Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Trump bans foreigners from enrolling at Harvard University:হার্ভার্ড বিশ্ববিদ্যালয়ত বিদেশীৰ নামভর্তিত নিষেধাজ্ঞা: ভাৰতকে ধৰি ১৪০ দেশৰ শিক্ষাৰ্থীৰ মাজত হাহাকাৰ

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ আৰু এক বিতর্কিত পদক্ষেপ,সাময়িক স্থগিতাদেশ আদালতৰ, চীন-ইৰানৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগ

publisher by publisher
May 24, 2025
in News, India
Reading Time: 4 mins read
0
Trump bans foreigners from enrolling at Harvard University:হার্ভার্ড বিশ্ববিদ্যালয়ত বিদেশীৰ নামভর্তিত নিষেধাজ্ঞা: ভাৰতকে ধৰি ১৪০ দেশৰ শিক্ষাৰ্থীৰ মাজত হাহাকাৰ
1
SHARES
8
VIEWS
ShareShareShareShare

Trump bans foreigners from enrolling at Harvard University:

দ্বিতীয়বাৰৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত হোৱাৰ পিছৰে পৰা ডনাল্ড ট্ৰাম্পৰ কেতবোৰ বিতৰ্কিত সিদ্ধান্তই সমগ্ৰ বিশ্ববাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ বিশেষকৈ বন্ধু ৰাষ্ট্ৰ বুলি কোৱা ভাৰতৰ বিৰুদ্ধে শেহতীয়াকৈ লৈছে নেতিবাচক পদক্ষেপ ৷

ADVERTISEMENT

এইবাৰ পুনৰ হার্ভার্ড বিশ্ববিদ্যালয় কর্তৃপক্ষৰে প্ৰত্যক্ষ সংঘাতত নামিল ট্রাম্প প্রশাসন। বিশ্বৰ আগশাৰীৰ এই প্রসিদ্ধ বিশ্ববিদ্যালয়খন দেশ বিৰোধী কার্যত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰি ট্রাম্প প্রশাসনে এক কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞাই ভাৰতকে ধৰি বিশ্বৰ অগণন মেধাৱী ছাত্র-ছাত্রীৰ হার্ভার্ড বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণৰ সপোন পূৰণ নোহোৱাৰ আশংকা প্রকট কৰিছে।

RelatedPosts

 India- Us Trade Deal:আমেৰিকা-ভাৰত অন্তৱৰ্তী বাণিজ্য বুজাবুজি : শুল্ক হ্ৰাস, আমদানিত বৃহৎ প্ৰতিশ্ৰুতি

US Visa:২১ জানুৱাৰীৰ পৰা ৭৫ খন দেশৰ বাবে মাৰ্কিন ভিছা বন্ধ হ’ব !

Trump – Modi :ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি হ্ৰাস কৰাত ট্রাম্পে ক’লে: মোদীয়ে মোক সন্তুষ্ট কৰিবলৈ এই পদক্ষেপ ল’লে

বিশ্ববিদ্যালয় কর্তৃপক্ষৰে সংঘাত তুংগত তুলি সম্প্রতি ট্রাম্প প্রশাসনে হার্ভার্ড বিশ্ববিদ্যালয়ত বিদেশী ছাত্র-ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। স্বাভাবিকতে ইয়ে বিশ্বজুবি আলোড়নৰ সৃষ্টি কৰিছে। উল্লেখ্য যে প্রতি বছৰে বিশ্বৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান হার্ভার্ড বিশ্ববিদ্যালয়ৰ প্ৰতি বছৰে বিশ্বৰ বিভিন্ন দেশৰ ৬,৮০০ ছাত্র-ছাত্রীয়ে নামভর্তি কৰে। এইসকল মেধাবী ছাত্র-ছাত্রীৰ মাজত বহুসংখ্যক ভাৰতীয় ছাত্র-ছাত্রীও থাকে। হার্ভার্ড বিশ্ববিদ্যালয়ৰ প্ৰতি ট্রাম্প প্রশাসনে লোৱা এই কঠোৰ স্থিতিয়ে ভাৰতকে ধৰি বিশ্বৰ ১৪০ খন দেশৰ ছাত্ৰ-ছাত্ৰীক শ’লঠেকত পেলাইছে।

