Tea production declined in Assam:চলিত বছৰৰ প্ৰথম তিনি মাহত চাহৰ উৎপাদন হ্রাস পালে অসমত

সর্বাধিক বাগিচা-উৎপাদনৰো অভিলেখ থাকিও প্রত্যাহ্বানত অসমৰ চাহ উদ্যোগ

tea

Tea production declined in Assam:

অসমত চাহ উদ্যোগে বিভিন্ন দিশেৰে সংকটৰ সম্মুখীন হোৱাৰ লগতে উৎপাদনতো প্রত্যাহ্বানৰ সন্মুখীন হৈছে। অসমেই ভাৰতৰ সৰ্বাধিক চাহ উৎপাদন কৰা ৰাজ্যৰ পৰিচয় বহন কৰি আহিছে। তেনেস্থলত অসমত চাহৰ উৎপাদন বিগত কে’বা বছৰৰ পৰা ক্ৰমে নিম্নগামী হৈ আহিছে। শেহতীয়াকৈ চলিত বৰ্ষৰ প্ৰথম তিনি মাহৰ উৎপাদনৰ তথ্য পোহৰলৈ আনিছে উত্তৰ-পূৰ্বাঞ্চল চাহ সন্থা আৰু চাহ ব’র্ডে।

ADVERTISEMENT

জানুৱাৰীৰ পৰা মাৰ্চলৈ এই তিনি মাহত দেশৰ চাহ উৎপাদন কৰা ৰাজ্যবোৰৰ ভিতৰত অসমত আটাইতকৈ কম পৰিমাণৰ উৎপাদন হয়। অসমত এই সময়ছোৱাত উৎপাদন হোৱা চাহৰ পৰিমাণ ২৮.৯৩ নিযুত কিলোগ্রাম। ইয়াৰ বিপৰীতে পশ্চিমবংগত উৎপাদন হয় ২৯.৯৪ নিযুত কিলোগ্রাম। উত্তৰ ভাৰতৰ ৰাজ্যকেইখনত উৎপাদন হয় ৬০.৪৪ নিযুত কিলোগ্রাম। দক্ষিণ ভাৰতত উৎপাদন হয় ৪৭.৪৮ নিযুত কিলোগ্রাম।

অসমতে দেশৰ ভিতৰত সর্বাধিক সংখ্যক চাহ বাগিচা আছে। অসমৰ পাছতে অধিক চাহ বাগিচা আছে পশ্চিমবংগত। মূলতঃ দার্জিলিং আৰু জলপাইগুৰি জিলাত এই বাগিচাবোৰ অৱস্থিত। ইপিনে, উত্তৰ ভাৰতৰ অন্তর্ভুক্ত চাহ উৎপাদন কৰা ৰাজ্য দুখন হ’ল হিমাচল প্রদেশ আৰু উত্তৰাখণ্ড। অসমত আঠ শতাধিক বাগিচা থকাৰ বিপৰীতে হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডত কম সংখ্যক বাগিচা আছে।

আনহাতে, দক্ষিণ ভাৰতৰ চাহ উৎপাদন কৰা ৰাজ্যকেইখন হ’ল তামিলনাডু, কেৰালা আৰু কৰ্ণাটক। ইয়াৰ ভিতৰত তামিলনাডুতে সর্বাধিক চাহ বাগিচা আছে। লক্ষ্যণীয়ভারে এইবাৰ সৰ্বভাৰতীয় পৰ্যায়ত চলিত বৰ্ষৰ প্ৰথম তিনি মাহত ২০২৪ৰ তুলনাত অধিক পৰিমাণৰ চাহ উৎপাদন হয়। যোৱা বছৰ জানুৱাৰীৰ পৰা মাৰ্চলৈ ভাৰতত উৎপাদন হোৱা মুঠ চাহৰ পৰিমাণ আছিল ৯৮.১৬ নিযুত কিলোগ্রাম।

ইয়াৰ বিপৰীতে এই বছৰ উৎপাদন বৃদ্ধি হয় ১০৭.৯২ নিযুত কিলোগ্রামলৈ। দুর্ভাগ্যজনকভাৱে সর্বাধিক বাগিচা আৰু সর্বোচ্চ উৎপাদনৰ খ্যাতি থাকিও ভাৰতৰ মুঠ উৎপাদনলৈ অসমে আটাইতকৈ কম পৰিমাণৰ চাহহে যোগান ধৰিবলৈ সক্ষম হয়। জলবায়ুৰ ব্যাপক পৰিৱৰ্তন, চাহগছৰ বেমাৰ, কীট-পতংগৰ আক্ৰমণ আৰু ইয়াৰ বিপৰীতে উপযুক্ত সাৰৰ অভাৱে ৰাজ্যখনত চাহৰ উৎপাদনত প্রভাৱ পেলোৱা বুলি মন্তব্য কৰে উত্তৰ-পূৰ্বাঞ্চল চাহ সন্থাৰ উপদেষ্ট বিদ্যানন্দ বৰকাকতিয়ে।

Exit mobile version