Jayanta Malla Baruah Pressmeet:
গীৰ গাই বিতৰ্কক লৈ লোকসেৱা ভৱনত অনুষ্ঠিত এক সংবাদমেলত পুনৰ সোচ্ছাৰ হৈ পৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। গৰুখুঁটিলৈ অনা গীৰগাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ফাৰ্মে ক্ৰয় কৰাক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা বিৰ্তক সম্পৰ্কত মন্ত্ৰী বৰুৱাই কয়,গৰুখুঁটিলৈ অনা ৩০০ গীৰগাইৰ ভিতৰত ৯০ জনী গীৰগাইৰ বিক্ৰীৰ বাবে আহ্বান কৰা হৈছিল নিবিদা ৷ সেই অনুসৰি মন্ত্ৰী বৰুৱাৰ পত্নীৰ ফাৰ্মে ক্ৰয় কৰিছিল ২০ গৰাকী গীৰগাই ৷ প্ৰতিজনী গীৰ গাইৰ দাম নিৰ্ধাৰণ কৰা হৈছিল ৬৬ হাজাৰ টকা ৷
কিন্ত শেহতীয়াকৈ একাংশ সংবাদ মাধ্যমত গীৰ গাইক লৈ কেতবোৰ বিভ্ৰান্তিমূলক বাতৰি পৰিৱেশন হৈ থকা বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে সংবাদমেলত এটা সংবাদ গোষ্ঠীক টাৰ্গেট কৰি বহু মন্তব্য আগবঢ়াই ৷
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু কয় যে,তেওঁৰ পত্নীৰ ফাৰ্মে ২০ জনী গীৰগাই ক্ৰয় কৰাৰ বিপৰীতে জিএমডিএ উপাধ্যক্ষ নাৰায়ণ ডেকাই ২ জনী,মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই ২ ,জোনাই বিধায়ক ভূবন পেগুৱে ১০,গহপুৰৰ বিধায়ক ৪,কমলপুৰৰ বিধায়ক২ ,বাবুল নাথ ৩০,নিৰজ বৰা ২০ আৰু জেএমবি এক্ৰুৱা এগ্ৰ’ লিমিটেডে ২০ জনী গীৰ গাই নিবিদাৰ জৰিয়তে ক্ৰয় কৰিছে ৷
আনহাতে মন্ত্ৰী গৰাকীয়ে আৰু কয় যে, ২০ খন ফাৰ্মক ৰাজসাহায্য দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰণালয়ে বিজ্ঞাপন প্ৰকাশ কৰিছিল ৷ সেই অনুসৰি ১৬ খন আবেদন পৰাৰ বিপৰীতে কিবা কাৰিকৰী কাৰণত এখন আবেদন নাকচ হৈছিল ৷ মোৰ সহধৰ্মিনীৰ ফাৰ্মে মুঠ ১ কোটি ৬৪ লাখ ৮৮ হাজাৰ টকাৰ প্ৰকল্প ৰিপৰ্ট দাখিল কৰিছিল ৷ সেই অনুসৰি এই প্ৰকল্পৰ ওপৰত লাভ কৰিছিল ৰাজসাহায্য৷ এয়াটো কাকো অন্যায় কৰি লাভ কৰা নাই ৰাজসাহায্য ৷
মন্ত্ৰী বৰুৱাই আৰু কয়,মই যিদিনাৰ পৰা বিজেপি দলত যোগদান কৰিলো, তেতিয়াৰ পৰা কোনো দিন অনৈতিক, অনিয়ম কাম কৰা নাই। অৱশ্যে কংগ্ৰেছ দলত থাকোতে সেই সময়ত আমাক কিছুমান কাম কৰিবলৈোএক প্ৰকাৰ বাধ্য কৰাইছিল ৷ ইয়াৰ বাবে দায়ী সেই সময়ৰ কংগ্ৰেছ নেতৃত্ব ৷ বিগত ২০১৫ ত বিজেপিত যোগদান কৰাৰ পিছৰে পৰা দহবছৰ দিন ধৰি কোনো অনিয়মত জড়িত হোৱা নাই ৷
মই বিজেপি কৰ্মকৰ্তা হিচাপে নহয় এজন স্বামী আৰু সন্তানৰ পিতৃ হিচাপে এই সংবাদমেল সম্বোধন কৰি দৃঢ়তাৰে কও যে বিজেপিত যোগদানৰ পিছৰে পৰা কেতিয়াও কোনো ক্ষেত্ৰত অসামাজিক কাম কৰা নাই ৷ কিন্ত প্ৰকৃত বাতৰি কৰাৰ বিপৰীতে চালে- বেৰে কোৱাই কিছুমান অসত্য বাতৰি পৰিৱেশন কৰি ৰাইজৰ মাজত বিভ্ৰান্তিকৰ পৰিস্থিতি সৃষ্টি কৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷




































