জাপানক পিছ পেলাই ভাৰত বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অর্থনীতিৰ দেশত পৰিণত হ’ল। এই তথ্য প্রকাশ কৰিছে নিটি আয়োগৰ মুখ্য কার্যবাহী বিষয়া (চিইঅ’) বি ভি আৰ সুৱমণিয়ামে।
এখন সংবাদমেলত নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াজনে জনায় যে সাম্প্ৰতিক বিশ্বৰ ভূ-ৰাজনৈতিক আৰু শুক অর্থনৈতিক পৰিৱেশ ভাৰতৰ অনুকূল হৈ আছে।
সম্প্রতি দেশ চাৰি লাখ কোটি ডলাৰৰ অৰ্থনীতিত পৰিণত হ’ল বুলি উল্লেখ কৰি সুব্রমণিয়ামে লগতে কয়, ‘মই যেনেদৰে কৈছো, আমি এতিয়া বিশ্বৰ চতুৰ্থ বৃহত্তম অর্থনীতিৰ দেশ।’
দেশৰ অৰ্থনীতিৰ এই সাফল্যৰ কথা প্রকাশ কৰোতে তেওঁ আন্তর্জাতিক মুদ্রা নিধি (আইএমএফ)ৰ তথ্য উল্লেখ কৰে। সুব্রমণিয়ামে কয় যে আজি ভাৰতৰ অর্থনীতি জাপানতকৈ বৃহৎ হৈছে।
অচিৰে আৰ্থিক দিশত জার্মানীকো ভাৰতে পিছ পেলাবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰি নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াজনে লগতে কয়, ‘এতিয়া মাথোঁ আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু জার্মানীৰ অৰ্থনীতিহে ভাৰততকৈ ডাঙৰ হৈ আছে। আমি যদি পৰিকল্পনা কৰা মতে আগবাঢ়ো, তেন্তে দুবছৰ পাঁচ মাহৰ পৰা তিনি বছৰৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশত পৰিণত হ’ম।’ অহা আগষ্টত দ্বিতীয় পৰ্যায়ৰ সম্পদ মূল্যকৰণ ঘোষণা কৰা হ’ব বুলি তেওঁ প্রকাশ কৰে।
উল্লেখ্য যে শনিবাৰে নিটি আয়োগৰ গৱৰ্ণিং কাউন্সিলৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছতে আয়োগৰ মুখ্য কার্যবাহী বিষয়াজনে এই তথ্য প্রকাশ কৰে।
উল্লেখ্য যে আইএমএফৰ যোৱা এপ্ৰিলৰ বিশ্ব অর্থনৈতিক প্রেক্ষাপট প্রতিবেদনত প্রকাশ পায় যে দেশৰ অৰ্থনীতি চলিত বিত্তীয় বর্ষত ৪.১৮৭.০১৭ লাখ কোটি ডলাৰৰো অধিক হোৱাৰ পূৰ্বানুমানত প্রকাশ পায়।
ইয়াৰ বিপৰীতে জাপানৰ অৰ্থনীতিৰ পৰিমাণ ৪,১৮৬.৪৩১ লাখ কোটি ডলাৰ। ২০২৪লৈকে ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিৰ দেশ আছিল। নৰেন্দ্ৰ মোদী চৰকাৰে তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশত পৰিণত কৰাৰ প্রতিশ্রুতি দি আহিছে।
আনহাতে, আইএমএফে পূর্বানুমান কৰা অনুসৰি পৰৱৰ্তী দুবছৰত ভাৰত বিশ্বৰ সবাতোকৈ বৃদ্ধিশীল বৃহৎ অর্থনীতিৰ দেশত পৰিণত হ’ব। দেশৰ আৰ্থিক বিকাশ চলিত বিত্তীয় বর্ষত ৬.২ শতাংশ আৰু ২০২৬ত ইয়াৰ পৰিণাম ৬.৩ শতাংশ হোৱাৰ পূর্বানুমান কৰিছে আইএমএফে।
ইয়াৰ বিপৰীতে ২০২৫ত বিশ্বৰ অর্থনীতিৰ বিকাশ ২.৮ শতাংশ আৰু ২০২৬ত ৩.০ শতাংশ হ’ব বুলি আন্তর্জাতিক সংস্থাটোৱে ধাৰ্য কৰিছে। নিটি আয়োগৰ মুখ্য কার্যবাহী বিষয়াজনৰ মতে, দেশৰ আৰ্থিক বৃদ্ধিত জনসংখ্যাগত লভ্যাংশই সহায় কৰিব।