মোডীৰ স’তে সাক্ষাৎ কৰাৰ পূৰ্বে কৰিব লাগিব RT-PCR, নির্দেশ মন্ত্রীসকলক

IMG 20250611 114635

Covid 19: দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিড (Covid)। সমগ্ৰ দেশত ইতিমধ্যে কৰ’নাত আক্ৰান্তৰ সংখ্যাই সাত হেজাৰ অতিক্ৰম কৰিছে।এনে পৰিস্থিতিত কেন্দ্রীয় চৰকাৰে প্রধানমন্ত্রীক সাক্ষাৎ কৰাৰ বাবে নতুন নিয়ম বাধ্যতামূলক কৰিছে৷

ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি এতিয়াৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিবলৈ যিকোনো মন্ত্ৰীৰ বাবে আৰ টি পি চি আৰ পৰীক্ষা বাধ্যতামূলক হ’ব।

ভাৰতত বৃদ্ধি পাইছে ক’ভিড (Covid)সংক্ৰমণঃ

বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা যি বিজ্ঞপ্তিত প্ৰকাশিত হৈছে, তাত দেখা গৈছে যে যোৱা ২৪ ঘন্টাত সমগ্ৰ দেশতে নতুনকৈ ৩০৬ জন ক’ভিড Covid সংক্ৰমণৰ তথ্য পোৱা গৈছে আৰু ছজন লোকৰ মৃত্যু হৈছে।

Exit mobile version