Narendra Modi:ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰদান কৰা হৈছে চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান। এই স্বীকৃতিৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।লগতে জনাই, এই সন্মানক তেওঁ ভাৰতৰ স’তে চাইপ্ৰাছৰ বন্ধুত্বৰ প্ৰতীক হিচাপে দেখিছে।
তেওঁ এই সন্মান লাভ কৰে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছৰ পৰা।চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান হৈছে ‘গ্ৰেণ্ড ক্ৰছ অফ মাকাৰিউচ ৩’ । এই সন্মান চাইপ্ৰাছৰ প্ৰথম ৰাষ্ট্ৰপতি মাকাৰিওচৰ ৩-ৰ নামেৰে নামাকৰণ কৰা হৈছে।
এই সন্মান গ্ৰহণৰ পাছত মোদীয়ে কয়,” এইটো কেৱল মোৰ নহয় কেৱল মই নহয়, ১৪০ কোটি ভাৰতীয়ই এই সন্মানৰ যোগ্য। ই ভাৰতীয়ৰ সামৰ্থ্যৰ প্ৰতি, ভাৰতৰ সংস্কৃতি, মূল্যবোধ আৰু বসুধৈৱ কুটুম্বকমৰ দৰ্শনৰ প্ৰতি সন্মান।”
ইয়াৰ পাছতে মোদীয়ে ভাৰত আৰু চাইপ্ৰাছৰ বন্ধুত্বৰ কথা কয়।তেওঁ এই সন্মান দুয়োখন দেশৰ বন্ধুত্ব আৰু পাৰস্পৰিক বুজাবুজিৰ বাবে উৎসৰ্গা কৰে। তেওঁৰ মতে, “এই সন্মান শান্তি, নিৰাপত্তা, সাৰ্বভৌমত্ব আৰু দুয়োখন দেশৰ জনসাধাৰণৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতীক।”
ভৱিষ্যতে ভাৰত আৰু চাইপ্ৰাছৰ সম্পৰ্কই নতুন উচ্চতা লাভ কৰিব বুলি আশাবাদী মোডী। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দুয়োখন দেশৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে একেলগে কাম কৰিব। দুয়োখন দেশৰ পৰ্যটন উদ্যোগৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে মোদীয়ে। তেওঁ কয়,”ভাৰতীয়সকলৰ বাবে চাইপ্ৰাছ অন্যতম জনপ্ৰিয় পৰ্যটন স্থান।” তেওঁ চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিকো ভাৰতলৈ আমন্ত্ৰণ জনায়।