Srimanta Sankaedev Kalakhetra:
আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত ৰজিতা খোৱাই বৃহস্পতিবাৰে ৰাজ্যৰ বন বিভাগে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত পৰিৱেশ দিৱসত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে অনুষ্ঠানত অংশগ্ৰহণৰ পূৰ্বে চৌহদটিত ৰোপণ কৰে এটি দেৱদাৰু গছ পুলি ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ৰাজ্য চৰকাৰে অসমৰ বিনন্দীয়া প্ৰকৃতিৰ সুৰক্ষা আৰু সংবৰ্ধন তথা বাণিজ্যিক চাহিদা সম্পন্ন গছপুলি ৰোপণৰ দ্বাৰা ৰাজ্যখনক সেউজ কৰি ৰখাৰ দিশত ব্যাপক প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ মাতৃৰ নামত একোডালকৈ গছ পুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছিল ৰাইজক ৷
প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ৰাজ্য চৰকাৰে আজি মুকলি কৰিলে এটা পৰ্টেল ৷ এতিয়াৰ প্ৰতিজন লোকে এজোপা গছ পুলি নিজৰ মাতৃৰ নামত ৰোপন কৰি চৰকাৰী পৰ্টেলত ফটোসহ আপলোড কৰাৰ বাবে আহ্বান জনায় ৷ একেদৰে ৰোপন কৰা গছপুলিটোৰো লালন পালনত মনোনিৱেশ কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷ অনুষ্ঠানত ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সহ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে ৷