Guwahati Suicide Incident:
পুত্ৰৰ সংস্থাপনহীনতাত হতাশাগ্ৰস্ত এজন পিতৃয়ে ল’লে চৰম সিদ্ধান্ত ৷ মুখ্যমন্ত্ৰীলৈ উদ্দেশ্য কৰি এটা টোকা লিখি চলন্ত ফেৰীৰ পৰা জাঁপ দিলে বৰলুইতত ৷এই শোকাৱহ ঘটনা সংঘটিত হয় বৃহস্পতিবাৰে মহানগৰীৰ ফাঁচী বজাৰ ঘাটত ৷গুৱাহাটী-উত্তৰ গুৱাহাটী ৰজাদুৱাৰ অভিমুখী গৈ থকা ‘এম ভি ভাগিৰথী’ যাত্ৰীবাহী ফেৰীৰ পৰা হঠাতে এজন লোকে ব্ৰক্ষ্মপুত্ৰৰ বুকুলৈ দিয়ে জাপ ৷
অনাকাংক্ষিত ঘটনাৰ পাচত আন যাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগে। লোকজনে ফেৰীত এৰি থৈ গৈছে এখন চিঠি, এযোৰ চেণ্ডেল আৰু নগদ ২৫০ টকা। আনহাতে ঘটনাৰ খবৰ লাভ কৰাৰ পিচতে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফৰ দল উপস্থিত হয় ৷ উদ্ধাৰ হোৱা চিঠিখন অনুসৰি লোকজন নলবাৰী জিলাৰ দাহুদী গাঁৱৰ গোলোক ৰাজবংশী বুলি নিশ্চিত হয় আৰক্ষী ৷