শিক্ষা গ্রহণ আধাতে ত্যাগ কৰিব লগা হ’ব পাৰে বুলি আশংকাত ভূগিছে এই ছয় সহস্রাধিক বিদেশী ছাত্র-ছাত্রীয়ে। অৱশ্যে দেশখনৰ এখন জিলা আদালতে এইসকল ছাত্র-ছাত্রীক সাময়িক সকাহ প্রদান কৰিছে। উল্লেখ্য যে ট্রাম্প প্রশাসনৰ এই নিষেধাজ্ঞাৰ বিৰুদ্ধে তাৎক্ষণিকভাবে হার্ভার্ড বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষ অকলেণ্ডৰ জিলা আদালতৰ দ্বাৰস্থ হয়। বিশ্ববিদ্যালয় কর্তৃপক্ষৰ আবেদনৰ শুনানি গ্রহণ কৰি জিলা আদালতৰ বিচাৰপতি জেএফবিএছ হোৱাইটে এক অন্তৱর্তী নির্দেশ জাৰি কৰি ট্রাম্প প্রশাসনৰ নিৰ্দেশত সাময়িক স্থগিতাদেশ জাৰি কৰিছে। আদালতে কয় যে গোচৰৰ নিষ্পত্তি নোহোৱালৈকে চৰকাৰে বিশ্ববিদ্যালয়খনত অধ্যয়নৰত বিদেশী ছাত্র-ছাত্রীসকলৰ ভিছা বাতিল কৰিব নোৱাৰিব।

একেদৰে বিশ্ববিদ্যালয়খনৰ কোনো বিদেশী ছাত্র-ছাত্রীক গ্রেপ্তাৰ বা আন কোনো স্থানলৈ স্থানান্তৰ কৰিব নোৱাৰিব বুলিও আদালতে নির্দেশ জাৰি কৰিছে। অৱশ্যে ফৌজাদাৰী গোচৰত অভিযুক্ত ছাত্র-ছাত্রীৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব পাৰিব বুলি আদালতে স্পষ্ট কৰি দিছে। এই নির্দেশত আদালতে কয়, ‘এনেদৰে ভিছা বাতিল কৰিব নোৱাৰি।’

উল্লেখ্য যে দ্বিতীয়বাৰৰ বাবে ড’নাল্ড ট্রাম্পে ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা বিভিন্ন মার্কিন উচ্চ শিক্ষানুষ্ঠানৰ স’তে সংঘাতত লিপ্ত হৈ আহিছে। এনে শিক্ষানুষ্ঠানৰে অন্যতম হ’ল বিশ্ববন্দিত হার্ভার্ড বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয় কর্তৃপক্ষই ট্রাম্প প্রশাসনৰ নির্দেশ মানি ল’বলৈ অস্বীকাৰ কৰাত বৃহৎ অংকৰ ধনৰ চৰকাৰী অনুদানো হেৰুৱাবলগীয়া হৈছে। অলপতে ট্রাম্প প্রশাসনে বিশ্ববিদ্যালয়খনলৈ দুশ কোটি ডলাৰৰ অধিক (ভাৰতীয় মুদ্রাৰ হিচাপত ১৭ হেজাৰ কোটিৰো অধিক টকা) অনুদান বন্ধ ঘোষণা কৰে।

এই অনুদান বন্ধৰ বিৰুদ্ধেও বিশ্ববিদ্যালয় কর্তৃপক্ষ আদালতৰ দ্বাৰস্থ হৈছে। লক্ষ্যণীয়ভাবে এই আইনী যুঁজ অব্যাহত থকাৰ সময়তে ট্রাম্প প্রশাসনে হার্ভার্ড বিশ্ববিদ্যালয়লৈ চাৰি হেজাৰ কোটি টকাৰ আন এক অনুদানো বন্ধ ঘোষণা কৰে। ট্রাম্প প্রশাসনৰ এই কার্যই চৌদিশে তুমুল আলোড়ন সৃষ্টি কৰি থকাৰ সময়তে বিশ্ববিদ্যালয়খনত বিদেশী ছাত্র-ছাত্রীৰ নামভর্তিত নিষেধাজ্ঞা আৰোপ কৰিছে।

