Odisha:পুনৰ মধ্যযুগীয় বৰ্বৰতা! অন্যজাতলৈ বিয়া দিয়াৰ অপৰাধত একেটা পৰিয়ালৰ ৪০ জন সদস্যক ’মুণ্ডন’ কৰাৰ অভিযোগ উত্থাপন হৈছে ওড়িশাত। কেৱল সেয়াই নহয়, বিয়াৰ পাছত পৰিয়ালৰ সদস্যসকলক ‘এঘৰীয়া’ কৰি দিয়াৰো অভিযোগ।
ওড়িশাৰ ৰাইগাড জিলাৰ কাশীপুৰ ব্লকৰ বাইগানগুডা গাঁৱত সংঘটিত হৈছে এই ঘটনা। তথ্য অনুসৰি,অনুসূচিত জনজাতি (এছ টি) সম্প্ৰদায়ৰ এগৰাকী যুৱতীয়ে কাষৰীয়া গাঁৱৰ অনুসূচিত জাতি (এছ চি) সম্প্ৰদায়ৰ এজন যুৱকৰ স’তে বিবাহপাশত আবদ্ধ হয়। এই বিবাহ হোৱাৰ পাছৰ পৰাই গাঁৱৰ মানুহৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।
ইয়াৰ পাছতে সকলোৱে মিলি আলোচনা কৰি, যুৱতীগৰাকীৰ পৰিয়ালটো এঘৰীয়া কৰে । পিছলৈ চৰ্ত দিয়া হ’ল যে ‘শুদ্ধি’ৰ জৰিয়তেহে তেওঁলোকক সমাজত পুনৰ সংস্থাপন কৰা হ’ব। নহ’লে গোটেই জীৱন এঘৰীয়া হৈ থাকিব লাগিব।
একপ্ৰকাৰৰ হেঁচাত পৰি ছোৱালীজনীৰ পৰিয়ালে শুদ্ধিকৰণৰ বাবে সন্মতি দিলে। লগে লগে পৰিয়ালটোৱে এটা মন্দিৰত পূজা কৰি এটা জন্তু বলি দিয়ে।
ইয়াৰ পাছতে পৰিয়ালৰ সকলো সদস্যৰ মূৰৰ চুলি কাটি দিয়া হ’ল। শেহতীয়াকৈ এনে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
ভিডিঅ’টোত দেখা গৈছে যে ৪০ জন লোকক মুণ্ডন কৰোৱাই পথাৰত বহিবলৈ দিছে।এই তথ্য পোহৰলৈ অহাৰ লগে লগে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে। কাশীপুৰৰ বিডিঅ’ বিজয় ছেই বিষয়টোৰ সবিশেষ তদন্তৰ নিৰ্দেশ দিছে।
তদন্তৰ বাবে গাঁওখনলৈ প্ৰেৰণ কৰিছে ব্লক পৰ্যায়ৰ এজন বিষয়াক। প্ৰতিবেদনৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনোৱা হৈছে।






























