Cm Himanta Viswa sarma:
জনজাতীয় লোকক উচ্ছেদ কৰা বুলি চৰকাৰে বদনাম ল’ব নোৱাৰে আৰু এই কাৰণ দর্শাই কোকৰাঝাৰৰ পৰ্বতঝোৰাত প্রস্তাৱিত তাপবিদ্যুৎ প্রকল্পটো আন জিলালৈ স্থানান্তৰৰ তৎপৰতা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। দেওবাৰে দিছপুৰত এক সংবাদমেলত এই কথা সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে যদি এই বৃহৎ উদ্যোগটো নালাগে বুলি বিটিচিৰ ৰাইজে সিদ্ধান্ত দিয়ে, তেন্তে চৰকাৰে তাক বিকল্প স্থানলৈ স্থানান্তৰ কৰিব।
মুখ্যমন্ত্ৰীয়ে কয়, ‘ধুবুৰী আৰু গোৱালপাৰাত আমাৰ মাটি সাজু হৈ আছে। তাত ফেন্সিং দিয়া কামো চলিছে। প্রকল্পটো নালাগে বুলি যদি আমাক বিটিচিৰ পৰা কৈ দিয়ে, তেন্তে ধুবুৰী অথবা গোৱালপাৰাত আমি স্থাপন কৰিম। নৱেম্বৰত আধাৰশিলাও স্থাপন কৰা হ’ব। প্ৰকল্পটোৰ বাবে আদানীক মাটি দিয়াৰ কথা অহাই নাই। তিনি হেজাৰ মেগাবট বিদ্যুৎ উৎপাদনৰ বাবে আমি তাত উদ্যোগটো স্থাপনৰ সিদ্ধান্ত লৈছিলো।
তাৰ বাবে নিবিদা আহ্বানো কৰা হ’ব। ৪০ হেজাৰ কোটি টকা বিনিয়োগ হ’ব। এক লাখ লোকে প্রত্যক্ষ আৰু পৰোক্ষভাবে সংস্থাপন পাব। আমি ভাবিছিলো যে জাগীৰোডত ছেমিকণ্ডাক্টৰ হোৱাৰ পাছত কোকৰাঝাৰত ইমান ডাঙৰ প্ৰকল্পটো হওক। ৰাইজে ভাল পাব বুলিয়েই আমি প্রকল্পটো দিছিলো। বিটিচিৰ ৰাইজে যদি নালাগে বুলি নিজে কৈ দিয়ে আমি বিকল্প স্থানত কৰিম। জনজাতীয় লোকক উচ্ছেদ কৰা বুলি আমি বদনাম ল’ব নোৱাৰো।’
প্রসংগক্রমে মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে যি স্থানত প্রকল্পটো স্থাপন কৰিব বুলি সিদ্ধান্ত লৈছিল, তাত ৮০টা পৰিয়ালে চাৰি হেজাৰ বিঘা মাটি ৰাখি থৈছে। এই মাটি তেওঁলোকে আগন্তুক দিনত কোনো ভাল কামৰ কাৰণে দিব বুলিও মুখ্যমন্ত্রীয়ে আশা ব্যক্ত কৰে। উল্লেখ্য যে চৰকাৰে প্ৰকল্পটো স্থাপনৰ নামত মাটিৰ অধিগ্ৰহণ কৰাৰ বিৰোধিতাৰে বিগত দীর্ঘদিন ধৰি পৰ্বতঝোৰাত উত্তাল পৰিৱেশ সৃষ্টিহৈ আহিছে। ৰাইজে ধাৰাবাহিক বৃহৎ প্রতিবাদ সাব্যস্ত কৰি আহিছে। সেই মাটি আদানীৰ দৰে বৃহৎ পুঁজিপতিক হস্তান্তৰ কৰিব বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে। এনে পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ প্ৰকল্পটোক লৈ বিকল্প পথৰ কথা সদৰী কৰে।
# গোৱালপাৰাৰ উৰ্বদ-হাছিলা বিলক সংৰক্ষিত বনাঞ্চলৰ প্ৰস্তাৱ
ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকো অনুষ্ঠিত হয়। এই বৈঠকত কে’বাটাও সিদ্ধান্ত আৰু প্ৰস্তাৱ লোৱা হয়। তাক সদৰী কৰাৰ বাবে আয়োজিত সংবাদমেলত মুখ্যমন্ত্রীয়ে কয় যে গোৱালপাৰাৰ দুখন বিলক সুৰক্ষিত কৰাৰ বাবে তাক সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰৰ প্ৰস্তাৱ কেবিনেটে গ্রহণ কৰে। বিল দুখন হ’ল- উর্বদ আৰু হাছিলা। ইয়াৰে হাছিলা বিলত অলপতে বেদখল উচ্ছেদ চলোৱা হয়। মুখ্যমন্ত্রীয়ে কয়, ‘উর্বদ বিলৰ মাটিকালিৰ পৰিমাণ হ’ল ১০ হেজাৰ বিঘা। এইখন বিল সংৰক্ষণৰ বাবে বনাঞ্চললৈ ৰূপান্তৰৰ অনুমোদন আজি কেবিনেটে দিয়ে। চৰকাৰৰ প্ৰস্তাৱক লৈ অহা এমাহ ধৰি ৰাইজৰ ওজৰ-আপত্তি গ্ৰহণ কৰা হ’ব।
