Excavation on 30 hectares:এক হেক্টৰৰ অনুমতি লৈ ৩০ হেক্টৰত খনন

চৰকাৰী পৃষ্ঠপোষকতাতে প্রকৃতি ধ্বংসযজ্ঞ চলাইছে কুখ্যাত আৰএছ গান্ধীয়ে, খনন বন্ধৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ৰাজ্য চৰকাৰকে তদন্তৰ নিৰ্দেশ

illegal min ing

Excavation on 30 hectares:

ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে শিল খনন নামত এটা বৃহৎ চক্রই অবাধে চলাই গৈছে ভয়াৱহ প্রকৃতি ধ্বংসযজ্ঞ। এই প্রকৃতি ধ্বংসযজ্ঞ তথা শিল খনন বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। আনকি আইন বহির্ভূতভাৱে অব্যাহত থকা শিল খননৰ বিৰুদ্ধে তদন্তৰো নিৰ্দেশ দিছে ন্যায়ালয়ে।

ADVERTISEMENT

উল্লেখ্য যে ৰাজ্যৰ কে’বাটাও প্রান্তত এক বা দুবছৰৰ নির্দিষ্ট সময়ৰ বাবে নির্দিষ্ট অঞ্চলত শিল খননৰ অনুমতি লৈ কোটি কোটি টকাৰ ৰাজহ ফাকিৰে ৰাজনৈতিক আশিসপুষ্ট এটা চক্রই আইনবহির্ভূতভাৱে শিল খনন অব্যাহত ৰাখি বনাঞ্চলৰ বৃহৎ অংশ ধ্বংস কৰি পেলাইছে।

তথ্যসহ এই অবৈধ শিলখননৰ বিৰুদ্ধে প্রকৃতিপ্রেমী দিলীপ নাথে উচ্চতম ন্যায়ালয়ত এক গোচৰ ৰুজু কৰে আৰু এই গোচৰটো পঞ্জীয়ন কৰি দেশৰ সর্বোচ্চ ন্যায়ালয়ে শীঘ্ৰে এই খনন বন্ধৰ লগতে তদন্তৰ নিৰ্দেশ দিয়ে বুলি নাথে সদৰী কৰিছে।

ইফালে, এই বনাঞ্চল ধ্বংসযজ্ঞত অন্যতম ভূমিকা পালন কৰিছে কুখ্যাত ৰণৰীৰ সিং গান্ধী ওৰফে আৰএছ গান্ধীয়ে। ৰাজনৈতিকভাবে শক্তিশালী এই গান্ধীয়ে এবছৰৰ বাবে এক হেক্টৰ অঞ্চলত শিল
খননৰ অনুমতি লৈ আজি কমেও ছয়-সাত বছৰে ৩০ হেক্টৰো অধিক অঞ্চলত অবৈধভাৱে শিল খনন কৰাৰ অভিযোগ উঠিছে।

তথ্য অনুসৰি, নগাঁও বন সংমণ্ডলৰ অধীনৰ সোণাইকুছি সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত অঞ্চলৰ এক হেক্টৰ ভূমিত গান্ধীক শিল খননৰ অনুমতি প্রদান কৰিছিল ৰাজ্য চৰকাৰে। এফপি/এএছ/কিউআৰৱাই/২৭/০২/২০১৭ নম্বৰৰ নিৰ্দেশনাৰ জৰিয়তে গান্ধীয়ে উল্লিখিত অঞ্চলত খননৰ অনুমতি লাভ কৰাৰ পাছতে উক্ত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰিব বিচাৰিছিল যদিও ভূমিখিনি প্ৰথম শ্ৰেণীৰ সংৰক্ষিত বনাঞ্চল হোৱা বাবে হৈ নুঠিল। অৱশ্যে ২০১৭ৰ ২২ আগষ্টত গান্ধীয়ে এবছৰৰ বাবে শিল খনৰৰ বাবে পৰিৱেশগত অনুমোদন (এনভায়ৰ্ণমেন্ট ক্লিয়াৰেন্স) লাভ কৰে যদিও ইয়াৰ ম্যাদ ২০১৮ৰ ২১ আগষ্টত অন্ত পৰে।

