Govt AC temperature: উৎকট গৰমত কিছু সকাহ পাবলৈ কম উষ্ণতাত এচি চলায়? আপোনাৰ সুখৰ দিনবোৰ সম্ভৱত শেষ হোৱাৰ পথত। এইবাৰ এচি চলোৱাৰ ক্ষেত্ৰত গাইডলাইন জাৰি কৰিবলৈ ওলাইছে কেন্দ্ৰীয় চৰকাৰে।
কিমান তাপমাত্ৰাত জনসাধাৰণে এচি চলাব সেইয়াও সীমিত হ’ব। এইয়ে ইংগিত দিলে কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লাল খট্টৰে ।
দৰাচলতে এচিৰ নিৰ্বিচাৰ ব্যৱহাৰৰ বাবে মানুহে বিদ্যুতৰ অপচয় কৰিছে। যিয়ে সমগ্ৰ দেশৰ বাবে শক্তি সংকটৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।
বিদ্যুতৰ বিপুল চাহিদাৰ স’তে মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰিছে পাৱাৰ গ্ৰীডে। সেয়ে গ্ৰীষ্মৰ এই তীব্র গৰমতো নাগৰিকক এচি ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিছে কেন্দ্ৰই। বুধবাৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে ইংগিত দিয়ে যে যদি মৌখিক সতৰ্কবাণীই কাম নকৰে তেন্তে এচিৰ পৰিচালনাৰ ক্ষেত্ৰত গাইডলাইন প্ৰস্তুত হ’ব পাৰে।
মনোহৰ লাল খট্টৰে কয়, “অতি সোনকালে ভাৰতত প্ৰথমবাৰৰ বাবে এয়াৰ কণ্ডিচনাৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ নিৰ্দেশনা আহিব। উষ্ণতাৰ সীমা ২০-২৮ ডিগ্ৰী চেলছিয়াছ নিৰ্ধাৰণ কৰা হৈছে। অৰ্থাৎ ২০ ডিগ্ৰী চেলছিয়াছৰ তলত এচি চলাব নোৱাৰিব।বা ইয়াক ২৮ ডিগ্ৰীতকৈ অধিক উষ্ণতাত চলাব নোৱাৰিব।”
সূত্ৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে এচিৰ নূন্যতম উষ্ণতাৰ সীমা ২৪ ডিগ্ৰী চেলছিয়াছত ৰাখিব বিচাৰিছিল। কিন্তু ই জনসাধাৰণৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি বিবেচনা কৰিলে নূন্যতম সীমা ২০ ডিগ্ৰী নিৰ্ধাৰণ কৰা হৈছে।
অৱশ্যে জনসাধাৰণক এচিৰ নূন্যতম উষ্ণতা ২৪ ডিগ্ৰীত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।আচলতে যদি উষ্ণতা সেই পৰিসৰৰ বাহিৰলৈ যায় তেন্তে এচিয়ে অতিৰিক্ত বিদ্যুৎ খৰচ কৰে। ইয়াৰ ফলত বিদ্যুতৰ সংকট আৰু অধিক বৃদ্ধি পাব পাৰে। যাৰ বাবে চৰকাৰে এই গাইডলাইন জাৰি কৰিবলৈ বাধ্য হৈছে।