষি বিভাগৰ বিশেষ অনুষ্ঠান

অসমত ৫৫,০০০ গৃহ প্ৰৱেশ আৰু লখিমী মিস্ত্ৰী'ৰ শুভাৰম্ভ, অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান

MEETING MAIN

Cm Meeting in Sankardev Kalakhetra :

প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৫৫,০০০ গৃহ প্ৰৱেশ আৰু লখিমী মিস্ত্ৰী’ৰ শুভাৰম্ভ হয় শনিবাৰে ৷ মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু কৃষি বিভাগৰ উদ্যোগ আয়োজিত এক বিশেষ অনুষ্ঠানত ৫৫,০০০ হাজাৰ পিএমএজিৱাই হিতাধিকাৰীৰ গৃহ প্ৰৱেশ আৰু লখিমী মিস্ত্ৰী’ৰ শুভাৰম্ভ কৰে আৰু কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই

সভাত মুখ্য অতিথি ৰূপে উপস্থিত থকা কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে তেওঁৰ ভাষণত কয় অসমত শেহতীয়াকৈ অসমত ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ ৰাইজৰ উন্নয়ন কাম তৰিৎগতিৰে কৰি গৈছে ৷ কোনো এগৰাকী দুখীয়া লোকে যাতে পিএমএজিৱাই গৃহৰ পৰা বঞ্চিত নহয় তাৰ বাবে অসম চৰকাৰে ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে জিঅ ট্ৰেকিঙৰ ব্যৱস্থা ৷ যাৰ বাবে এতিয়াৰ পৰা বঞ্চিত নহ’ব আমাৰ গ্ৰামাঞ্চলৰ দুখীয়া লোক সকলে ৷পূৰ্বতে এই আবাস পাবলৈ হ’লে হিতাধিকাৰীৰ থাকিব নালাগিব দুচকীয়া বাহন ৷কিন্ত শেহতীয়াকৈ তেওঁ মন্ত্ৰণালয়ে এই ব্যৱস্থা বাতিল কৰাৰ ফলত এতিয়াৰ পৰা দুচকীয়া বাহন থকা সকলো দুখীয়ালোকে লাভ কৰিব পিএমএজিৱাই গৃহ ৷

আনহাতে অসমৰ ভূমি কৃষিৰ বাবে উত্তম ৷ দিনক দিনে ৰাজ্য খনত বৃদ্ধি পাইছে ধানৰ উৎপাদন ৷ আনকি তেওঁৰ মন্ত্ৰণালয়ে কৃষি গৱেষণাত ব্ৰতী হৈ থকা সকলক কৃষকৰ কাষত উপস্থিত হৈ তেওঁৰ ভূমি কৃষি কৰ্মৰ বাবে কিমান উপযোগী সেই গুণাগুণ পৰীক্ষাৰ বাবে পঠিওৱাৰ এক ব্যৱস্থা হাতত লৈছে ৷ ঈশ্বৰে দিয়া ইমান মনোমোহা প্ৰকৃতিৰ দান স্বৰূপ অসমৰ প্ৰাকৃতিক সৌন্দৰ্যই তেওঁক বৰ আকৰ্ষণ কৰিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কাজিৰঙা অভয়াৰণ্য পৰিদৰ্শন আৰু চামগুৰিত লাখপতি বাইদেউ সকলে নিজৰ দক্ষতাৰ বলত স্বাৱলম্বীয়তা নিদৰ্শন দাঙি ধৰা তেওঁলোকৰ কৰ্মদক্ষতাৰ শলাগ লয় ৷

পহলগামত পাক মদতপুষ্ঠ সন্ত্ৰাসবাদীয়ে পৰিয়ালৰ সন্মুখতে গুলীয়াই হত্যা কৰাৰ দৰে নৃশংস কাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপ ভাৰতে অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তানক সমূচিত প্ৰত্যুত্তৰ দিয়ে ৷ ভাৰতৰ তিনিদিনৰ আক্ৰমণত লেতুসেতু হৈ পিচত যুদ্ধবিৰতি কৰিবলৈ বাধ্য হয় ৷ ভাৰতীয় বায়ু সেনাই মাত্ৰ ২৫ মিনিটৰ ভিতৰত পাকিস্থানৰ কে’বাটাও সন্ত্ৰাসবাদী ঘাটি সহ পাক বায়ু সেনাৰ ঘাটি তচনচ কৰে ৷ ভাৰতীয় পৰাক্ৰমত একপ্ৰকাৰ নতশিৰ হ’বলগীয়া হোৱা পাকিস্তানৰ চৰকাৰে এতিয়া মিছাৰ আশ্ৰয় লৈ আবুল- তাবুল বকি আছে ৷

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড:শৰ্মাই কয়, কেন্দ্ৰ আৰু ৰাজ্য দ্বৈত ইঞ্জিনৰ চৰকাৰে বিগত চাৰিটাবৰ্ষত দ্ৰতগতিত উন্নয়নৰ দিশে গতি কৰিছে ৷ লাখপতি বাইদেউ পৰা অৰুনোদয় ,ধান কিনা , খৰতকীয়াভাৱে জিঅ ট্ৰেকিঙ কৰি যোগ্যজনৰ হাতত তুলি দিয়া হৈছে পিএমএজিৱাই গৃহ৷ গ্ৰামাঞ্চলৰ ৰাষ্টাঘাট, দলং নিৰ্মাণ হোৱাৰ পিছত ৰাইজ যথেষ্ট উপকৃত হৈছে ৷সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ পিছত জুলাই ভিতৰতে নিৰ্বাচিত জন প্ৰতিধিৰ হাতত গতাই দিয়া হ’ব গ্ৰামাঞ্চলৰ উন্নয়নৰ দায়িত্ব ৷ সভাত ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা সহ কে’বা গৰাকী বিধায়ক সহ উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত থাকে ৷

Exit mobile version