Dibrugarh Petral Pump:
পেট্ৰলৰ পৰিৱৰ্তে লিটাৰে লিটাৰে ওলাল পানী ৷ এই ঘটনা সংঘটিত হয় ডিব্ৰুগড়ৰ এটা পেট্ৰল পাম্পত ৷ যাৰবাবে ডিব্ৰুগড় জিলাৰ খাদ্য অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শনকাৰী দলে ছীল কৰিলে High Speed Diesel” সামগ্ৰীৰ খুচুৰা বিক্ৰী কেন্দ্ৰ M/S SHAH REFUELING STATION প্ৰতিষ্ঠানটি ৷
উল্লেখ্য যে মঙলবাৰে উক্ত পেট্ৰল পাম্পত নিশা একাংশ গ্ৰাহকে নিজৰ বাহনত পেট্ৰল ভৰোৱাৰ পিছত অৰ্ধ শতাধিক বাহন হৈ পৰে বিকল ৷ ইয়াৰ পিচতে পেট্ৰল পাম্পটোত একাংশ গ্ৰাহকে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও সচেতন লোকৰ হস্তক্ষেপত শান্ত হয় ৷ ক্ষুব্ধ গ্ৰাহকে সমগ্ৰ বিষয়টো দৃষ্টিগোচৰ কৰে জিলা আয়ুক্তৰ ৷
অৱশেষত আজি ডিব্রুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী নিৰ্দেশমৰ্মে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে পেট্ৰলজাত উৎপাদিত সামগ্ৰীৰ ভেজালকৰণৰ বিৰুদ্ধে লগতে গ্ৰাহকে যাতে উচিত পৰিমানত পেট্ৰল- ডিজেল লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ পেট্ৰল-ডিজেল পাম্পসমূহত এক অভিযান চলাই ৷
মনকৰিবলগীয়া যে,বঙালগাওস্থিত M/S SHAH REFUELING STATION প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে “Assam Trad Articles Order 1982″ৰ অধীনত অনুজ্ঞাপত্ৰ, “Fire Fighting”ৰ প্ৰমাণপত্ৰ তথা অন্যান্য যাৱতীয় নথিপত্র বিভাগীয় পৰিদৰ্শনকাৰী দলটোৰ আগত প্ৰদৰ্শন কৰাত ব্যাৰ্থ হয়। ফলশ্ৰুতিত পৰিদৰ্শনকাৰী দলটোয়ে ছীল কৰাৰ লগতে যাৱতীয় নথি প্ৰদৰ্শন নকৰালৈকে প্ৰতিষ্ঠানটোৰ পৰিচালনাত নিষেধাজ্ঞা জাৰি কৰে |