Google Pay: খুব জৰুৰীভাৱে ধনৰ প্ৰয়োজন হোবাৰ সময়ত এগৰাকী প্রকৃত বন্ধুৰ দৰেই সহায় কৰিব পাৰে গুগল পে নামৰ এপটোৱে। এই ইউপিআই এপৰ জৰিয়তে যিকোনো উপভোক্তাই সহজতে মোটা অংকৰ ব্যক্তিগত ঋণ উপলব্ধ কৰিব পাৰে। এই দ্রুত আৰু সহজ সুবিধাৰ জৰিয়তে তৎক্ষণাত ৩০ হেজাৰৰ পৰা ১০ লাখ টকালৈকে ব্যক্তিগত ঋণ লাভ কৰিব পাৰি। সংস্থাটোৱে ২০২৩ৰ পৰাই ব্যক্তিগত ঋণ সেৱা আৰম্ভ কৰিছে যদিও আমাৰ মাজৰ বহুতেই গুগল পেৰ এই বিশেষ সেৱাৰ বিষয়ে অবগত নহয়। গুগল পেৰ এই ঋণৰ ম্যাদ ছমাহৰ পৰা পাঁচ বছৰলৈকে হ’ব পাৰে। গুগল পেৰ পৰা ঋণ ল’ব লাগিলে সুতৰ হাৰ আৰু আবেদন প্ৰক্ৰিয়াৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ তথ্য জনা উচিত…
সুতৰ হাৰ কিমান?
গুগল পে’ৰ পৰা ঋণ ল’লে ১০.৫০ শতাংশৰ পৰা ১৫ শতাংশলৈকে সুত দিব লাগিব। সুতৰ হাৰ সম্পূৰ্ণৰূপে উপভোক্তাৰ ক্রেডিট স্ক’ৰৰ ওপৰত ভিত্তি কৰি নির্ধাৰণ কৰা হয়। ক্রেডিট স্ক’ৰ যিমানেই ভাল হ’ব সিমানেই কম সুতৰ হাৰত ঋণ পোৱাৰ সম্ভাৱনা বেছি। ঋণ লোৱাৰ সমগ্ৰ প্ৰক্ৰিয়াটো ডিজিটেল হোবা বাবে কোনো কাগজ-পত্র জমা দিয়াৰ প্ৰয়োজন নাথাকে। ঋণ লোৱাজনৰ বয়স কমেও ২১ বছৰ হ’ব লাগিব। লগতে আয়ৰ নিয়মীয়া উৎস থকাটো বাধ্যতামূলক। ইএমআই বা ঋণৰ কিস্তি উপভোক্তাৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হ’ব। এই প্রক্রিয়াই গ্ৰাহকৰ বাবে ঋণ লোৱা প্ৰক্ৰিয়াটো অত্যন্ত সুবিধাজনক কৰি তোলে।
গুগল পে ঋণৰ আবেদন প্রক্রিয়া: প্রথমে ‘গুগল পে’ এপটো খুলি ‘মনী’ টেবত ক্লিক কৰিব লাগিব। তাত ঋণৰ বিকল্প দেখা যাব। তালৈ গ’লেই এপটোৰ ‘লোন অফাৰ’ অপছনটো দেখা পাব। এই শিতানতে আপুনি ‘প্রি-এপ্রুভেল’ ঋণৰ বিকল্পও পাব। ঋণ সম্পর্কীয় সকলো অফাৰ এই শিতানতে থাকিব।ইয়াৰ পাছত ইএমআই অপছনলৈ গৈ আপোনাৰ লগত খাপ খোৱা ইএমআই বাছনি কৰিব পাৰিব। বাছনি কৰাৰ পাছত ঋণৰ বাবে প্রয়োজনীয় সকলো তথ্য, গুগল পেত উল্লেখ কৰা ধৰণে জমা দিব লাগিব। আবেদন কৰোতে সকলো তথ্য পূৰ কৰাৰ পাছত পঞ্জীয়নকৃত ম’বাইল নম্বৰলৈ অ’টিপি অর্থাৎ এককালীন পাছৱৰ্ড প্ৰেৰণ কৰা হ’ব। নির্দিষ্ট স্থানত অ’টিপিটো দাখিল কৰি উঠি আবেদনকাৰীয়ে প্রক্রিয়াটো অনুমোদন হোৱালৈ অপেক্ষা কৰিব লাগিব।
মাহিলি কিস্তি বা ইএমআই: আপোনাৰ দ্বাৰা লিংক কৰা বেংক একাউণ্টৰ পৰা ঋণৰ মাহিলি কিস্তি বা ইএমআই পোনপটীয়াকৈ কৰ্তন কৰা হয়। ঋণৰ আবেদনৰ সময়তে কিস্তি কৰ্তনৰ নিৰ্ধাৰিত তাৰিখ আৰু ধন পৰিশোধৰ সময়সূচী নির্ধাৰণ কৰা হয়।