TMC Pressmeet:
অসম প্রদেশ তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এনআৰচি আৰু বৰ্তমান সময়ত এনআৰচিক লৈ অসম চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাৰ সন্দৰ্ভত মঙলবাৰে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ উপ-সভাপতি দুলু আহমেদে এক গুৰুত্বপূর্ণ সংবাদমেল সম্বোধন কৰে। প্ৰায় ১৯ লাখ লোকৰ নাম বাদ পৰা, বিসংগতিপূর্ণ এনআৰচি আৰু অসমে ভুগি অহা অনুপ্ৰৱেশকাৰীৰ সমস্যা ইত্যাদিৰ সন্দৰ্ভত আহমেদে কয় যে, “২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অসম যেন পুনৰবাৰ ক্ষমতাৰ ৰাজনীতিত আবদ্ধ হৈ পৰিছে, শাসকীয় পক্ষই সংকল্পৰ সলনি ভাষণ বাছি লৈছে। শেহতীয়াকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই “অনুপ্রৱেশকাৰীক পুছবেক কৰা হ’ব” বুলি কোৱা কথাটো নীতিৰ বক্তব্য নহয়, এয়া যেন এটা দশকৰ প্ৰশাসনিক আৰু আইনী বিফলতাৰ পৰা আঁতৰি যোৱাৰ এক হতাশজনক প্রচেষ্টা।
দীর্ঘদিনীয়া অবৈধ প্ৰব্ৰজনৰ বিষয়টোক স্পষ্টতা আনিবৰ উদ্দেশ্যে প্ৰকাশ কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন আমোলাতন্ত্রিক স্থবিৰতা আৰু চৰম ৰাজনৈতিক প্ৰতাৰণাৰ প্ৰতীক হৈ পৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ ভূমিকাত গ্রহণ কৰা এনআৰচিৰ প্ৰক্ৰিয়াটো বৃহৎ আৰু অংশগ্রহণমূলক আছিল। লাখ লাখ নাগৰিকে লিগেচি নথি-পত্র দাখিল কৰিলে আৰু কেন্দ্রীয় ৰাজকোষে এই কামৰ বাবে ১৬০০ কোটিৰো অধিক ধন ব্যয় কৰিলে। তথাপিও ২০১৯ চনৰ আগষ্ট মাহত চূড়ান্ত তালিকা প্রকাশ পোৱাৰ পাঁচ বছৰৰ পাছত ভাৰত চৰকাৰে ইয়াক চূড়ান্ত ৰূপত প্ৰকাশ কৰাত ব্যর্থ হোৱাৰ ফলত সমগ্র প্রক্রিয়াটো আইনগতভাৱে নির্বিকাৰ হৈ পৰিছে।
১৯ লাখৰো অধিক ব্যক্তি এতিয়া আইনী দুবিধাত বাস কৰে-ঘোষিত বিদেশীও নহয়, নাগৰিক হিচাপেও স্বীকৃতি পোৱা নাই-বহুতে আধাৰ, মৌলিক সেৱা আৰু মৰ্যাদাৰ পৰা বঞ্চিত হৈছে। শাসকীয় পক্ষৰ এনে স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে আমাৰ তৃণমূল কংগ্ৰেছৰ স্থিতি স্পষ্ট। এন আৰ চিৰ পৰা বাদ পৰা ব্যক্তিৰ বাবে বৈষম্যমূলক ব্যবহাৰক প্ৰত্যাহ্বান জনাই ইতিমধ্যে আমাৰ সাংসদ সুস্মিতা দেৱে ইতিমধ্যে এক গোচৰ ৰুজু কৰিছে।
