হায়দৰাবাদৰ বেগমপেট বিমানবন্দৰত বিয়পি পৰিছে বোমাৰ আতংক! অব্যাহত অনুসন্ধান 

1750235093 begumpet

Bomb Threat: বুধবাৰে পুৱা হায়দৰাবাদৰ বেগমপেট বিমানবন্দৰত সংঘটিত হয় বোমাতংক ! আৰক্ষীৰ সূত্ৰ অনুসৰি একাংশ অচিনাক্ত ব্যক্তিয়ে ইমেইলৰ জৰিয়তে বোমা সম্পৰ্কীয় তথ্য প্ৰেৰণ কৰে।

তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে বিমানবন্দৰত তালাচী অভিযান আৰম্ভ কৰে। উপস্থিত হৈছে বোমা স্কোয়াডো।

বেগমপেটৰ সহকাৰী আৰক্ষী আয়ুক্তই জনোৱা মতে, বুধবাৰে পুৱা এটা ভাবুকি দিয়া ইমেইল আহিছিল। তাৰ পাছৰে পৰা বিমানবন্দৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত অনুসন্ধান চলোৱা হৈছে।

অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি এতিয়ালৈকে সন্দেহজনক একো পোৱা নাই। যদিও এতিয়াও অব্যাহত আছে অনুসন্ধান অভিযান।

উল্লেখ্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহত দেশৰ বিভিন্ন বিমানত বোমা বিস্ফোৰণৰ ভুৱা বাতৰি বিয়পি পৰে। দুসপ্তাহত ৪০০ৰো অধিক বিমানত বোমাৰ আতংক বিয়পি পৰিছে।

Exit mobile version