Book Release:আজি আবেলি চাৰি বজাত গুৱাহাটীৰ গণেশগুৰিস্থিত নেড্ফি হাউচ প্ৰেক্ষাগৃত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীৰ জীৱন চানেকিৰ প্ৰতিফলন ঘটা “দাপোণত মোৰ পৃথিৱী” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়৷
গ্ৰন্থখন প্ৰকাশ কৰিছে সৃষ্টি প্ৰকাশৰ হৈ অজিত কুমাৰ ৰায়ে৷ উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাজনৈতিক বিশ্লেষক লেখক ড° ৰাজেন শইকীয়া, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যশস্বী পৰিচালক জাহ্নু বৰুৱা,অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়া, আৰোহণ ন্যাসৰ মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়া, বিশিষ্ট চকু চিকিৎসক ড° হৰ্ষ ভট্টাচাৰ্য,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সূৰ্যকান্ত হাজৰিকা আৰু বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে গ্ৰন্থখন উন্মোচন কৰি পাঠক-ৰাইজৰ বাবে আগবঢ়াই দিয়াৰ লগতে সাৰগৰ্ভ বক্তব্য প্ৰদান কৰে৷ অভিনেতা কপিল বৰাই আঁত ধৰা সভাখনত ভালেসংখ্যক গণ্য মান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
অনুষ্ঠানৰ আৰম্ভণিতে অভিনেত্ৰী নিশিতা গোস্বামী আৰু নিমিশা গোস্বামীয়ে ফিৰিঙতি চলচ্চিত্ৰৰ ‘আজি মনৰ আকাশত উৰি ফুৰা’ শীৰ্ষক গীতটি দ্বৈতকণ্ঠত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷তেওঁলোকক গীতটি পৰিৱেশনত সহায় কৰে মলয়া গোস্বামীৰ সৰু জোঁৱাই আদিত্য সিঙে৷ জাগীৰোড মহাবিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত
অধ্যাপিকা হিচাপেও কৰ্মজীৱনত জনপ্ৰিয়তা অৰ্জন কৰা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট অভিনেত্ৰী গৰাকীয়ে খুবেই সুন্দৰকৈ নিজৰ বক্তব্য প্ৰদান কৰি তেওঁৰ কৰ্মজীৱনত আৰু গ্ৰন্থখন লিখা তথা প্ৰকাশত সহায় কৰা কেবাগৰাকীও ব্যক্তিক কৃতজ্ঞতা প্ৰকাশৰে শলাগ জ্ঞাপন কৰে৷
অভিনেত্ৰীগৰাকীয়ে অনুষ্ঠানত উপস্থিত সকলো ব্যক্তিকে কৃতজ্ঞতা জনায় গ্ৰন্থখন পাঠক সমাজে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে৷
উল্লেখযোগ্য যে ”দাপোণত মোৰ পৃথিৱী ” শীৰ্ষক গ্ৰন্থখনত কলং -কপিলী লুইতৰ উপকণ্ঠত জীৱনৰ গান,শিল্পীসত্তাৰ বিচাৰ,এলবামৰ পৰা সোণালী চয়ন যশোভাগ্য অভিনয় চলচ্চিত্ৰৰ বুলনি চ’ৰাত,কেইখনমান আপুৰুগীয়া আলোকচিত্ৰ স্মৰণীয় বৰণীয়,ঘৰুৱা আৱহ,ৰাগ-অনুৰাগৰ দস্তাবেজ,শিক্ষাচিন্তা,নাটকৰ পৃথিৱীত,কুণ্ঠিতচিত্তে ভাষণ আৰু ভূষণ,প্ৰেৰণাময় স্মৃতিৰ সঁফুৰা আদি কেবাটাও অধ্যায়ত
মলয়া গোস্বামীয়ে লিখা লেখাসমূহৰ লগতে আন কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে মলয়া গোস্বামীৰ জীৱন আৰু অভিনয় জীৱন,কৰ্মজীৱনক কেন্দ্ৰ কৰি লিখা বহুকেইটা সুন্দৰ লেখা সন্নিৱিষ্ট হৈছে৷যশস্বী অভিনেত্ৰী গৰাকীয়ে উক্ত গ্ৰন্থখন তেখেতৰ পৰম পূজনীয় পিতৃ কৈলাশ ৰাজখোৱা আৰু মাতৃ পুতলী ৰাজখোৱাৰ সজল স্মৃতিত উছৰ্গা কৰিছে৷
৫৫৯পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ গ্ৰন্থখনত অসমীয়া আৰু ইংৰাজী ভাষাত গুৰুত্বপূৰ্ণ কেবাটাও লেখা আৰু বহু আপুৰুগীয়া ফ’টোগ্ৰাফ. সন্নিৱিষ্ট কৰা হৈছে যিসমূহ পঢ়ি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰপ্ৰাপ্ত স্বনামধন্য অভিনেত্ৰী গৰাকীৰ বিষয়ে বহু তথ্য লাভ কৰিব পৰা যাব৷