Goalpara Incident:
আৰক্ষী প্রশাসনৰ নিষ্ক্রিয়তা, দুর্নীতি আৰু খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ বন্ধা নীতিৰ পৰিণতিত ৰাজ্যৰ চৌদিশে বিৰাজ কৰিছে অৰাজকতা। নিয়ন্ত্রণহীন পৰিৱেশত একাংশ উদণ্ড লোকে আইন হাতত তুলি লোৱাৰ ঘটনা দিনকদিনে বৃদ্ধি পাইছে। ইয়াকে প্রতিপন্ন কৰি একাংশ উদণ্ড লোকে সামাজিক মাধ্যমত জনপ্রিয় আচার্য পংকজ পাঠকক ৰাজহুৱাভাৱে কাণত ধৰাই, আঁঠু কঢ়াই অপদস্থ কৰাৰ সময়ত উপস্থিত থকা আৰক্ষীয়ে কোনো ব্যবস্থা নল’লে।
বিভিন্ন সময়ত নিৰীহ লোককো ধৰি বান্ধি আনি অনাহকত হাৰাশাস্তি কৰা আৰক্ষীৰ চকুৰ সন্মুখতে সংঘটিত হ’ল একাংশ লোকে আইন হাতত তুলি লোৱাৰ ঘটনা। উল্লেখ্য যে শেহতীয়াভাবে পাঠকে তপা মূৰৰ ব্যক্তিৰ চুলি গজিবলৈ ঔষধ বিতৰণ কৰি আহিছে। বুধবাৰে তেওঁ গোৱালপাৰা বিহু পথাৰত এই ঔষধ বিতৰণী অনুষ্ঠানৰ আয়োজন কৰে। পুৱা আঠ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আয়োজন কৰা এই অনুষ্ঠানতে অঘটন সংঘটিত হয়।
অভিযোগ অনুসৰি, এজন অৱসৰপ্ৰাপ্ত শিক্ষকে পাঠকৰ পৰা ঔষধ বিচাৰি অপদস্থ হ’বলগীয়া হয় ।ইয়াৰ ক্ষোভত আইন হাতত তুলি একাংশ উদণ্ড লোকে পঠকক কাণত ধৰাই আঁঠু কড়াই ‘শাস্তি’ বিহে। আনকি ক্ষমা বিচৰাতহে এই উদণ্ড লোকসকলে অসহায় পাঠকক ৰেহাই দিয়ে। এই খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি হয়। সামাজিক মাধ্যমত একেমুখে ঘটনাটোক গৰিহণা দিয়ে।
একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে যে যদি পাঠকৰ দোষ আছিল তেন্তে সেই লোকসকলে তেওঁক অপদস্থ কৰাৰ পৰিৱৰ্তে আৰক্ষীক গতাই দিব লাগিছিল তাকে নকৰি এই লোকসকলে আইন হাতত তুলি এজন অসহায় লোকক আঁঠু কঢ়োৱা কাৰ্যক বহুতে ধিক্কাৰ দিছে।
আনহাতে, এই ঘটনাই ৰাজ্যত এক অৰাজক পৰিৱেশ সৃষ্টি হোৱাৰ আভাস দাঙি ধৰা বুলি চর্চিত হৈছে। শেহতীয়াভাৱে ৰাজ্যত অনেক জঘন্য অপৰাধৰ ঘটনাও সংঘটিত হৈছে। বিগত সময়ত সংঘটিত একাধিক লোমহর্ষক অপৰাধৰ অপৰাধীক ধৰাত আৰক্ষীয়েও ব্যর্থতা প্রদর্শন কৰি আহিছে। এনে ঘটনাই ৰাজ্যত অৰাজক পৰিৱেশ সৃষ্টিত অৰিহণা যোগোৱা বুলিও চর্চিত হয়।
আনহাতে, বুধবাৰৰ ঘটনা সন্দৰ্ভত ‘আচার্য’ পাঠকে কয়, ‘আমাৰ ভুল হৈছে। গোৱালপাৰাবাসীৰ ওচৰত নিঃচৰ্ত ক্ষমা বিচাৰিছো এজন ব্যক্তিয়ে আমাৰ ঔষধৰ বটল বিচৰাত মই নিদিওঁ বুলি কোৱাত ঘটনাৰ সূত্রপাত ঘটে। মোক ঠেলা-গতা কৰাত মোৰ কৰ্মচাৰীয়ে হস্তক্ষেপ কৰে। লগে লগে পৰিস্থিতি জটিল হয়। আমাৰ যদি ভুল হৈছে ক্ষমা কৰি দিব।’ অৱশ্যে এই ঘটনাৰ বাবে তেওঁ প্ৰশাসনক দায়ী কৰা নাই। প্রশাসনে অনুষ্ঠান চলি থকাৰ সময়ত চাৰি-পাঁচজন আৰক্ষীও বিহু পথাৰত নিয়োগ কৰি ৰখা বুলি তেওঁ সদৰী কৰে।
অভিযোগ অনুসৰি, অসহায় ‘আচার্য’ পাঠকক শাৰীৰিকভাৱে অপদস্থ কৰে তপন চক্ৰৱৰ্তী নামৰ এজন লোকে। আনহাতে, পাঠকক কাণত ধৰাই আঁঠু কড়াই থোৱা একাংশ উদণ্ড লোকে উচ্চবাচ্য কৰি ‘বীৰত্ব’ প্ৰদৰ্শনৰ চেষ্টা কৰে। এই ক্ষেত্ৰত আগভাগ লয় তপন চক্রবর্তীয়ে। ‘অধিবেশন’ বুলি পাঠকে অভিহিত কৰা এই ঔষধ বিতৰণ কাৰ্যসূচীত অনেক লোকে ভিৰ কৰে।
পাছত ফে’চবুকত তেওঁ ‘মোৰ গুৰু ৰাজীৱ দীক্ষিতৰ দৰে মোকো হত্যা কৰিব বিচাৰিছে’ বুলি এটা প’ষ্টো দিয়ে। আজি পাঠকে কোকৰাঝাৰত ‘ঔষধ বিতৰণী’ কাৰ্যসূচীৰ আয়োজন কৰিছে। লক্ষ্যণীয়ভাবে পাঠকে চুলি নথকা মানুহৰ চুলি গজাৰ বাবে বিতৰণ কৰা এই ঔষধ বিতৰণ কাৰ্যসূচীক লৈ একাংশ চিকিৎসকে বিৰূপ প্রতিক্রিয়া প্রকাশ কৰি আহিছে।
ইপিনে, বুধবাৰে এজন লোকে অভিযোগ উত্থাপন কৰে যে ‘আচার্য পাঠকে চৰকাৰক জিএছটি ফাকি দি এই ঔষধ বিতৰণ কৰি আছে। ৰছিদ নিদিয়াকৈয়ে তেওঁ ১০ লক্ষাধিক টকাৰ ঔষধ বিতৰণ কৰা বুলিও লোকজনে অভিযোগ উত্থাপন কৰে।
