Nalbari::উৎকট গৰম-ঠেলা-হেঁচাত মুখ্যমন্ত্ৰীৰ সভাত ঢলি পৰিল কমেও ২৫ মহিলা
মুখ্যমন্ত্ৰীৰ সভাত অংশ লৈ ঘৰলৈ ওভতা মহিলাৰ মৃত্যু, মৃত মহিলাগৰাকী নলবাৰী বাঁহজানী বুদ্ৰকুছিৰ ৫ কন্যা সন্তানৰ মাতৃ সৰলা দেৱী
মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰা নলবাৰীৰ ঘগ্ৰাপাৰৰ সভাত সভাত অংশ লৈ ঘৰলৈ ওভতা এগৰাকী মহিলাৰ মৃত্যু হয় । মৃত্যু হোৱা মহিলাগৰাকী নলবাৰী বাঁহজানী বুদ্ৰকুছিৰ ৫ কন্যা সন্তানৰ মাতৃ সৰলা দেৱী। ৰোগাক্রান্ত দেহাৰে মুখ্যমন্ত্ৰীৰ সভালৈ গৈছিল মহিলা গৰাকী।
আনহাতে একেই সভাত অংশ লৈ সভাস্থলীতে কমেও ২৫ গৰাকী মহিলা মূর্ছা যায়। উৎকট গৰম আৰু প্রচণ্ড হেঁচা-ঠেলাৰ ফলত এই মহিলাসকলৰ মূৰ ঘূৰণি হোৱাৰ লগতে বমি কৰিবলৈ ধৰে। লগে লগে আক্রান্ত মহিলাকেইগৰাকীক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰা হয়।
এই আক্রান্ত মহিলাসকলৰ অন্যতম হ’ল প্রতিমা দাস (নলবাৰী), নুৰজাহান বেগম (মুগকুছি), ছুফিয়া বেগম (ধমধমা), কবিতা বৈশ্য (জাপাৰকুছি), আনোৱাৰা বিবি (খাতিকুছি), জিন্টি দাস (গোপাল থান), ৰুণু দাস (বৰ আজাৰা), বাসন্তি কলিতা (সন্ধা), পুতলী দাস (বৰাজোল), অৰ্চনা মালাকৰ (নলবাৰী), দীপিকা দেৱী (নলবাৰী), নিৰু দাস (বৰাজোল) আদি। চিকিৎসা গ্ৰহণৰ পাছত সুস্থ হৈ মহিলাসকল ঘৰলৈ উভতি যায় বুলি সূত্রই জনায়।
উল্লেখ্য যে এই আঁচনিৰ পৰা বঞ্চিত হোৱা স্থানীয় একাংশ মহিলা গোটে বিগত কিছুদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আজি মুখ্যমন্ত্রীয়ে সভাত দিয়া ভাষণত এই বঞ্চিত মহিলাসকলক লৈ এটাও শব্দ উচ্চাৰণ নকৰিলে।






