মুখ্যমন্ত্ৰীয়ে ইয়াৰ আইনী ভিত্তি বা সমস্যাসমূহৰ গভীৰতা নুবুজি বাৰে বাৰে “পুছবেক”ৰ কথা ঘোষণা কৰিছে। ১৯৫০ চনৰ অনুপ্ৰৱেশকাৰী আইন আৰু আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়মৰ অধীনত যিকোনো অপসাৰণৰ ক্ষেত্ৰত যথাযথ প্রক্রিয়া আৰু দ্বিপাক্ষিক চুক্তি অনুসৰণ কৰিব লাগিব। কিন্তু বাস্তৱত এনে কোনো ব্যৱস্থাৰ স্বচ্ছভাৱে উল্লেখ কৰা হোৱা নাই। ইফালে কেন্দ্রই গোৱালপাৰাত এটা বৃহৎ ডিটেনচন চেণ্টাৰ নিৰ্মাণৰ বাবে কোটি কোটি টকা ব্যয় কৰিছে।
এই অমীমাংসিত প্ৰশ্নৰ জালত যোগ দি আছে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন। ৫৬টা পৰামৰ্শ গ্রহণ কৰা বুলি জনসাধাৰণৰ আশ্বাস দিয়াৰ পিছতো কোনো সুনির্দিষ্ট কাৰ্য্য পৰিকল্পনা বা সময়সীমা প্ৰকাশ কৰা হোৱা নাই। এনে স্পৰ্শকাতৰ বিষয়ত এই স্বচ্ছতাৰ অভাৱে বহু প্ৰশ্নৰ উত্থাপন কৰে।
লাহে লাহে স্পষ্ট হৈ পৰিছে যে, কেন্দ্ৰ আৰু অসম উভয়তে বিজেপিয়ে প্ৰব্ৰজনৰ সমস্যা সমাধানৰ বাবে নহয়, কেৱল মাত্র নির্বাচনী লাভালাভৰ বাবে পুনৰ ব্যৱহাৰৰ বাবে সাজু কৰিছে। যেতিয়া এন আৰ চিৰ অলিকাখনে আকাংক্ষিত সাম্প্রদায়িক ফলাফল দিব নোৱাৰিলে, তেতিয়া সেই তালিকাখন লুকুৱাই ৰখা হ’ল। বাদ পৰা সকলৰ ভাগ্যক লৈ প্ৰশ্ন উত্থাপন হ’লে ৰাজ্য চৰকাৰে মৌনতা গ্রহণ কৰে আৰু এতিয়া নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে আকৌ এবাৰ চৰকাৰে “অনুপ্ৰৱেশকাৰীৰ“ৰ কথা হৈছে। তৃণমূল কংগ্ৰেছৰ মতে পৰিচয়, নিৰাপত্তা, নাগৰিকত্ব শ্লোগান বা ভাষণেৰে নহয়, আইনৰ জৰিয়তে সুৰক্ষিত কৰিব লাগিব।
আমি অবৈধ প্ৰব্ৰজনকাৰীক ধৰা পেলোৱা আৰু বিতাড়নক সমর্থন কৰোঁ, কিন্তু সংবিধানৰ ভিত্তিত আৰু ন্যায়পালিকাৰ নিৰীক্ষণ প্ৰক্ৰিয়াৰ জৰিয়তেহে। অসমত বিজেপিৰ দহ বছৰীয়া শাসনৰ ফলত এন আৰ চিৰ কোনো চূড়ান্ততা নাই, ৬ নং দফা কাৰ্যকৰী হোৱা নাই, সু-সংহত বিতাড়নৰ ব্যৱস্থা নাই, খৰচ হোৱা কোটি টকা আৰু জীৱন বিঘ্নিত হোৱাৰ কোনো জবাবদিহিও নাই। “পুছবেক“ৰ ৰাজনীতি হৈছে এই দীঘলীয়া বিফলতাৰ তালিকাৰ সুবিধাজনক আৱৰণ। অসমৰ প্ৰতিজন সৎ নাগৰিকৰ অধিকাৰ ৰক্ষাৰ বাবে আমি অসম প্রদেশ তৃণমূল কংগ্রেছ সদায় প্রতিশ্রুতিবদ্ধ হৈ আছোঁ