ম্যাদ শেষ হোৱাৰ পাছত কোনো পর্যায়ত দ্বিতীয়বাৰৰ বাবে অনুমতি প্রদান কৰা নাই আৰু এই সন্দৰ্ভত ৰাজহ জমা দিয়াৰো কোনো তথ্য নাই; কিন্তু গান্ধীয়ে ম্যাদ শেষ হোৱাৰ পাছতো চৰকাৰী পৃষ্ঠপোষকতাত বিয়াগোম বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ চকুৰ সন্মুখত বিনা বাধাই হেক্টৰ হেক্টৰ ভূমি খনন কাৰ্য অব্যাহত ৰাখিছে বুলি অভিযোগ উঠিছে সূত্রত প্রকাশ যে কুখ্যাত এই গান্ধী বাহিনীয়ে এতিয়াও নির্দিষ্ট অঞ্চলৰ সীমা অতিক্ৰম কৰি বহু ভিতৰলৈ বনাঞ্চল ধ্বংস কৰি শিল খনন অব্যাহত ৰাখিছে। উপগ্ৰহৰ চিত্ৰই বন ধ্বংসৰ ভয়াৱহ ছবি দাঙি ধৰিছে। কেৱল গান্ধীয়েই নহয়, আন কে’বাজনো ঠিকাদাৰেও আইনবহির্ভূতভাবে শিল খনন অব্যাহত ৰখাৰ অভিযোগ উঠিছে।

ইয়াৰ ভিতৰত নগাঁও দক্ষিণ সংমণ্ডলৰ অন্তৰ্গত ডবকা সংৰক্ষিত বনাঞ্চলত অলিউৰ ৰহমান লস্কৰ নামৰ ঠিকাদাৰজনক এক হেক্টৰ ভূমিত শিল খননৰ অনুমতি প্রদান কৰা হৈছিল। ২০১৭ৰ ২৫ আগষ্টত লস্কৰক পাঁচ বছৰৰ বাবে শিল খননৰ বাবে পৰিৱেশগত অনুমতি প্রদান কৰা হৈছিল; কিন্তু এই সীমা অতিক্ৰম কৰি কে’বা কিলোমিটাৰ বনাঞ্চল ধ্বংস কৰি লস্কৰে শিল ভাঙি আছে বুলি অভিযোগ উঠিছে। একেদৰে তেতেলীয়া বাঘৰা সংৰক্ষিত বনাঞ্চলত অনুমতি বিহীনভাৱে ঠিকাদাৰ ৰাহুল চন্দ্ৰ বৰদলৈয়ে পাহাৰ খনন অব্যাহত ৰখাৰ লগতে ডবকা সংৰক্ষিত বনাঞ্চলত ঠিকাদাৰ জিয়াউৰ ৰহমানে ভুৱা নথি দাখিল কৰি এক হেক্টৰৰ ভূমি শিল খননৰ অনুমতি লাভ কৰিছিল বুলি অভিযোগ উঠিছে।

উল্লেখ্য যে এই সমগ্র অবৈধ কাৰ্য চৰকাৰ শীৰ্ষ মহলৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত অব্যাহত থকাৰ অভিযোগ উঠিছে। যাৰ ফলত গান্ধী বাহিনীয়ে আইনবহির্ভূতভাৱে শিল খনন কৰি অবাধ হাৰত বনাঞ্চল ধ্বংস অব্যাহত ৰাখিছে। তদপৰি, এই অবৈধ খননৰ উপগ্ৰহীয় চিত্রসহ বহু তথ্য আদালতত দাখিল কৰিছে গোচৰকাৰীয়ে। অহা ৩০ জুলাইত গোচৰটোৰ শুনানি গ্রহণ কৰিব আদালতে।

Exit mobile version