নিয়ম ভাঙি ডিনাৰ টেবুলত পুৰীৰ মহাপ্রসাদ পৰিৱেশন কৰিছে পুৰোহিতে !

IMG 20250518 143400

Puri Jagannath Temple: নিয়ম ভংগ কৰি ডিনাৰ টেবুলত পুৰীৰ মহাপ্ৰসাদ পৰিৱেশন কৰিলে খোদ মন্দিৰৰ পুৰোহিতে ! ওড়িশাত এনে এটা ঘটনা পোহৰলৈ অহাৰ লগে লগে আৰম্ভ হৈছে বিতৰ্ক।

মন্দিৰ কৰ্তৃপক্ষই ইতিমধ্যে পুৰিৰ সকলো হোটেলকে ভৱিষ্যতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সকীয়াই দিছে।

সম্প্ৰতি ছ”চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ য’ত পুৰীৰ এখন হোটেলৰ ডিনাৰ টেবুলত এটা দহজনীয়া পৰিয়াল বহি থকা দেখা যায় আৰু তাতে এজন পুৰোহিতে তেওঁলোকক প্লেটত মন্দিৰৰ মহাপ্ৰসাদ পৰিবেশন কৰিছে।

ইয়াৰ পাছতে ভিডিঅ’টোত এজন অচিনাকি ডেকা আহি পুৰোহিতৰ লগত কথা পতাও দেখিবলৈ পোৱা গৈছে । যুৱকজনে সুধিছে, তেওঁ কেনেকৈ এইটো হ’বলৈ দিলে? অৱশ্যে পৰিয়ালৱে তেতিয়ালৈকে তাত খাইয়ে আছিল।

এই ভিডিঅ’টো প্ৰকাশ্যেলৈ অহাৰ পাছতে আৰম্ভ হ’ল বিতৰ্কৰ। প্ৰশ্ন উত্থাপন হয়, সেই পৰিয়ালটোৱে হোটেলৰ ডিনাৰ টেবুলত বহি কেনেকৈ মহাপ্ৰসাদ খাব পাৰে, য’ত এই প্ৰসাদ মাটিত বহি খোৱা হয়?

আনকি পুৰোহিতজনকো জেৰা কৰা হৈছে। সমগ্ৰ বিষয়টো মন্দিৰ কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে তেওঁলোকে এক বিবৃতি প্ৰকাশ কৰে।

য’ত কোৱা হৈছে, “টেবুলত বহি মহাপ্ৰসাদ খোৱাটো পৰম্পৰাৰ বিৰুদ্ধে।” ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিছো। ইয়াৰ ফলত কোটি কোটি ভক্তৰ আৱেগক আঘাত হানিছে।’

বিবৃতিটোত আৰু কোৱা হৈছে যে অতীজৰে পৰা মাটিত বহি মহাপ্ৰসাদ খোৱাৰ প্ৰথা মানি চলি আহিছে।গতিকে সকলো ভক্তকে এই পৰম্পৰা ভংগ নকৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো।”

Exit mobile version