What flight attendants do during takeoff and landing:
আহমেদাবাদৰ বিমান দুর্ঘটনাই অনেক প্ৰশ্নৰ উদ্রেক ঘটাইছে। তাৰ লগতে চর্চালৈ আহিছে বিমানৰ সুৰক্ষা সংক্রান্তীয় কৌশল, সংকেত আদিও। ইতিমধ্যে পোহৰলৈ আহিছে যে ভয়াৱহ দুর্ঘটনাটো সংঘটিত হোৱাৰ আগমুহূর্তত বিমানখনৰ পাইলটে ‘মে ডে কল’ কৰিছিল।
ঠিক যিদৰে সুৰক্ষাৰ স্বার্থত বিমান চালকসকলৰ সংকেত বার্তা আছে, সেইদৰে বিমান কর্মীসকলৰ বাবেও আছে কেতবোৰ নিয়ম। আছে বহা, থিয় হোৱাৰ আদিৰ নিৰ্দিষ্ট ভংগী। বিমান যদি দুর্ঘটনাৰ কবলত পৰে,জৰুৰী অৱস্থাৰ সৃষ্টি হয়, তেতিয়া কি কি কৰণীয় সেয়া যাত্রীসকলক শিকোৱা হয়। সেই কাম কৰা হয় বিমানখনে ৰাণৱে’ এৰাৰ পূর্বেই।
তথাপি বিমানখনে ৰাণৱে’ ত্যাগ কৰাৰ আগমুহূৰ্তত ছিট বেল্ট বান্ধি নির্দিষ্ট আসনত বিমান কর্মীসকলে কিদৰে বহে, সেয়া বাৰু কোনো বিমান যাত্রীয়ে কেতিয়াবা লক্ষ্য কৰিছেনে? লক্ষ্য কৰিলে দেখা যাব যে সেই সময়ত তেওঁলোকৰ দুই হাত থাকে উৰুৰ তলত। কার্যতঃ দুই হাতৰ তলুৱাত চাপ দি বহে তেওঁলোকে।
কেতিয়াবা আকৌ দুই উৰুৰ ওপৰত হাত দুখন থৈ বহাও দেখা যায়। তেতিয়াও হাতত ভৰ দি থাকে; কিন্তু কেতিয়াও তেওঁলোকে আসনৰ হেণ্ডেলত ধৰি নবহে।
এইদৰে বহাৰো এক বিশেষ কাৰণ আছে। ভাৰতীয় উৰণ প্রশিক্ষণ সংস্থাৰ প্ৰতিষ্ঠাপক তথা কর্ণধাৰ ৰাজ গোপালনে জনাইছে যে নিৰাপত্তা জনিত প্রট’কল মানিয়েই বিমান কর্মীসকলে সেইদৰে বহে। হাতত চাপ দি বহাৰ ফলত বিমানৰ হেন্ডোলনি বা আপৎকালীন পৰিস্থিতিত আঘাতৰ পৰা হাত সাৰিব পাৰে।
বিশেষকৈ হাত দুখন অলসভাৱে ওলোমাই ৰাখিলে আকস্মিকভাবে বিমানখনে আকাশপথত দুৰ্যোগৰ মুখত পৰিলে সৃষ্টি হোৱা জোকাৰণিৰ ফলত আঘাত পোৱাৰ আশংকা থাকে। বৰঞ্চ হাত দুখন কঠিন কৰি ৰাখিলে তথা উৰুৰ তলত নিৰ্দিষ্ট ভংগীত ৰাখি বহিলে বিমানখন উৰাৰ সময়ত হাউলি পৰি যোৱাৰ আশংকা নাথাকে। ইয়াৰ ফলত শৰীৰৰ ভাৰসাম্য অটুট ৰখাত সুবিধা হয়।
বিমান যাত্রীসকলক কেৱল সেৱা আগবঢ়োৱাই নহয়, বিপদসংকুল পৰিস্থিতিত তেওঁলোকক নিৰাপদে বাহিৰ কৰাৰ গুৰু দায়িত্ব থাকে বিমান কৰ্মীসকলৰ ওপৰত। বিমান উৰাৰ আগমুহূর্তত তেওঁলোকে কেৱল যাত্রীসকলক নিয়ম মানি কি কি কৰণীয় সেয়াই বুজনি নিদিয়ে, আচল সময়ত সেই কামো তেওঁলোকে কৰিবলগীয়া হয়।
আহমেদাবাদৰ বিমান দুর্ঘটনাত এই পর্যন্ত ২৭৪ গৰাকী নিহত হোৱাৰ তথ্য পোৱা গৈছে। মৃত্যু মিছিলৰ মাজতো আশ্চৰ্যকৰভাৱে প্ৰাণ ৰক্ষা পৰে এজন যাত্ৰীৰ। নিৰাপত্তা সংক্রান্তীয় এই নির্দেশিকাৰ কোনটোৱে যে বিপদৰ সময়ত কোন যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিব পাৰে, সেয়া আগতীয়াকৈ কোৱা সম্ভৱ নহয়।
সেই কাৰণেই বিমান সংক্রান্তীয় নির্দেশিকাবোৰ গুৰুত্ব সহকাৰে অনুসৰণ কৰা প্ৰয়োজন বুলি পৰামৰ্শ আগবঢ়াইছে বিমান প্রশিক্ষণ সংক্রান্তীয় কর্মকর্তাসকলে ৷