ৰাইজৰ যদি আপত্তি নাথাকে, তেন্তে বিলখন সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ হ’ব। এই বিলখনৰ লগত হাতীৰ গভীৰ সম্পৰ্ক আছে। তিনি হেজাৰৰো অধিক চৰাই বছৰি বিলখনলৈ আহে। গোটেই বছৰ ধৰি পদুম ফুল ফুলি থাকে। হাছিলা বিলৰ ২৪৫ হেক্টৰ ভূমি সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰৰ প্ৰস্তাৱ লোৱা হৈছে। এই প্রস্তাৱৰো ওজৰ-আপত্তি অহা এমাহলৈ গ্ৰহণ কৰা হ’ব। এই প্ৰস্তাৱটোৰ বাবেই মই পৰহিলৈ হাছিলা বিললৈ যাম।’
# কাৰ্বি আংলঙৰ বিদ্যুৎ প্রকল্পলৈ অনুমোদন
হিন্দুজা কোম্পানীয়ে পশ্চিম কাৰ্বি আংলঙৰ বৃহৎ ভূমিত এটা বিদ্যুৎ উৎপাদন কেন্দ্র স্থাপনৰ বাবে আগবাঢ়িছে। এই প্রতিষ্ঠানটো স্থাপনৰ বাবে ৰাজ্যিক কেবিনেটে অনুমোদন দিয়ে। মুখ্যমন্ত্ৰীয়ে সদৰী কৰা তথ্য অনুসৰি, কমেও ৫,৪০০ কোটি টকা বিনিয়োগৰে স্থাপন হ’বলগীয়া কেন্দ্ৰটোৰ পৰা দৈনিক ৯০০ মেগাৱাট বিদ্যুৎ উৎপাদন হ’ব।
# অংগনৱাড়ী কর্মী-ৰান্ধনিৰ সংৰক্ষণ-মাননি বৃদ্ধি
আজিৰ কেবিনেটত ৰাজ্যৰ অংগনৱাড়ী কৰ্মীসকলৰ হকে দুটা সিদ্ধান্ত গ্রহণ কৰা হয়। মুখ্যমন্ত্রীয়ে সদৰী কৰে যে ১০ বছৰ কাম কৰাৰ পাছত অংগনবাড়ী কর্মীসকল ছুপাৰভাইজৰ হ’ব পাৰে আৰু তাৰে ২৫ শতাংশ পদ তেওঁলোকৰ বাবে সংৰক্ষিত থাকে। সংৰক্ষণৰ হাৰ ৫০ শতাংশলৈ বৃদ্ধিৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰিছে। ইয়াৰ ফলত এতিয়াৰে পৰা পূৰ্বৰ ৭৫ শতাংশৰ পৰিৱৰ্তে ৫০ শতাংশ পদৰ বাবেহে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে প্রার্থী বাছনি কৰিব। বাকী ৫০ শতাংশ পদ অংগনৱাড়ী কৰ্মীৰ বাবে সংৰক্ষিত থাকিব।
আনহাতে, মধ্যাহ্ন ভোজন ৰান্ধনিসকলৰো মাননিৰ পৰিমাণ দুহেজাৰ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত কেবিনেট বৈঠকে গ্রহণ কৰে। ইয়াৰ ফলত মাননিৰ ৰাজ্য চৰকাৰৰ অংশ পাঁচশ টকাৰ পৰা এহেজাৰ টকালৈ বৃদ্ধি হ’ব। ইয়াৰ ফলত চৰকাৰৰ ১০৮ কোটি টকা অতিৰিক্ত ব্যয় হ’ব। বিষয়টোৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘অক্ষয় পাত্র ফাউণ্ডেছন অহাৰ পাছত ৰান্ধনিসকলৰ চাকৰি যাব বুলি কাৰোবাৰ প্ৰৰোচনাত তেওঁলোকে প্রতিবাদ জনাই আহিছে। বিশেষকৈ বাঁও পন্থী ৰাজনৈতিক আদৰ্শৰ লোক তেওঁলোকৰ মাজত সোমাই আন্দোলনমুখী কৰিছে। ৰান্ধনিসকলৰ চাকৰি নাযায় বুলি আমি বাৰে বাৰে কৈ আহিছো।’
