আল্পছ পৰ্বতমালাৰ পাঁচটা গিৰিপথলৈ বাইক অভিযান।এটা বছৰৰ ভিতৰত ৬৪ খন দেশ মটৰ চাইকেলৰে ভ্ৰমণ কৰি অভিলেখ গঢ়া আন্তৰ্জাতিক বাইকাৰ, ‘অসম গৌৰৱ’ মীনাক্ষী দাস এইবাৰ সাজু হৈছে আন এক দুঃসাহসিক বাইক অভিযানৰ বাবে।
ইউৰোপৰ আল্পছ পৰ্বতমালাৰ পাঁচটা সুউচ্চ গিৰিপথলৈ বাইকৰে অভিযান চলোৱাৰ বাবে সোমবাৰে গুৱাহাটীৰ পৰা ৰাওনা হব বাইকাৰ মীনাক্ষী দাস ।
অভিযানৰ কালত মীনাক্ষীয়ে ইটালী, শ্ল’ভেনিয়া , অষ্ট্ৰিয়া, ছুইজাৰলেণ্ড আৰু ফ্ৰান্সত থকা আল্পছ পৰ্বতৰ গিৰিপথ সমূহ বাইকৰে অতিক্ৰম কৰিব ।
উল্লেখযোগ্য যে, মীনাক্ষীয়ে ২০১৯ চনতে তেওঁৰ স্বামী বাইকাৰ বেদান্ত ৰাজখোৱাৰ স’তে ১৯০৳৪ ফুট উচ্চতাৰ বিশ্বৰ সৰ্বোচ্চ উমলিংলা গিৰিপথ মটৰ চাইকেলৰে অতিক্ৰম কৰিছিল।
উমলিংলা গিৰিপথ বাইকৰে অতিক্ৰম কৰা তেওঁ বিশ্বৰ দ্বিতীয়গৰাকী মহিলা বাইকাৰ। সংবাদমেলত জেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ , বাইকাৰ তথা ছাউথ পইণ্ট স্কুলৰ অধ্যক্ষ কে. চানডা, গল্ড জিমৰ স্বত্বাধিকাৰী ৰাজীৱ জৈন আৰু নিবেদিতা দত্তই উপস্থিত আছিল।