Dr.Bhupen Hazarika:
সুধাকণ্ঠ ড:ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ আয়ম্বৰ শুভাৰম্ভণি অনুষ্ঠান আয়োজন সন্দৰ্ভত সোমবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ত অনুষ্ঠিত হয় এক বৈঠক ৷
লোকসেৱা ভৱনৰ সভাকক্ষত অনুষ্ঠিত সুধাকণ্ঠ ড: ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী উদযাপনৰ মূল সমিতিৰ বৈঠক খনিত পৌৰোহিত্য কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷ বৈঠকত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলে ড:ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে কেতবোৰ পৰামৰ্শ আগবঢ়াই ৷
সভাখনত উপস্থিত থাকে সুধাকণ্ঠৰ ভাতৃ সমৰ হাজৰিকা,বোৱাৰী মনিষা হাজৰিকা,অসম সাহিত্য সভাৰ দুই প্ৰাক্তন সভাপতি ড: ধ্ৰুৱজ্যোতি বৰা ,ড:সূৰ্য হাজৰিকা,লেখক-গীতিকাৰ মঞ্জুলা হাজৰিকা,সাংস্কৃতিক মন্ত্ৰী বিমল বৰা সহ কেবিনেট মন্ত্ৰী সকল,মুখ্যসচিব ড:ৰবি কোটা,গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্ত, চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰা,সাংস্কৃতিক কৰ্মী সোমনাথ বৰা,ৰঞ্জন বেজবৰুৱা,বিদ্যুত কুমাৰ বৰা, কলাগুৰু বিষ্ণুৰাভাৰ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা সহ বহু কেই গৰাকী বিশিষ্ট ব্যক্তি |