# ঘৰ-বাহনৰ ঋণৰ সুবিধা সম্প্ৰসাৰিত
অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সর্বশিক্ষা অভিযানৰ লগতে বিদ্যুৎ খণ্ডৰ তিনিওটা কোম্পানীৰ কৰ্মচাৰীসকলেও চৰকাৰৰ আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ সুবিধা লাভ কৰিব। এই সিদ্ধান্তও আজি কেবিনেটত গ্ৰহণ কৰা হয়। তেওঁলোকেও গেৰাণ্টি অবিহনে চৰকাৰী কৰ্মচাৰীৰ সমানেই দুয়োখন আঁচনিৰ সুবিধা ল’ব পাৰিব বুলি মুখ্যমন্ত্রীয়ে সংবাদমেলত সদৰী কৰে।
# গঠন হ’ব ৰাভা উন্নয়ন পৰিষদ
ৰাভা উন্নয়ন পৰিষদ গঠনৰ বাবে আজি কেবিনেটে অনুমোদন জনায়। ৰাভা হাছং পৰিষদৰ পৰিসীমাৰ বাহিৰত বাস কৰা ৰাভা জনগোষ্ঠীৰ লোকৰ বাবে এই উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত লোৱা হয়।
# আঁচনি-কে’বাটাও প্রস্তাৱক লৈ সিদ্ধান্ত
কেবিনেটত আজি চৰকাৰে যোৱা বাজেটত উল্লেখ কৰা একাধিক আঁচনি আৰু কে’বাটাও প্রস্তাৱত অনুমোদন জনায়। আঁচনিৰ ভিতৰত অন্যতম হ’ল শ্রদ্ধাঞ্জলি আঁচনিখন। বহিঃৰাজ্যত কৰ্মৰত অসমৰ যুৱক-যুৱতীৰ যিকোনো কাৰণতে নহওক কিয়, মৃত্যু হ’লে বহু পৰিয়ালে নশ্বৰদেহ ঘৰলৈ আনিব নোৱাৰে। আৰ্থিক কাৰণতে এই অসুবিধাৰ সৃষ্টি হয়। মৃত্যু হোৱা যুৱক-যুৱতীৰ নশ্বৰদেহ ঘৰলৈ ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিখন গ্রহণ কৰিছিল। মুখ্যমন্ত্রীয়ে কয়, ‘আজি শ্রদ্ধাঞ্জলি আঁচনিখনত কেবিনেটে অনুমোদন জনায়। এই আঁচনিখন অসম আৰক্ষীৰ বিশেষ শাখাই চোৱা-চিতা কৰিব। ১১২ নম্বৰত ফোন কৰি তেনে বিপদত পৰা পৰিয়ালে আৰক্ষীৰ জৰিয়তে সহায় লাভ কৰিব।’
ৰাজ্যত সঞ্চিত হৈ থকা খনিজ সম্পদৰ সন্ধান চলাবলৈ কেবিনেটে আজি ‘আছাম ষ্টেট মিনাবেল এক্সপ্ল’ৰেছন ট্রাষ্ট কলছ, ২০২৫’ত অনুমোদন জনায়। আন এটা সিদ্ধান্ত অনুসৰি চৰকাৰে ছেবিত পঞ্জীয়ন কৰি তিনি হেজাৰ কোটি টকাৰে ‘আছাম ইন্ডাষ্ট্রিয়েল এণ্ড গ্রীণ গ্র’থ ফাণ্ড’ গঠন কৰিব। ষ্টার্টআপ, পুনৰ নবীকৰণ শক্তি, সেউজ আন্তঃগাঁথনি, কৃষি প্রযুক্তি, পর্যটন, অতি ক্ষুদ্র-ক্ষুদ্র-মজলীয়া উদ্যোগ স্থাপন আদি অগ্রাধিকাৰ ভিত্তিত খণ্ডবোৰত উদ্যোগ স্থাপন কৰিবলৈ আহিলে এই পুঁজিৰ পৰাই চৰকাৰে সহায় কৰিব। চন্দ্ৰপুৰত স্থাপন হ’বলগীয়া নবোদয় বিদ্যালয়ৰ বাবেও আজি ৪০ বিঘা ভূমি কেবিনেটে আবণ্টন দিয়ে। চন্দ্ৰপুৰ বাগিচা গাঁৱত এই ভূমি আবণ্টন দিয়া হৈছে। কেবিনেটত বসুন্ধৰা-৩ত ধর্মীয় স্থান, উপাসনা গৃহ আদিক ভূমি আবণ্টনক লৈ হোৱা আলোচনাত ৫১৮টা প্ৰস্তাৱৰ ভূমি বন্দৱস্তিত অনুমোদন জনোৱা হয়।
# উভয় লিংগৰ লোকক শ্রেণীভুক্ত
মুখ্যমন্ত্রীয়ে সংবাদমেলত সদৰী কৰে যে কেবিনেটে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অনুসৰণ কৰি উভয় লিংগৰ লোকসকলক সামাজিক আৰু বিদ্যায়তনিকভাৱে পিছপৰা শ্ৰেণীৰ অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। তেওঁলোকক ইয়াৰ বাবে পৰিচয় পত্ৰ দিয়া হ’ব। অৱশ্যে তাৰ বাবে তেওঁলোক অসমৰ প্ৰকৃত বাসিন্দা হ’ব লাগিব।






























