Admission to medical with fake caste certificate:
চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনত বিগত শিক্ষাবর্ষসমূহৰ দৰেই ২০২৪-২৫ শিক্ষা বৰ্ষতো ভুৱা প্রার্থীয়ে মেডিকেল পাঠ্যক্রমত শিক্ষাগ্রহণ কৰি থকাৰ তথ্য উন্মোচিত কৰি অসম চাহ জনজাতি ছাত্র সন্থা (আটছা)ই ইয়াত চৰকাৰী পক্ষৰ পৃষ্ঠপোষকতাতে এক বৃহৎ ক’লা বজাৰ গঢ়ি উঠাৰ অভিযোগ উত্থাপন কৰিছে।
ইয়াত আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাই এক সংবাদমেলত ভুৱা জাতিগত প্ৰমাণপত্ৰৰে আসন দখল কৰি থকাসকলৰ নাম ৰাজহুৱা কৰি দুর্নীতি-অন্যায়ৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ দাবী কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে। তেওঁ কয়, ‘২০২৪-২০২৫ শিক্ষাবর্ষত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি থকা শিক্ষার্থীসকলৰ ক্ষেত্রত আটছাই লক্ষ্য কৰিছে যে এই শিক্ষা ব্যৱস্থাত চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসনত বহুকেইগৰাকী ভুৱা প্ৰাৰ্থী। তেতিয়াই এই বিষয়টোক লৈ সংশ্লিষ্ট প্রতিটো বিভাগলৈ পত্ৰ প্ৰেৰণ কৰি স্পষ্ট কৰি দিয়া হৈছিল এইসকল চাহ জনগোষ্ঠীৰ শিক্ষার্থী নহয়।
এই অভিযোগৰ ভিত্তিত ৰাজ্যিক পৰ্যায়ৰ জাতিগত প্রমাণপত্ৰ পুনৰীক্ষণ সমিতি আৰু জিলা আয়ুক্তই স্পষ্ট কৰে যে আমি অভিযোগ দিয়া প্রার্থীসকলে দাখিল কৰা জাতিগত প্রমাণপত্র ভুৱা।’ তেওঁ পুনৰ কয়, ‘সেই অনুসৰি ৰাজ্যিক পৰ্যায়ৰ জাতিগত প্ৰমাণপত্ৰ পুনৰীক্ষণ সমিতিয়ে চলিত বৰ্ষৰ পহিলা ফেব্ৰুৱাৰীত এক নির্দেশনা জাৰি কৰে যে চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসনত অধ্যয়ন কৰি থকা গোলাঘাটৰ অবিনাশ সিং কৌৰি নামৰ ছাত্ৰজনে দাখিল কৰা জাতিগত প্রমাণপত্র ভুৱা।
দুর্ভাগ্যজনকভাবে এই ছাত্রজনে এতিয়াও মেডিকেল শিক্ষা গ্রহণ কৰি আছে। এই ক্ষেত্রত সংশ্লিষ্ট বিভাগ আৰু আমাৰ চৰকাৰী অধিবক্তাই কোনো ব্যবস্থা গ্রহণ কৰা নাই।’ আটছাৰ সভাপতিজনে পুনৰ কয় যে একেদৰে চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসনত অধ্যয়ন কৰি থকা নগাঁৱৰ ছাইনী ভূঞা নামৰ শিক্ষাৰ্থী গৰাকীয়ে ভুৱা জাতিগত প্রমাণপত্র দাখিল কৰিছিল। যোৱা ১১ ফেব্ৰুৱাৰীত নগাঁও জিলা আযুক্তই স্পষ্ট কৰি দিয়ে যে ছাত্ৰীগৰাকীয়ে দাখিল কৰা জাতিগত প্রমাণপত্র ভুৱা আৰু তেওঁ চাহ জনগোষ্ঠীৰ লোক নহয়। একেদৰে শোণিতপুৰৰ কীৰ্তিকা কৌৰি, লখিমপুৰৰ জ্যোতি যাদৱ, গোলাঘাটৰ হিৰণময়ী মণ্ডলে ভুৱা জাতিগত প্রমাণপত্র লৈ চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসন দখল কৰি অধ্যয়ন কৰি আছে।’
গোৱালাই এই সমগ্ৰ ব্যৱস্থাটোত এক বৃহৎ ক’লা বজাৰ গঢ় লৈ উঠিছে আৰু প্ৰকৃত শিক্ষার্থক বঞ্চিত কৰা হৈছে বুলি উল্লেখ কৰি লগতে কয়, ‘এই সমগ্ৰ ব্যৱস্থাটোত দেখা গৈছে যে যিগৰাকী চৰকাৰ অধিবক্তা আছে, যিয়ে আমাৰ প্ৰকৃত প্রার্থী নির্বাচনত পদক্ষেপ গ্রহণ কৰিব লাগে; তেওঁ আদালতে ভুৱা জাতিগত প্রমাণপত্ৰধাৰী প্ৰাৰ্থীক ৰক্ষণাবেক্ষণ দিয়াহে দেখা গৈছে। এই সমগ্র ঘটনাত এক বৃহৎ চক্র জড়িত। এয়া এক ডাঙৰ ব্যৱসায়।