# চীন-ইৰানৰে সম্পৰ্ক হার্ভার্ড বিশ্ববিদ্যালয়ৰ: যৌথ সংসদীয় সমিতিৰ তদন্ত আৰম্ভ

হার্ভার্ড বিশ্ববিদ্যালয়ে দেশ বিৰোধী শক্তি তথা চীন আৰু ইৰানৰ স’তে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ উত্থাপন হৈছে।ইতিমধ্যে এই অভিযোগৰ তদন্ত আৰম্ভ কৰিছে দেশখনৰ এখন যুটীয়া সংসদীয় সমিতি আৰু গৃহ বিভাগ (ডিপার্টমেন্ট অৱ হোমলেও ছিকিউৰিটি)-এ। তদন্তত সংসদীয় যুটীয়া সমিতিয়ে হার্ভার্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে কেতবোৰ তথ্য উদ্ধাৰ কৰিছে। এই তথ্যৰ ভিত্তিত যুটীয়া সমিতিয়ে হার্ভার্ডৰ অধ্যক্ষ এলেন গাৰ্বাৰলৈ পাঁচদফীয়া এক পত্র প্রেৰণ কৰিছে। পত্ৰখনত উল্লেখ কৰা হৈছে যে হার্ভার্ড বিশ্ববিদ্যালয়ে চীনৰ কমিউনিষ্ট পার্টিয়ে সংঘটিত কৰা উইঘুৰ মুছলমানৰ গণহত্যাত অন্যতম মূল ভূমিকা পালন কৰা জিংজিয়াং প্রডাকছন এণ্ড কনস্ট্রাকছন ক’পছ (এক্সপিচিচি) ৰ সদস্যসকলক প্রশিক্ষণ প্রদান কৰি আহিছে। উইঘুৰ মুছলমানৰ গণহত্যাত জড়িত থকাৰ বাবে এই এক্সপিচিচিৰ ওপৰত মার্কিন প্রশাসনে ইতিমধ্যে নিষেধাজ্ঞা আৰোপ কৰি থৈছে।

এই এক্সপিচিচি হৈছে এটা অর্ধসামৰিক গোট। এই গোটক হার্ভার্ড বিশ্ববিদ্যালয়ে কমেও চাৰিবাৰ আতিথ্য আগবঢ়ায়। পত্রখনত বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে আন এক অভিযোগ উত্থাপন কৰি কোৱা হৈছে যে বিশ্ববিদ্যালয়খনৰ গৱেষণা শাখাই আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ অনুমতি অবিহনে ছিংহুৱা, জেজিয়াং আৰু হুৱাজডকে ধৰি চীনৰ সামৰিক বাহিনীৰ স’তে সংযোগ থকা বিশ্ববিদ্যালয়সমূহক অংশীদাৰ কৰিছে। অথচ হার্ভার্ড বিশ্ববিদ্যালয়ৰ গৱেষণা শাখালৈ মার্কিন প্রতিৰক্ষা বিভাগে পুঁজি যোগান ধৰে।

পত্ৰখনত উল্লেখ থকা আন এক অভিযোগ মতে, চীনৰ ছিংহুবা বিশ্ববিদ্যালয় চীনা সেনাৰ প্রতিবক্ষা গৱেষণাৰ স’তে সক্রিয়ভাবে জড়িত। তদুপৰি বিশ্ববিদ্যালয়খন আমেৰিকা যুক্তৰাষ্ট্র বিৰোধী চাইবাৰ আক্ৰমণতো লিপ্ত আছে। একেদৰে জেজিয়াং বিশ্ববিদ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰ বিৰোধী আর্থিক কাম-কাজ আৰু গুপ্তচবগিৰীত জড়িত হৈ আছে। হুবাজুং বিশ্ববিদ্যালয়ৰ স’তে চীনা সেনাৰ ঘনিষ্ঠ সম্পর্ক আছে। তৎসত্ত্বেও বিশ্ববিদ্যালয়খনক হার্ভার্ড বিশ্ববিদ্যালয়ে কৃত্রিম বুদ্ধিমত্তা, মাইক্র ‘ইলেক্ট্রনিক্স আৰু কোৱান্টাম বিজ্ঞানৰ প্ৰকল্পত জড়িত কৰি ৰাখিছে।

পত্ৰখনৰ চতুৰ্থটো দফাত অভিযোগ উত্থাপন কৰা হৈছে যে হার্ভার্ড বিশ্ববিদ্যালয়ে সহযোগিতা কৰা ইৰানৰ গৱেষকসকলে তেহৰানৰ স’তে প্রত্যক্ষভাবে কাম কৰি আছে। এই গৱেষকসকলক ইৰান চৰকাৰে পুঁজি যোগান ধৰে। এই গৱেষকসকল ইৰানৰ পৰমাণু গৱেষণাৰ স’তেও জড়িত। পত্ৰখনৰ পঞ্চমটো দফাত কোরা হৈছে যে হার্ভার্ড বিশ্ববিদ্যালয়ৰ অংগ সংৰোপণ গবেষণাত চীনৰ সহযোগী আছে। এই সহযোগীসকলৰ চীন চৰকাৰৰ স’তে প্রত্যক্ষ সম্পর্ক আছে।

