Nagaon Drama:
নগাঁও জিলাৰ বিৰহ-বেবেজীয়াত ২৬ জুনৰ সন্ধিয়া সফলতাৰে মঞ্চস্থ হয় চম্পক শৰ্মাৰ ‘বদনাম’ নামৰ নাটখন । নগঞা নাট্যশিল্পী ভৱজিৎ কুমাৰ শইকীয়াই পৰিচালনা কৰা নাটখন অঞ্চলটোৰ তিনি শতাধিক নাট অনুৰাগীয়ে উপভোগ কৰে ।
বিৰহ-বেবেজীয়াৰ ‘জ্ঞানদীপ পুথিভঁৰাল আৰু যুৱক সংঘ’ৰ উদ্যোগত অনুষ্ঠিত হোৱা চম্পক শৰ্মাৰ এই নাটখন হৈছে অন্যায় আৰু অনীতিৰ বিৰুদ্ধ একপ্ৰকাৰৰ বিদ্ৰোহ । এজন সৎ যুৱকে অন্যায়ৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ বাবেই তেওঁৰ ওপৰত বদনাম জাপি দি এক ন্যস্তস্বাৰ্থজড়িত মহলে সজালে সন্ত্ৰাসবাদী । যাৰ ফলশ্ৰুতিত থানবান হ’ল তেওঁৰ সুখ-স্বাচ্ছদ্যৰে পৰিপূৰ্ণ সংসাৰ ।
কিন্তু সত্য আৰু ন্যায়ৰ ধ্বজা উৰুৱাই তেওঁ এই বদনামৰ পৰা অৱশেষত লাভ কৰে মুক্তি । এয়াই হৈছে নাটকৰ অনিৰুদ্ধ গতি । দুই-এক সৰু-সুৰা খুটিনাটিৰ বাহিৰে নাটখনৰ মঞ্চায়ন সাৱলীল বুলি অভিহিত কৰিব পাৰি । দুই এজন অভিজ্ঞ নাট্যকৰ্মীৰ বিপৰীতে এচাম নতুন নটসৈনিকক লৈ পৰিচালকে দক্ষতাৰ পৰিচয় দাঙি ধৰি উপভোগ্য কৰি তুলিলে নাটখনি ।
পবিত্ৰ শইকীয়াৰ সংগীত সমৃদ্ধ নাটখনৰ অভিনয় শিল্পীসকল হৈছে চুমি দেৱী, জয়ন্ত নাথ, ত্ৰিদিব বৰা, নয়ন শইকীয়া, হিমাদ্ৰী ভূঞা, মণিকংকনা তেজস্বী, মিণ্টু নাথ, টিনা শইকীয়া, মিঠু শৰ্মা, দিব্যজ্যোতি নাথ, পাপু নাথ, জ্যোতিপ্ৰসাদ বৰকাকতি, হীৰকজ্যোতি নাথ আদি ।এনৰি ক্লান্সৰ নৃত্য নিৰ্দেশনাৰে উজলি উঠা নাটখনৰ মঞ্চসজ্জাৰ শিল্পী আছিল টংকেশ্বৰ বৰদলৈ ।






























