Five banks have cut interest rates on home and car loans:
ভাৰতীয় ৰিজার্ভ বেংকৰ ৰেপ’ৰেট কর্তনে বৃহৎ সকাহ দিলে বিভিন্ন বেংকৰ গৃহ আৰু গাড়ী ঋণ গ্ৰহণকাৰীসকলক। বর্তমানলৈ ভাৰতীয় ষ্টেট বেংককে ধৰি পাঁচটা বেংকে গৃহ আৰু গাড়ী ঋণৰ সুতৰ হাৰ হ্রাস কৰা বুলি প্ৰকাশ কৰিছে।
এছবিআয়ে ঘোষণা কৰে যে বেংকে গৃহ আৰু গাড়ী ঋণৰ সুতৰ হাৰ ০.৫০ শতাংশ হ্রাস কৰিব। ফলত ৰেপ’ৰেটৰ স’তে সম্পর্কযুক্ত এছবিআইৰ ঋণৰ সুতৰ হাৰ ৮.৬৫ শতাংশৰ পৰা ৮.১৫ শতাংশলৈ হ্রাস পাব। এই নতুন সুতৰ হাৰ কাইলৈ (১৫ জুন)ৰ পৰা কাৰ্যকৰী হ’ব বুলি বেংকে প্রকাশ কৰিছে। ফলত কাইলৈৰ পৰা ঋণ গ্ৰহণকাৰী সকলৰ ইএমআইৰ পৰিমাণ হ্রাস পাব। উল্লেখ্য যে গৃহ ঋণৰ ক্ষেত্ৰত সুতৰ হাৰ ‘ছিবিল স্ক’ৰ’ত নিৰ্ভৰশীল। এছবিআয়ে গৃহ ঋণৰ নতুন সুতৰ হাৰ ইতিমধ্যে ধাৰ্য কৰিছে। টপ-আপ গৃহ ঋণৰ ক্ষেত্ৰত সুতৰ হাৰ আঠৰ পৰা ১০.৫০ শতাংশ আৰু মেক্সগেইন অভাৰড্রাফ্ট গৃহ ঋণৰ ক্ষেত্ৰত নতুন সুতৰ হাৰ ৭.৭৫ৰ পৰা ৮.৭ শতাংশ হ’ব।
ইতিমধ্যে পঞ্জাৱ নেচনেল বেংক, বেংক অৱ বৰোডা, ইণ্ডিয়ান বেংক আৰু বেংক অৱ ইণ্ডিয়ায়ো নতুন সুতৰ হাৰ ঘোষণা কৰিছে। একেদৰে যোৱা ১১ আৰু ১২ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰেপ’ৰেটৰে সম্পৰ্ক থকা ঋণসমূহৰ নতুন সুতৰ হাৰ ঘোষণা কৰিছে ইণ্ডিয়ান অভাৰচীজ বেংক, কানাড়া বেংক আৰু ইউনিয়ন বেংক অৱ ইণ্ডিয়াই। ইণ্ডিয়ান অভাৰচীজ বেংকৰ সুতৰ হাৰ ০.৫ শতাংশ হ্রাস পাইছে। আনহাতে, ইউনিয়ন বেংকৰ সুতৰ হাৰ ৮.২ শতাংশৰ ওচৰে-পাঁজৰে আছে। ইপিনে, কানাড়া বেংকৰ সুতৰ হাৰ ৮.৭৫ শতাংশৰ পৰা ৮.২৫ শতাংশলৈ হ্রাস পাইছে।