Devastating fire in Bamonimaidam:
মহানগৰীৰ বামুণীমৈদামত বিধ্বংসী অগ্নিকাণ্ড ৷ অনুৰাধা ছবিগৃহ চৌহদত থকা পিৰামল ৰিছাৰ্চ এণ্ড মেনেজমেন্ট ইনষ্টিটিউটত সংঘটিত হয় এই অগ্নিকাণ্ড ৷
ADVERTISEMENT
অগ্নিকাণ্ডত ইনষ্টিটিউটৰ কাৰ্যালয়ৰ এটা কোঠা জুইত ভস্মীভূত হয় ৷ আনহাতে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপন গাড়ীয়ে অহৰত চেষ্টাৰ ফলত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ বৈদ্যুতিক শ্বট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সন্দেহ কৰা হৈছে ৷
উল্লেখ্য যে অগ্নিনিৰ্বাপনীৰ তৎপৰতাৰ বাবেই সৌভাগ্যক্রমে ৰক্ষা পৰে অনুৰাধা ছবিগৃহ সহ সমীপৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান ।