India to Build First-Ever Polar Research Vessel (PRV) as GRSE Signs MoU with Norway’s Kongsberg:ভাৰতৰ প্ৰথম মেৰু গৱেষণা জাহাজ নিৰ্মাণৰ বাবে ন’ৰৱেৰ কংগ্‌গ্ৰবাৰ্গৰ সৈতে জিআৰএছ-এ স্বাক্ষৰ বুজাবুজিৰ চুক্তিৰ

ন'ৰৱেৰ শ্বিপ অনাৰ্ছ এছচিয়েশ্যনৰ সৈতে সামুদ্রিক বিনিয়োগৰ সুযোগৰ বিষয়ে আলোচনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

sarma main foto

India to Build First-Ever Polar Research Vessel (PRV) as GRSE Signs MoU with Norway’s Kongsberg:

কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে মঙলবাৰে কলকাতাৰ গার্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এন্ড ইঞ্জিনীয়াৰ্ছ লিমিটেড (জিআৰএছই) আৰু ন’ৰৱেৰ কংবাৰ্গৰ মাজত এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে। এই বুজাবুজিৰ চুক্তিয়ে ভাৰতৰ প্ৰথম স্বদেশী মেৰু গৱেষণা জাহাজ (পিআৰভি) নিৰ্মাণৰ পথ মুকলি কৰিছে।

এই উপলক্ষে ভাষণ দি সর্বানন্দ সোণোৱালে কয়, এই বুজাবুজিৰ চুক্তিখন এক আশা আৰু প্ৰগতিৰ পোহৰ হওক, যিয়ে ভাৰতৰ বৈজ্ঞানিক উন্নতি আৰু বহণক্ষম উন্নয়নৰ প্রতি অটল প্রতিশ্রুতিৰ ইংগিত দিয়ে। আমি একেলগে কেৱল এখন জাহাজ নহয়, এক উজ্বল ভবিষ্যতৰ সোপান গঢ়ি তুলিছো- যিয়ে উদ্ভাৱন, অন্বেষণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰত উঠি অহা প্রজন্মক উত্তৰণৰ প্ৰেৰণা দিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই বুজাবুজিৰ চুক্তিখনে বৈজ্ঞানিক আৱিষ্কাৰক প্ৰসাৰিত কৰিব, ভাৰতৰ মেৰু আৰু সাগৰীয় গৱেষণাৰ সামর্থ্য বৃদ্ধি কৰিব, আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে জৰুৰী সমস্যা সমাধানৰ প্ৰচেষ্টাত অৰিহণা যোগোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব।

এই জাহাজত অত্যাধুনিক বৈজ্ঞানিক সঁজুলিৰে সজ্জিত হ’ব, যাৰ ফলত আমাৰ গৱেষকসকলে সাগৰৰ গভীৰতা অন্বেষণ কৰিব পাৰিব, সামুদ্রিক পৰিৱেশ তন্ত্ৰৰ অধ্যয়ন কৰিব পাৰিব আৰু আমাৰ গ্ৰহৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ নতুন অন্তর্দৃষ্টি উন্মোচন কৰিব পাৰিব। এইটো ভাৰতৰ গুৰুত্বপূৰ্ণ জাহাজ নির্মাণ সামর্থ্যৰ এক প্ৰমাণ হ’ব। ই চৰকাৰৰ ‘মেক ইন ইন্ডিয়া’ পদক্ষেপক আৰু অধিক শক্তিশালী কৰিব। মই সকলো অংশীদাৰক তেওঁলোকৰ নিষ্ঠাৰ বাবে অভিনন্দন জনাইছো আৰু সেই দিনটোৰ বাবে অপেক্ষা কৰিছো যেতিয়া এই মেৰু গৱেষণা জাহাজখনে ভাৰতৰ আকাংক্ষাক বিশ্বৰ দূৰৱৰ্তী প্ৰান্তলৈ লৈ যাব।”

