Patanjali: বিপদত বাবা ৰামদেৱৰ কোম্পানী পতঞ্জলি । সন্দেহজনক লেনদেনৰ অভিযোগক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰে পতঞ্জলি আয়ুৰ্বেদ লিমিটেডলৈ জাননী প্ৰেৰণ কৰিছে। এই জাননী জাৰি কৰিছে মোডী চৰকাৰৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে।
এই সন্দেহজনক লেনদেন সন্দৰ্ভত আগন্তুক ২ মাহৰ ভিতৰত কোম্পানীটোক বিতং তথ্য দিবলৈ কোৱা হৈছে। এই তথ্য ৰাজহুৱা হোৱাৰ লগে লগে পতঞ্জলিৰ শ্বেয়াৰত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি পতঞ্জলি কোম্পানীটোৰ কেবাটাও লেনদেন সন্দেহজনক। কেন্দ্ৰীয় কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰাৰম্ভিক তদন্তত এই লেনদেনসমূহ অস্বাভাৱিক আৰু সন্দেহজনক বুলি চিনাক্ত কৰিছে। সেইবাবেই এই জাননী প্ৰেৰণ কৰা হৈছে।
তথ্য অনুসৰি, সন্দেহজনক লেনদেনৰ বিষয়ে কেন্দ্ৰই অৱগত কৰিছে আৰু দুই মাহৰ ভিতৰত লেনদেনৰ বিশদ প্ৰতিবেদনৰ লগতে জাননীৰ প্ৰতি সঁহাৰি দিব লাগিব। অন্যথা সমগ্ৰ ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অৱশ্যে এই জাননী সন্দৰ্ভত পতঞ্জলিয়ে কোনো ৰাজহুৱা মন্তব্য কৰা নাই।
সমগ্ৰ ঘটনাত স্তম্ভিত হৈ পৰিছে বাবা ৰামদেৱ আৰু বালকৃষ্ণ।পতঞ্জলিৰ যৌথ মুৰব্বী হৈছে বাবা ৰামদেৱ আৰু বালকৃষ্ণ। দুয়োজনেই বিভিন্ন সময়ত বিতৰ্কৰ শিৰোনাম দখল কৰি আহিছে।
বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ উপৰিও দুয়োজনৰ বিৰুদ্ধে “মিছা কথা” বিয়পোৱাৰ বাবে অসংখ্য গোচৰ ৰুজু হৈছে।
তথ্য অনুসৰি,কেন্দ্ৰৰ জাননী পোৱাৰ পাছত আজি পতঞ্জলি ফুডছ লিমিটেডে সৰ্বাধিক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। শুকুৰবাৰে শ্বেয়াৰৰ মূল্য প্ৰায় পাঁচ শতাংশ হ্ৰাস পায়।
বজাৰ খোলাৰ পাছৰে পৰা এই শ্বেয়াৰৰ মূল্য ১৬৭১ টকালৈ হ্ৰাস পাইছে। যোৱা ৫২ সপ্তাহত এই ষ্টকৰ সৰ্বনিম্ন মূল্য আছিল ১১৬৯ টকা।আৰু সৰ্বোচ্চ মূল্য আছিল ২০১১ টকা।