Accident at Star Cement Plant:
কৰ্তব্যৰত অৱস্থাতে বুধবাৰে মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ চামতাস্থিত ষ্টাৰ চিমেণ্টৰ কাৰখানাত কয়লা গুড়ি কৰা যন্ত্ৰত সোমাই প্রাণ হেৰুৱালে এজন যুৱ অভিযন্তাই। ঘটনাটোত পাঁচজন কৰ্মৰত শ্রমিকো আহত হয় বুলি সূত্রই জনায়।
সূত্রই জনোৱা মতে,বুধবাৰে আগবেলা কাৰখানাটোৰ কয়লা গুড়ি কৰা ইউনিটত কর্তব্যত নিয়োজিত হৈ থকাৰ সময়তে শিৱা তিৱাৰী (২৭) নামৰ যুৱ অভিযন্তাজন কয়লা গুড়ি কৰা যন্ত্ৰত সোমাই পৰে। ফলত যন্ত্রটোত বিজুতি ঘটি গৰম কয়লা চৌদিশে ছিটিকি পৰে। ইয়াৰ ফলত অভিযন্তাজনৰ সমগ্ৰ দেহ গৰম কয়লাই পুৰি পেলোৱাত তেওঁ মৃত্যুমুখত পৰে বুলি সূত্রই জনায়।
তদুপৰি এই দুর্ভাগ্যজনক ঘটনাত যন্ত্ৰটোৰ ওচৰত কৰ্মৰত অৱস্থাত থকা পাঁচজন শ্রমিক গুৰুতৰভাৱে আহত হয়। ইয়াৰে তিনিজন শ্রমিকক প্রসন্ন মেধি (৩৮), সত্য সৰকাৰ আৰু ৰঞ্জিত বৰদলৈ (৩০) বুলি চিনাক্ত কৰা হৈছে। সূত্রই জনোৱা মতে, মুমূর্ষু অৱস্থাত অভিযন্তাজনসহ শ্রমিককেইজনক সোণাপুৰ জিলা চিকিৎসালয়ত ভর্তি কৰোৱা হয়। পাছত চিকিৎসাধীন অৱস্থাত অভিযন্তাজনৰ মৃত্যু হয়।
ইপিনে, ঘটনা সন্দর্ভত দণ্ডাধীশ জিলা চিকিৎসালয়ত উপস্থিত হৈ মৃতজনৰ সবিশেষ তথ্য সংগ্ৰহ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। আহত কেইজনকো উন্নত চিকিৎসাৰ বাবে কাৰখানা কর্তৃপক্ষই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভর্তি কৰে। আহতসকলৰ ভিতৰত প্ৰসন্ন মেধিৰ অৱস্থা অধিক সংকটজনক হোৱাত তেওঁক চিকিৎসালয়ৰ জৰুৰীকালীন কক্ষ (আইচিইউ)ত ভর্তি কৰোৱা হয় বুলি সূত্রই জনায়।
ইপিনে, কাৰখানাটোত শ্রমিক-কর্মচাৰীৰ সুৰক্ষাজনিত দিশটো আওকাণ কৰাৰ পৰিণতিত এই মর্মান্তিক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই সমগ্র ঘটনা সন্দৰ্ভত ষ্টাৰ চিমেণ্ট কর্তৃপক্ষই ৰহস্যজনক নীৰৱতা অৱলম্বন কৰিছে। ঘটনাটোক প্রতিষ্ঠানটোৱে গাপ দিয়াৰ চেষ্ট চলোৱা বুলিও চর্চা হৈছে।




