জিআৰএছই আৰু কংগ্‌গুবাৰ্গৰ মাজত স্বাক্ষৰিত এই চুক্তিখন ভাৰতৰ জাহাজ নির্মাণ খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব, কিয়নো ই মেৰু গৱেষণা জাহাজ নিৰ্মাণৰ বাবে ৰূপাংকন বিশেষজ্ঞতা লাভ কৰিব। ইয়াক ৰাষ্ট্ৰীয় মেৰু আৰু সাগৰীয় গৱেষণা কেন্দ্ৰৰ (এনচিঅ’পিআৰ) প্রয়োজনীয়তাক বিবেচনা কৰি, মেৰু আৰু দক্ষিণ সাগৰীয় অঞ্চলত গৱেষণা কার্যকলাপৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। যুদ্ধজাহাজ, জৰীপ আৰু গৱেষণা জাহাজৰ দৰে জটিল সামুদ্রিক মঞ্চ নিৰ্মাণৰ সমৃদ্ধ অভিজ্ঞতা থকা জিআৰএছ-এ কলকাতাৰ নিজৰ শ্বিপইয়ার্ডত এই মেৰু গৱেষণা জাহাজ নিৰ্মাণ কৰিব, যাৰ ফলত চৰকাৰৰ ‘মেক ইন ইন্ডিয়া’ পদক্ষেপৰ এক বৃদ্ধি নিশ্চিত হ’ব। এই অনুষ্ঠানত কংবার্গ তথা জিআৰ এছইৰ নেতৃত্বৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী, ন’ৰৱে আৰু ভাৰতৰ জ্যেষ্ঠ চৰকাৰী বিষয়াসকল উপস্থিত আছিল।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ‘ৰ’ল অফ শ্বিপিং ইন শ্বেপিং দ্য ফিউচাৰ’ শীর্ষক এক উচ্চপৰ্যায়ৰ মন্ত্রীসভাৰ বৈঠকত ভাৰতক প্রতিনিধিত্ব কৰে। এই বৈঠকত উদ্যোগৰ স্থিৰ, দীর্ঘম্যাদী নিয়ন্ত্ৰণ থকা পৰিৱেশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যিয়ে এক সর্বাংগীণ আৰু কাৰ্বন নির্গমনমুক্ত সামুদ্রিক বাণিজ্যৰ পোষকতা কৰে। ব্রাজিল, জাপান, চীন, ন’ৰৱে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মন্ত্ৰীসকল আৰু ৰাষ্ট্ৰসংঘৰ বিষয়াসকলে এই বৈঠকত সর্বানন্দ সোণোৱালৰ সৈতে অংশগ্ৰহণ কৰে হিচাপে প্ৰকাশ কৰা হৈছে।

এই দৃষ্টিভংগীৰ মূল লক্ষ্য হৈছে ভাৰতৰ বিশাল উপকূলৰেখা, কৌশলগত অৱস্থান আৰু সামুদ্রিক ঐতিহ্যৰ সুবিধা লৈ অর্থনৈতিক সমৃদ্ধি, আঞ্চলিক নিৰাপত্তা বৃদ্ধি আৰু সকলো স্বাৰ্থৰ সৈতে জড়িত লোকৰ বাবে বহনক্ষম উন্নয়ন নিশ্চিত কৰা। ইয়াৰ ভিতৰত অর্থনৈতিক সহযোগিতা, সামর্থ্য বৃদ্ধি, দুর্যোগ ব্যৱস্থাপনা, তথ্যৰ ভাগ-বতৰা আৰু পৰিৱেশ সংৰক্ষণ অন্তর্ভুক্ত। SAGAR পদক্ষেপৰ উন্নীতকৰণৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই MAHASAGAR ঘোষণা কৰিছে ই হৈছে পাৰস্পৰিক আৰু সৰ্বাংগীণভাৱে অঞ্চলসমূহত নিৰাপত্তাৰ বাবে এক প্ৰগতিৰ পদক্ষেপ, যিয়ে সামুদ্রিক সম্পৰ্ক আৰু বৃদ্ধিৰ এক সর্বাংগীণ দৃষ্টিভংগীৰ প্ৰতি অধিক সংহতি আৰু বিস্তৃত দৃষ্টিকোণৰ ইংগিত দিয়ে।”

সৰ্বানন্দ সোণোৱালে আৰু কয়, “প্রথম পৰ্যায়ৰ সফলতাৰ ওপৰত ভিত্তি কৰি, মোৰ মন্ত্রণালয়ৰ সাগৰমালা ২.০ কার্যক্রমে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ শূন্যতা পূৰণ, জাহাজ নিৰ্মাণ, জাহাজ মেৰামতি আৰু পুনঃচক্ৰণৰ প্ৰসাৰ, আৰু ভাৰতক বিশ্বৰ সামুদ্রিক নেতৃত্বশালী দেশ হিচাপে প্রতিষ্ঠা কৰাত মনোনিৱেশ কৰিছে। ভাৰত চৰকাৰৰ জাহাজ পৰিবহণ আৰু সাগৰীয় ব্যৱসায়ৰ দৃষ্টিভংগী হৈছে পাৰস্পৰিক আৰু সামগ্রিক বৃদ্ধিৰ প্ৰসাৰ, শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে বহণক্ষম তথা সেউজ পদক্ষেপৰ প্ৰতি দৃঢ় প্রতিশ্রুতিবদ্ধ।”

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ন’ৰৱেৰ জাহাজ স্বত্বাধিকাৰীসকলৰ সৈতে ঘুৰণীয়া মেজমেলত অংশগ্রহণ কৰি তেওঁলোকক ভাৰতৰ সামুদ্রিক খণ্ডত বিনিয়োগৰ আমন্ত্ৰণ জনায়। নৰৱেৰ জাহাজ স্বত্বাধিকাৰীসকলৰ মুখ্য কাৰ্যবাহী বিষয়া হেৰাল্ড ফটলেণ্ডে এই মেলৰ আয়োজন কৰাৰ বাবে ধন্যবাদ জনাই সোণোৱালে ভাৰত আৰু নৰৱেৰ বহণক্ষমতা, উদ্ভাৱন আৰু পাৰস্পৰিক বৃদ্ধিৰ সাধাৰণ মূল্যবোধৰ ওপৰত আলোকপাত কৰে।

