Pm Narenda Modi:
অসমৰ সাম্প্ৰতিক বানৰ পৰিস্থিতিৰ বুজ লৈ প্ৰয়োজনীয় সকলো সাহায্য কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব বুলি আজি আশ্বাস দিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। প্রধানমন্ত্রীয়ে মঙলবাৰে ফোনযোগে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ পৰা বানৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়। এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় যে তেওঁ প্রধানমন্ত্রীক বিস্তৃতভাবে বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। তাৰ ভিত্তিত কেন্দ্ৰই সকলো প্ৰকাৰে সহায় কৰিব বুলি প্রধানমন্ত্রীয়ে জনায়।
ইপিনে, মুখ্যমন্ত্রীয়ে মঙলবাৰে শিলচৰত উপস্থিত হৈ কাছাৰৰ বান পৰিস্থিতিৰ বুজ লয়। তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয় যে বানাক্ৰান্ত ৰাজ্যৰ প্ৰতিজন লোকক চৰকাৰে সহায় কৰিব। তদুপৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘চহৰ-নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত থকা জলাশয় সংৰক্ষণত সকলোৱে গুৰুত্ব দিব লাগে। জলাশয় সংৰক্ষণৰ জৰিয়তে নগৰীয়া বান বহু পৰিমাণে দূৰ কৰিব পৰা যায়। জলাশয় দ্রুত গতিত হ্রাস পোৱাৰ বাবে পৰিৱেশগত সমস্যা আহি পৰিছে।’
ইপিনে, কাছাৰৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে জিলাখনৰ পাঁচটা ৰাজহ চক্ৰৰ ১৪৬ খন গাঁও বানৰ কৱলত পৰিছে। জিলাখনত ৯০টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰবোৰত ৯০,২৯৪ গৰাকী লোকে আশ্রয় লৈ আছে। মুখ্যমন্ত্রীয়ে ছটা আশ্রয় শিবিৰ পৰিদৰ্শন কৰি বানপীড়িত লোকৰ স’তে মত বিনিময় কৰে। বৰাক নদীৰ জল পৃষ্ঠ এতিয়াও বিপদসীমাৰ ওপৰত থকা বুলি মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে চৰকাৰী বয়জ হায়াৰ ছেকেণ্ডাৰী স্কুল, নর্মাল স্কুল, কেন্দ্রীয় বিদ্যালয়, কচমিক মার্কেট মালিনী বিল, উকীল বজাৰ এলপি স্কুল আৰু হিৰণপ্রভা শিশু মন্দিৰত স্থাপন কৰা শিবিৰকেইটালৈ যায়।
# এপিএছচিৰ পৰীক্ষাৰ দিন সলনিৰ সম্ভাৱনা
অহা আঠ জুনত অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ চলিত বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ’ব। অৱশ্যে মুখ্যমন্ত্ৰীয়ে মঙলবাৰে শিলচৰত সাংবাদিকৰ আগত সদৰী কৰে যে বান পৰিস্থিতি জটিল হৈ থাকিলে পৰীক্ষাৰ দিন সলনি কৰা হ’ব পাৰে। তেওঁ কয়, ‘পৰীক্ষা পিছুৱাব বুলি কোনো পৰীক্ষার্থীয়ে ভাবিব নালাগে। এনেয়ে পৰীক্ষা পিছুৱালে পৰৱৰ্তী বছৰৰ নিযুক্তিত অসুবিধা হয়। যদি বান পৰিস্থিতি জটিল হৈ থাকে, তেতিয়াহে পৰীক্ষা পিছুওৱাৰ কথাটো বিবেচনা কৰা হ’ব।’