Nagaon Fire Incident:
নগাঁৱৰ চহৰৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড ৷ শনিবাৰে সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি লয় অমৰুণ খাতুন নামৰ মহিলা এগৰাকী ৷
জেইল ৰোডৰ কাছেম নামৰ দৰ্জী দোকান খনত দ হঠাতে সংঘটিত হয় অগ্নিকাণ্ড ৷ মুহূৰ্ততে জুয়ে আগুৰি ধৰে দোকান সহ এটা বাসগৃহ ৷ অগ্নিকাণ্ডৰ পিছতে লাগে হুৱাদুৱা ৷ বাসগৃহ থকা লোকসকল সুকলমে ওলাই আহিবলৈ সক্ষম হয় যদিও অমৰুণ খাতুন নামৰ মহিলা গৰাকীয়ে প্ৰাণৰ মমতাত বিছনা এখনৰ তলত সোমাই পৰে ৷ আনহাতে ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হোৱা দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে অশেষ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে জুইত বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ অগ্নিদগ্ধ বাসগৃহটোৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে অমৰুণ খাতুন নামৰ মহিলা গৰাকীৰ নিথৰ দেহ ৷
সন্দেহ কৰা মতে জুইৰ ধোৱাই আবৰি ধৰাত অক্সিজেনৰ অভাৱতে শোকাৱহ মৃত্যুক সাবটি লয় দুৰ্ভগীয়া মহিলা গৰাকী ৷ কাছেম নামৰ দৰ্জী দোকানত শ্বৰ্ট-চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈছিল বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