Operation Sindoor: অপাৰেচন সিন্দূৰৰ সফলতাক ৰাজনৈতিক অপপ্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে নৰেন্দ্ৰ মোডী চৰকাৰে। অভিযানৰ পাছৰে পৰা বাৰে বাৰে উত্থাপন হৈ আহিছে এই অভিযোগ।
এইবাৰ ৰেলৰ টিকটত অপাৰেচন সিন্দূৰক ব্যৱহাৰ কৰি প্ৰকৃততে ভাৰতীয় সেনাবাহিনীক পণ্য হিচাপে প্ৰচাৰ কৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে ।
এনে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। এই বিষয়টোক লৈ দেশৰ বিভিন্ন প্ৰান্তত অসন্তুষ্টি আৰু বিতৰ্কৰ সৃষ্টি হৈছে।
ইয়াৰ পূৰ্বে মোডীৰ ছবি ক’ভিড টিকাকৰণৰ সংসাপত্ৰ (Covid vaccination certificate)ত থকাক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল।
এই সন্দৰ্ভত আজি মধ্যপ্ৰদেশ বিধানসভাৰ বিৰোধী দলপতি উমাং সিংহাৰে ছ’চিয়েল মিডিয়াত ৰে’লৱেৰ ই-টিকটৰ এখন ছবি প’ষ্ট কৰে।
ভোপাল জংচনৰ পৰা নাচিক ৰোডলৈ চি এছ এম টি ৰাজধানী এক্সপ্ৰেছৰ টিকটৰ পৰা দেখা যায় যে অপাৰেচন সিন্দূৰৰ সফলতাৰ কথা উল্লেখ কৰা হৈছে।আছে প্ৰধানমন্ত্ৰীৰ ছবিও।তেওঁ চেলুট কৰিছে।
টিকটত যি লিখা আছে তাৰ অৰ্থ হ’ল অপাৰেচন সিন্দূৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত এক নতুন পদক্ষেপৰ সূচনা কৰিছে। এটা নতুন যুগ আৰম্ভ হৈছে।
এই সমগ্ৰ প্ৰক্ৰিয়াৰ বিৰোধিতাত সৰৱ হৈ পৰিছে কংগ্ৰেছ। মধ্যপ্ৰদেশৰ বিৰোধী দলনেতাৰ অভিযোগ,”ভাৰতীয় সেনাবাহিনীৰ যি গৌৰৱ আৰু পৰম্পৰাক আছে,সেইয়া এজনৰ ৰাজনৈতিক কেৰিয়াৰ উজ্বল কৰিবলৈ পণ্যৰ দৰে বিক্ৰী কৰা হৈছে ।কেন্দ্রীয় চৰকাৰ অপাৰেচন সিন্দূৰক লৈ কিমান প্রচাৰৰ লোভী হৈ পৰিছে তাৰ শেহতীয়া উদাহৰণ এয়া৷ প্ৰধানমন্ত্ৰীৰ প্ৰচাৰৰ উদ্দেশ্য ৰেলৰ টিকটত অপাৰেচন সিন্দূৰক ব্যৱহাৰ কৰা হৈছে।”
তৃণমূল ৰাজ্যসভাৰ সাংসদ সুষমিতা দেৱে কয়, কৰ’না কালৰ ঘটনাটো মনত পৰি গ’ল। সেই সময়ত ভেকচিনৰ প্ৰমাণ পত্ৰত নৰেন্দ্ৰ মোদীৰ ফটো দি প্ৰচাৰ কৰিছিল।
কংগ্ৰেছ নেতা উমাং সিংহাৰ দাবী,”নৰেন্দ্ৰ মোদীয়ে ইয়াৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰত ভাৰতীয় সেনাৰ কেবাটাও সফলতা ব্যৱহাৰ কৰিছিল।” এই সন্দৰ্ভত ৰে’লৱে ব’ৰ্ডে কোনো মন্তব্য কৰা নাই।