Majuli:
উৎকট গৰম তথা তীব্ৰ উষ্ণতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকললৈ এক নিৰ্দেশনা জাৰি কৰিছে।
আজিৰ পৰা বিদ্যালয়সমূহৰ নতুন সময় ধাৰ্য কৰা হৈছে । এল পি স্কুল সমুহ পুৱা ৭-৩০ বজাৰ পৰা ১১-৩০ বজালৈ, ইউ পি স্কুল সমুহ পুৱা ৭-৩০ বজাৰ পৰা ১২-০০ বজালৈ আৰু এইচ এছ, এইচ এছ এছ আৰু ছিনিয়ৰ মাধ্যমিক বিদ্যালয় পুৱা ৭-৩০ বজাৰ পৰা ১২-৩০ বজালৈকৰাৰ নিৰ্দেশ দিছে ।
নিৰ্দেশনা অনুসৰি বিদ্যালয়সমূহৰ ৰাতিপুৱা প্রাত:সভা ছাঁ থকা ঠাইত অথবা প্ৰেক্ষাগৃহ-শ্ৰেণীকোঠাত অনুষ্ঠিত কৰিব লাগিব, বুলি উল্লেখ কৰাৰ লগতে শ্ৰেণীকোঠাৰ প্ৰতিখন বেঞ্চত তিনিজনতকৈ অধিক ছাত্ৰ-ছাত্ৰীক বহিবলৈ দিব নোৱাৰিব।বিদ্যালয় কৰ্তৃপক্ষই প্ৰতিটো শ্ৰেণীকোঠাৰ সন্মুখত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নিশ্চিত কৰাৰ লগতে সকলো ছাত্ৰ-ছাত্ৰীকে নিয়মীয়াকৈ পানী খোৱাৰ বাবে উৎসাহিত কৰিব লাগিব, সকলো শ্ৰেণীকোঠাৰ বৈদ্যুতিক ফেন কাৰ্যক্ষম হ’ব লাগিব আৰু অকাৰ্যকৰী ফেন মেৰামতি বা সলনি কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব ।