Union Minister Sonowal visits Kamakhya Temple :
মা কামাখ্যাৰ আশীৰ্বাদ আৰু কৃপাদৃষ্টিৰে মুখৰিত পৱিত্ৰ অম্বুবাচী মেলাৰ অন্তত আজি নীলাচলৰ অপৰূপ সৌন্দৰ্যৰ মাজত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেৱী মাৰ শ্ৰীচৰণত নতশিৰে সেৱা-প্ৰাৰ্থনা আগবঢ়ায়। পুণ্যভূমি মা কামাখ্যা ধামলৈ আহিলে প্ৰতিবাৰেই এক নতুন উদ্দীপনা আৰু উদ্যমেৰে দেশৰ সেৱা কৰি যোৱাৰ শক্তি লাভ কৰোঁ বুলি উল্লেখ কৰি সোণোৱালে অনাগত দিনবোৰতো সকলোৰে জীৱনত অনাবিল সুখ-সমৃদ্ধি বিৰাজমান হৈ থকাৰ আশা ৰাখি মা কামাখ্যাৰ আশিষ কামনা কৰে।
ADVERTISEMENT
































