CM Himanta Viswa Sarma:
ড:হিমন্ত বিশ্ব শৰ্মা চৰকাৰ খনে পুনৰ ঋণ ল’বলৈ সাজু হৈছে ৷ চলিত মাহৰ ২৬ আগষ্টত ৪৫০ কোটিৰ ঋণ ল’ব চৰকাৰ খনে ৷
উল্লেখ্য যে চলিত মাহৰে ৫ আগষ্টত ঋণ লৈছিল প্ৰায় ৯০০ কোটি ৷ আনহাতে এটা মাহতে ৰাজ্য চৰকাৰে ১৩৫০ কোটি ঋণ লোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷
ইপিনে, চলিত আগষ্ট মাহত দ্বিতীয় বাৰৰ পুনৰ ৪৫০ টকা ঋণৰ আবেদন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত ইতিমধ্যে দাখিল কৰিছে অসম চৰকাৰে।
উল্লেখ্য যে কেগৰ প্ৰতিবেদনত কঠোৰ সকীয়নিৰ পিছতো দিছপুৰে বাৰেপতি ঋণ লৈ থকাত ক্ৰমাৎ অসম বৃহৎ ঋণগ্ৰস্ত হোৱাৰ দিশে যোৱা বুলি মন্তব্য কৰিছে সচেতন মহলে ৷
ADVERTISEMENT






