কিয়নো ব্যক্তিগত খণ্ডত যদি কোনোৱে মেডিকেল শিক্ষা গ্রহণ কৰিবলৈ যায়, প্রায় কোটি টকা খৰচ হয়; কিন্তু চৰকাৰী এখন মহাবিদ্যালয়ত সামান্য খৰচত এই শিক্ষা গ্রহণ কৰিব পাৰে। যিসকলে ভুৱা জাতিগত প্রমাণপত্র লৈ শিক্ষাগ্রহণ কৰিছে, তেওঁলোকৰ অভিভাৱকসকল দুখীয়া নহয়, তেওঁলোক ধনী মানুহ। সেয়ে তেওঁলোকে চৰকাৰী অধিবক্তাক মেনেজ কৰি ভুৱা জাতিগত প্রমাণপত্র লৈ চাহ জনগোষ্ঠ সংৰক্ষিত আসন দখল কৰি শিক্ষা গ্রহণ কৰিছে।’ উল্লেখ্য যে জিলা আয়ুক্ত, ৰাজ্যিক পৰ্যায়ৰ জাতিগত প্রমাণপত্র পুনৰীক্ষণ সমিতিয়ে যেতিয়া এইসকল প্রার্থীৰ জাতিগত প্রমাণপত্ৰসমূহ ভুৱা বুলি স্পষ্ট কৰিছে,
তাৰ পাহতো এইসকল শিক্ষাৰ্থীৰ বিৰুদ্ধে চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি আটাছাৰ সভাপতিজনে প্রশ্ন তুলি এই চক্ৰটোৰ স’তে বহু চৰকাৰী বিষয়া জড়িত থকাৰ সন্দেহ প্রকাশ কৰে। লগতে তেওঁ কয়, ‘ভুৱা জাতিগত প্রমাণপত্র বুলি স্পষ্ট হোৱাৰ পাছতো আদালতে সংশ্লিষ্ট আসনৰ পৰা প্ৰাৰ্থীসকলক বৰ্খাস্ত কৰা নাই, বৰঞ্চ পাঠ্যক্রম শেষ কৰিবলৈ সুবিধা প্রদান কৰা হৈছে। এইক্ষেত্ৰত চৰকাৰী অধিবক্তাজনে সবল ভূমিকা লৈছে।
অর্থাৎ এই সমগ্র ব্যৱস্থাটোত এচামে দালালি কৰি আৰু ধনৰ জৰিয়তে জাতি ক্রয় বিক্রয় কবি প্রকৃত শিক্ষার্থীক মেডিকেল শিক্ষাৰ পৰা বঞ্চিত কৰি আহিছে।’ লগতে তেওঁ ভুৱা জাতিগত প্রমাণপত্র দিয়াসকলৰ বিৰুদ্ধে আৰক্ষী-প্রশাসনে কিয় বিহিত ব্যৱস্থা ল’বলৈ সাহস কৰা নাই বুলিও প্রশ্ন উত্থাপন কৰে আৰু ১০ দিনৰ ভিতৰত ভুৱা প্ৰাৰ্থী আৰু এই চক্ৰৰ স’তে জড়িতসকলৰ বিৰুদ্ধে ব্যবস্থা গ্রহণ নকৰিলে ৰাজ্যজুৰি আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
ইয়াৰ উপৰি ইলেক্ট্রিকেল ইঞ্জিনিয়াৰিঙৰ চাহ জনগোষ্ঠ সংৰক্ষিত পদত প্ৰণৱজ্যোতি নাথ আৰু অংকুৰ ভট্টাচাৰ্যই নিযুক্তি লাভ কৰিছে। এতিয়া প্রশ্ন হ’ল ইয়াত কোনজন চাহ জনগোষ্ঠীৰ শিক্ষার্থী? অসমৰ কোনজন চৰকাৰী বিষয়াই নাজানে যে গগৈ-ফুকন তথা উল্লিখিত উপাধিধাৰী চাহ জনগোষ্ঠীৰ লোক নহয়? তাতে ইয়াৰ নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ হৈছে নাৰায়ণ কোঁৱৰ, যিজন পূৰ্বতে চাহ জনগোষ্ঠীৰ বিভাগৰ দায়িত্বত আছিল। কোঁৱৰে নাজানে নেকি গণে আৰু ফুকন চাহ জনগোষ্ঠীৰ লোক নহয় বুলি? যদি জানে চাহ জনগোষ্ঠীৰ আসনত এই সকলকে কিদৰে পলে?’
যদি প্রতিবাৰেই চাহ জনগোষ্ঠীৰ প্ৰকৃত প্রার্থীসকল বঞ্চিত হ’ব লগা হয়, চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষণ থকা কিবা লাভ আছে নেকি বুলি প্রশ্ন কৰি আটাছাৰ সভাপতি গোৱালাই কয়, ‘তিনি শতাংশ সংৰক্ষণ, চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰা বুলি কৈ, চাহ জনগোষ্ঠীক লৈ চিন্তা কৰে বুলি কৈ চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসনত গগৈ-ফুকনক আসন দিব, সেয়া কেতিয়াও মানি লোৱা নহ’ব। ইমান ব্যাপক বিসংগতি কিদৰে হ’ব পাৰে, চৰকাৰে স্পষ্ট কৰক আৰু ব্যৱস্থা গ্রহণ কৰক।’ উল্লেখ্য যে মুখ্যমন্ত্রীয়ে কেবল মুখেৰে চাহ জনগোষ্ঠীৰ উন্নয়নৰ কথা, চাহ জনগোষ্ঠীক লৈ চিন্তিত বুলি ক’লেই নহ’ব, এনে হৈ থাকিলে বাস্তৱত একো নহয়। এই ক্ষেত্রত জনগোষ্ঠীটোৰ পৰা প্রতিনিধিত্ব কৰা মন্ত্রী-বিধায়কসকলৰ মৌনতাক লৈও তেওঁ প্রশ্ন উত্থাপন কৰে।