আনহাতে, মার্কিন সংসদীয় যুটীয়া সমিতিৰ অধ্যক্ষ জন মূলেনাৰে কয় যে কেবল এয়াই নহয় হার্ভার্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে আন কেতবোৰো দেশ বিৰোধী কামত লিপ্ত থকাৰ তথ্যও উদ্ধাৰ হৈছে। ইয়ে মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বিপদাপন্ন কৰিছে বুলিও মূলানাৰে ক্ষোভ প্রকাশ কৰিছে। তেওঁ কয়, ‘এইবোৰ বিক্ষিপ্ত ঘটনা নহয়। তেওঁলোক (হার্ভার্ড বিশ্ববিদ্যালয়)-এ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষাক বিপদাপন্ন কৰিছে। এই যুটীয়া সংসদীয় সমিতিয়ে তথ্য উন্মোচন কৰিব আৰু হার্ভার্ড বিশ্ববিদ্যালয়ক আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনতাৰ ওচৰত দায়বদ্ধ কৰিব।’ হার্ভার্ড বিশ্ববিদ্যালৰ উত্থাপিত অভিযোগৰ তদন্ত কৰিছে শিক্ষা আৰু কর্মবল সম্পর্কীয় মার্কিন সংসদীয় সমিতিয়েও। এই সমিতিখনৰ অধ্যক্ষ টিম ৱালবার্গে কয়, চীনৰ প্রভাৱ বৃদ্ধিত কোনো আমেৰিকান বিশ্ববিদ্যালয় বা কলেজে ১ উচিত নহয়। ইয়ে আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষাক অবমূল্যায়ন কৰিব। দুর্ভাগ্যবশতঃ হার্ভার্ড বিশ্ববিদ্যালয় এনে। জড়িত থকাৰ বহু উদাহৰণ আমি দেখিছো।’

# গৃহ বিভাগৰ তদন্ত

সংসদীয় সমিতিৰ সমান্তৰালভাবে মার্কিন গৃহ বিভাগেও হার্ভার্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ তদন্ত কৰিছে। এই সম্পর্কত এক বিবৃতিত গৃহ বিভাগে কয়, ‘নিজৰ চৌহদত সন্ত্রাসবাদীৰ প্রতি সহমর্মিতা থকা ছাত্র-ছাত্রীক স্থান দি হার্ভার্ডে চীনৰ কমিউনিষ্ট পার্টিব স’তে সহযোগ কৰিছে। আমেৰিকা বিৰোধী, সন্ত্রাসবাদীৰ প্ৰতি সহমর্মিতা থকা ছাত্র-ছাত্রীক স্থান দিয়াৰ দোষত হার্ভার্ড দোষী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে হার্ভার্ডক হিংসা বৃদ্ধি, ইহুদী বিৰোধী আৰু চীনৰ কমিউনিস্ট পার্টিৰ স’তে সহযোগিতা কৰাৰ বাবে দায়ী কৰিব।’

# হার্ভার্ড বিশ্ববিদ্যালয়ৰ প্ৰত্যুত্তৰ

ট্রাম্প প্রশাসনে বিদেশী ছাত্র-ছাত্রীৰ নামভৰ্তিত আৰোপ কৰা নিষেধাজ্ঞাক বেআইনী আখ্যা দিছে হার্ভার্ড বিশ্ববিদ্যালয়ে। এক বিবৃতিত বিশ্ববিদ্যালয়ৰ মুখপাত্র জেছন নিউটনে কয়, ‘১৪০ খন দেশৰ পৰা অহা বিদেশী (আন্তর্জাতিক) ছাত্র-ছাত্রীক আদৰিবলৈ আমি সম্পূর্ণৰূপে অংগীকাৰবদ্ধ।

এই ছাত্র-ছাত্রীসকলে আমাৰ বিশ্ববিদ্যালয়ক লেখজোখহীনভাবে সমৃদ্ধ কৰাই নহয়, এই দেশকে চহকী কৰিছে। আমাৰ বিশ্ববিদ্যালয়ৰ পৰিয়ালক দিক্ নির্দেশনা আৰু সকাহ দিবলৈ আমি ক্ষীপ্ৰতাৰে কাম কৰি আছো । প্রত্যুত্তৰসূচক পদক্ষেপে হার্ভার্ডৰ পৰিয়াল আৰু আমাৰ দেশৰ প্ৰতি গুৰুতৰ ক্ষতিৰ আশংকাৰ সৃষ্টি কৰিছে। হার্ভার্ডৰ বিদ্যায়তনিক আৰু গৱেষণা অভিযানকো অৱমূল্যায়ন কৰিছে।’ অৱশ্যে ট্রাম্প প্রশাসনে বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে উত্থাপন কৰা গুৰুতৰ অভিযোগসমূহৰ কোনো প্রত্যুত্তৰ দিয়া নাই হার্ভার্ডৰ কর্তৃপক্ষই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Donald Trampforeigners StudentHarvard University
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d