Air india :দিল্লীৰ পৰা পুনে অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন। ইতিমধ্যেই বিমানখন নিৰাপদে অৱতৰণ কৰিছে পাইলটে। পুনেৰ পৰা দিল্লীলৈ উভতি অহাৰ কথা আছিল বিমানখন। অৱশ্যে এই ঘটনাৰ বাবে বিমানখনৰ উভতি অহা যাত্ৰা বাতিল কৰা হৈছে বুলি এয়াৰ ইণ্ডিয়াই জনাইছে।
শুকুৰবাৰে পুৱা পাঁচ বাজি ৩১ মিনিটত দিল্লীৰ পৰা পুনে অভিমুখে ৰাওনা হয় এয়াৰ ইণ্ডিয়াৰ বিমান AI 2469। পুৱা সাত বাজি ১৪ মিনিটত পুনে বিমানবন্দৰত অৱতৰণ কৰে।
বিমানখনত আছিল ১০০ৰো অধিক যাত্ৰী। পুনেত অৱতৰণ কৰাৰ পাছত বিমান সংস্থাটোৱে জনায়, এআই ২৪৬৯ বিমানখনৰ পৰৱৰ্তী বিমান বাতিল কৰা হৈছে।
বিমানখনত চৰাইৰ খুন্দা মৰা বুলি নিশ্চিত কৰিছে বিমান সংস্থাটোৱে। সেয়ে নিৰাপত্তাৰ স্বাৰ্থত বিমানখনৰ পৰৱৰ্তী উৰণ বাতিল কৰা হৈছে। বিমানখন ভালদৰে পৰিদৰ্শন কৰা হ’ব বুলিও জনোৱা হৈছে।সেইবাবেই এই সিদ্ধান্ত লোৱা হ’ল।
বিমানখনৰ উভতি অহা বিমান বাতিলৰ বাবে যাত্ৰীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিকল্প ব্যৱস্থাও কৰা হৈছে।






























