Kanta Laga girl:প্ৰয়াত ‘কাঁটা লাগা গাৰ্ল’ শ্বেফালী জাৰিৱালা। হৃদৰোগত আক্ৰান্ত হৈ মাত্ৰ ৪২ বছৰ বয়সত প্ৰাণ হেৰুৱালে জাৰিৱালাই।মডেল-অভিনেত্ৰীগৰাকীৰ আকস্মিক মৃত্যুত অভিনয় জগতখন স্তম্ভিত হৈ পৰিছে।
মুম্বাইৰ এখন চিকিৎসালয়ৰ সূত্ৰ অনুসৰি শুকুৰবাৰে শ্বেফালী হাৰ্ট এটেকত আক্ৰান্ত হয়। তৎক্ষণাৎ তেওঁক স্বামীয়ে চিকিৎসালয়লৈ লৈ যায়।
চিকিৎসালয়ৰ ৰিচেপচনিষ্টগৰাকীয়ে জনোৱা মতে, চিকিৎসালয়লৈ যোৱাৰ পথতে শ্বেফালীক মৃত ঘোষণা কৰে চিকিৎসকে।
২০০২ চনত ডিজে ডলৰ মিউজিক ভিডিঅ’ত ‘কাঁটা লাগা গাৰ্ল’ গীতটোৰ পুনৰ্নিৰ্মাণ পৰিবেশন কৰি শ্বেফালীয়ে নিশাটোৰ ভিতৰতে চেনচেচনত পৰিণত হৈছিল।
তেতিয়াৰ পৰাই তেওঁক ‘কাঁটা লাগা গাৰ্ল’ বুলি জনা যায়।
অভিনেত্ৰী তথা মডেলগৰাকীৰ অকাল বিয়োগত হতবাক হৈ পৰিছে সকলো ।






























