Shishubandhu’ Dulal Bora arrested:
কথাত কটা যায়,কথাত বঁটা পায় ৷ এই আপ্তবাক্য শাৰী প্ৰযোজ্য হ’ল নগাঁৱৰ এগৰাকী সামাজিক সংগঠকৰ ক্ষেত্ৰত ৷ তেওঁৰ নাম দুলাল বৰা ৷ সকলোৰে মাজত শিশু বন্ধু ‘হিচাপে খ্যাত ৷ শনিবাৰে সামাজিক মাধ্যমত বিতর্কিত মন্তব্য লিখি আটক হয় ৷
ADVERTISEMENT
ভগৱান শ্রীকৃষ্ণক উদ্দেশ্যি বৰাই লিখিছিল কেতবোৰ অপমানসূচক মন্তব্য ৷ তেওঁ পষ্টটোত লিখিছিল যে,শ্রীকৃষ্ণই ৰুক্মিণীক বিয়া পাতিছিল বুলি সকলোৱে জানে | সেই বিয়াত ৰুক্মিণীৰ দেউতাকে ১ লাখ গৰু মাৰি ভোজ খুৱাইছিল |
শনিবাৰে দুলাল বৰাৰ এই পষ্টটোৰ পিছতে নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ আনহাতে চামগুৰি আৰক্ষীয়ে নিশাই বৰাক তেওঁৰ পুৰণিগুদাম বাসগৃহৰ পৰা আটক কৰে ৷