Iran-Israel war has disrupted flights around the world:
ইৰান আৰু ইজৰাইলৰ মাজত আৰম্ভ হোৱা যুদ্ধই সমগ্র বিশ্বতে বিমানৰ চলাচল ব্যাহত কৰিছে। আকস্মিকভাবে দেশ দুখনৰ মাজত সংঘৰ্ষৰ সূত্রপাত ঘটাত তিনিখনকৈ দেশৰ আকাশমাৰ্গত বিমান চলাচল বন্ধ ৰখা হৈছে। ইয়াৰে এখন দেশ ইৰান হোৱাৰ বিপৰীতে আন দুখন হ’ল ইৰাক আৰু জর্দান।
এনেদৰে তিনিখনকৈ দেশৰ আকাশমাৰ্গত বিমানৰ চলাচল বন্ধ হোৱাত বিপাঙত পৰিছে ভাৰতীয় বিমান সংস্থা এয়াৰ ইণ্ডিয়াও। এয়াৰ ইণ্ডিয়াৰ বহু বিমানৰ যাত্রাপথ সলনি কৰা হয়।
উল্লেখ্য যে ইৰানৰ সীমান্তৱৰ্তী ইৰাকৰ পূব অঞ্চলৰ আকাশমাৰ্গ হ’ল বিশ্বৰে অন্যতম ব্যস্ত এয়াৰ কৰিড’ৰ (বিমান চলাচল কৰা পথ)। সম্প্রতি এই আকাশী পথ বন্ধ হৈ থকাত এছিয়াৰ কোনো বিমানেই পশ্চিমৰ তথা ইউৰোপৰ দেশসমূহলৈ যাত্ৰা কৰিব পৰা নাই। ফলত এয়াৰ ইণ্ডিয়াকে ধৰি বিভিন্ন বিমান সংস্থাৰ বিমানে পথ সলনি কৰিবলৈ বাধ্য হৈছে। ইয়ে এই বিমান সংস্থাসমূহক সমস্যাৰ মুখলৈ ঠেলি দিছে।
কাৰণ পূব ইৰাকৰ আকাশীপথৰে আন পথৰে যাত্ৰা কৰিলে বিমানসমূহৰ ইন্ধন ব্যয় বৃদ্ধি পায়। পূব ইৰাকৰ এই আকাশী পথৰেই সচৰাচৰ ইউৰোপলৈ যাত্ৰা কৰে এয়াৰ ইণ্ডিয়াৰ বিমানসমূহে। এই সম্পৰ্কত এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয়, ‘ইৰানত বিৰাজ কৰা সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশখনৰ আকাশমার্গ বন্ধ হৈছে। ফলত দেশখনৰ আকাশমাৰ্গৰে ইউৰোপৰ দেশসমূহলৈ বিমানসমূহে যাত্রা কৰিব পৰা নাই।
গতিকে বহু বিমানৰ যাত্রাপথ সলনি কৰা হৈছে। মাজপথৰ পৰা বহু বিমানক ঘূৰাই অনা হৈছে।’ এনেদৰে এয়াৰ ইণ্ডিয়াই ১৬ খন বিমানৰ যাত্রাপথ সলনি অথবা বিমানসমূহক মাজপথৰ পৰা ঘূৰাই আনিছে। আনহাতে, একাংশ বিমান সংস্থাই প্ৰকাশ কৰা অনুসৰি, বিকল্প পথৰূপে এছিয়াৰ পৰা বিমানসমূহে ইজিপ্ত আৰু ছৌডি আৰব হৈ ইউৰোপৰ বিভিন্ন দেশলৈ যাত্ৰা কৰিব পাৰে।
তদুপৰি তুৰস্ক, আজাৰবাইজান আৰু তুর্কমেনিস্তান হৈয়ো গন্তব্যস্থলীলৈ বিমানসমূহে যাত্ৰা কৰিব পাৰে। অৱশ্যে এনে বিকল্প পথৰে যাত্রা কৰিলে উৰণ কাল বৃদ্ধি পোৱাটো নিশ্চিত। ফলত বিমানসমূহৰ ইন্ধনৰ খৰচ বৃদ্ধি হ’ব।