“ভাৰতৰ সামুদ্রিক খণ্ড দ্রুত গতিত পৰিৱৰ্তনৰ দিশত ধাৱমান হৈছে। ই উদ্ভাৱন আৰু বিশ্বজনীন অংশীদাৰিত্বৰ দ্বাৰা পৰিচালিত এক পৰিৱৰ্তনশীল পথত আগবাঢ়িছে। এটা সেউজ, স্মার্ট আৰু স্থিতিস্থাপক সামুদ্রিক পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ আমি ন’ৰৱেক অধিক সহযোগিতাৰ বাবে আমন্ত্রণ জনাইছো। সেউজ বন্দৰ, সেউজ হাইড্রজেনৰ দৰে বিকল্প ইন্ধন আৰু কৌশলগত প্রণোদনাত বৃহৎ বিনিয়োগৰ সৈতে ভাৰত জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব প্ৰদানৰ লক্ষ্য ৰাখিছে।

ন’ৰৱেৰ সৈতে আমাৰ ক্রমবর্ধমান অংশীদাৰিত্ব আছে, যি ভাৰতীয় শিপইয়ার্ডে ন’ৰৱেৰ কোম্পানীসমূহলৈ পৰৱৰ্তী প্ৰজন্মৰ জাহাজ সৰবৰাহৰ মাধ্যমেৰে প্ৰতিফলিত হৈছে, ভাৰত মিতব্যয়ী আৰু বহণক্ষম সামুদ্রিক সমাধানৰ এক বিশ্বাসযোগ্য, ভৱিষ্যতৰ কেন্দ্ৰ হিচাপে উত্থান হৈছে। আহক আমি এই গতিশীলতাক ত্বৰান্বিত কৰি প্ৰক্ৰিয়াটো একেলগে শক্তিশালী কৰোঁ,কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়।

বৈঠকৰ সময়ত সৰ্বানন্দ সোণোৱালে ভাৰত-ন’ৰৱেৰ সামুদ্রিক সহযোগিতাৰ মূল ক্ষেত্ৰসমূহৰ ওপৰত আলোকপাত কৰে। সোণোৱালে কৈছিল যে ভাৰতীয় শ্বিপইয়ার্ডে বর্তমান ন’ৰৱেৰ জাহাজ স্বত্বাধিকাৰী সংস্থা (এনএছএ)ৰ অৰ্ডাৰ বুকৰ ১১% অংশ ধৰি ৰাখিছে। তেওঁ অৰ্ডাৰৰ আৰু সম্প্ৰসাৰণৰ বাবে আহ্বান জনাইছে আৰু ভাৰতৰ জাহাজ-ভাঙনি ক্রেডিট নোট আঁচনিৰ সুবিধা গ্ৰহণৰ কথাও উল্লেখ কৰে।

এনএছএৰ বিশ্বব্যাপী জাহাজৰ ক্ষেত্রত দ্বিতীয় স্থানত থকা ভাৰতৰ শক্তিশালী নৌ-শ্রমিক শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বৃহত্তৰ নিযুক্তি অংশীদাৰিত্বৰ বাবে আহ্বান জনায়। তেওঁ ভাৰতৰ প্ৰধান সাগৰমালা কাৰ্যক্ৰম আৰু ২.৯ বিলিয়ন ডলাৰৰ সামুদ্রিক উন্নয়ন পুঁজিৰ অধীনত উপলব্ধ উল্লেখযোগ্য বিনিয়োগৰ সুযোগৰ কথাও উল্লেখ কৰে, যিয়ে জাহাজ নির্মাণ, বন্দৰ আৰু লজিষ্টিকৰ ক্ষেত্ৰত প্ৰণোদনা প্ৰদান কৰে। মন্ত্ৰীয়ে ডিজিটেল প্লেটফর্ম যেনে অ’এনআপি আৰু মৈত্ৰীৰ জৰিয়তে ভাৰতৰ উদ্ভাৱনৰ প্ৰতিশ্ৰুতিৰ ওপৰত জোৰ দি ন’ৰৱেক সেউজ শ্বিপিং কৰিড’ৰ, জাহাজ পুনঃচক্ৰণ আৰু আইএমঅ’ৰ সৈতে সংগতি ৰাখি নেট-জিৰ’ লক্ষ্যৰ ক্ষেত্ৰত সহযোগিতাৰ আমন্ত্রণ জনাইছে।

উল্লেখযোগ্য যে ভাৰতৰ ৮৭% পুনঃচক্রণ শ্বিপইয়ার্ড এতিয়া এইচকেচিৰ সৈতে সঙ্গতিপূর্ণ।কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ন’ৰৱে-শ্বিপিং অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আৰু বিশ্ব সামুদ্রিক খণ্ডৰ নেতাসকলৰ সৈতে সামুদ্রিক সম্পর্ক আৰু শক্তিশালী কৰাৰ মুখ্য উদ্দেশ্যৰে নৰৱে আৰু ডেনমার্কলৈ পাঁচ দিনীয়া আনুষ্ঠানিক ভ্রমণত আছে।

Exit mobile version