Eviction in Krishnai, Paikan Reserved Forest :
গোৱালপাৰা জিলাত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান। হাছিলা বিলৰ পাছত এইবাৰ জিলাখনৰ কৃষ্ণাইৰ ৭১১ হেক্টৰ মাটিকালিৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ মুঠ ১৩৮ হেক্টৰ ভূমিত চলিব উচ্ছেদ অভিযান। চৰকাৰী তথ্য মতে, এই উচ্ছেদৰ জৰিয়তে ১৭ শ পৰিয়ালৰ ঘৰ-বাৰী উচ্ছেদ কৰা হ’ব। ইয়াৰ বাবে ইতিমধ্যে সাজু হৈছে গোৱালপাৰা জিলা প্রশাসন আৰু বন বিভাগ।
বন বিভাগে ইতিমধ্যে বিদ্যাপাৰা, বেতবাৰী আদি অঞ্চলত জাননী জাৰি কৰি ১০ জুলাইৰ পূৰ্বে বনাঞ্চলৰ ভূমি খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে। ইতিমধ্যে প্রায় ৫০ শতাংশ পৰিয়ালে নিজৰ বাসগৃহ ভাঙি সা-সম্পত্তি, বয়-বস্তু আচবাবসমূহ লৈ উক্ত স্থান পৰিত্যাগ কৰিছে। সম্প্ৰতি আৰক্ষী আৰু বন বিভাগে উচ্ছেদ চলিবলগীয়া অঞ্চলতসমূহত।
কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰি বনকৰ্মী আৰু আৰক্ষী জোৱানৰ দ্বাৰা টহলৰ ব্যৱস্থা কৰিছে। আনকি যিকোনো মূল্যৰ বিনিময়ত এই স্থানত উচ্ছেদ চলোৱা হ’ব বুলি জিলা বন বিষয়াই সদৰী কৰিছে। তদুপৰি বন বিভাগে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে তাতে বাঁহ খেতিৰ ব্যৱস্থা কৰাৰ লগতে উচ্ছেদৰ সময়ত প্রায় এহেজাৰ বন বিভাগৰ বেটেলিয়নৰ জোৱানৰ লগতে অসম আৰক্ষীৰ তিনিশ বিষয়া-কর্মচাৰী উপস্থিত থাকিব বুলি সদৰী কৰিছে। অহা ১০ জুলাইৰ পূৰ্বে উক্ত অঞ্চল খালী কৰিবলৈ নিৰ্দেশ দিয়ালৈ চাই ১১ জুলাইতে পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে।
ইফালে, এই উচ্ছেদৰ বিৰোধিতাৰে সোমবাৰে বিদ্যাপাৰা আৰু বেতবাৰী ৰাইজৰ হৈ আব্দুল বাৰেক, আব্দুল আৱাল আৰু শ্বাহ আলম শ্বেইখ নামৰ লোককেইজনে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁলোকে উচ্ছেদৰ পূৰ্বে বিদ্যাপাৰা আৰু বেতবাৰীৰ ৰাইজক পুনৰ সংস্থাপন দিবলৈ চৰকাৰক দাবী জনায়। সংবাদমেলত আব্দুল বাৰিকে বিজনীৰ জমিদাৰৰ শাসনৰ সময়ৰ মাটিৰ খাজনা দিয়া নথিপত্র প্রদর্শন কৰাৰ লগতে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভকৰা কেতবোৰ তথ্যও দেখুৱায়। তথ্য জনাৰ আইনত লাভ কৰা তথ্য অনুযায়ী, মাটিয়া ৰাজহ চক্র বিষয়াই আশুডুবি ৰাজহ গাঁও মাটিয়া, পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰুৱা নহয় বুলি ২০২৪তে এক পত্ৰ প্ৰদান কৰিছিল।
বাৰেকে সংবাদমেলত সদৰী কৰা মতে, যুগ যুগ ধৰি হেজাৰ হেজাৰ লোকে বাস কৰি অহা আশুডুবি, বিদ্যাপাৰা অঞ্চলক চৰকাৰী কৰ্তৃপক্ষই কাষতে থকা পাইকান সংৰক্ষিত বনাঞ্চলত অন্তর্ভুক্ত কৰি উচ্ছেদৰ বাবে প্ৰস্তুতি চলোৱাটো সঁচাই দুর্ভাগ্যজনক। আশুডুবি বিদ্যাপাৰা অঞ্চল কেতিয়াও পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তর্ভুক্ত নহয় বুলি দাবী কৰি তেওঁ কয়, ‘বিজনীৰ ৰাজষ্ট্ৰেটৰ সম্ভৱতঃ কোচ ৰজাৰ অধীনস্থ হাৱাঘাট পৰগণা। বিজনী ৰাজষ্টেটে হাৱাঘাট পৰগণাত ১০-২-১৯৫৮ত কৰা জৰীপৰ তথ্য মতে এই অঞ্চলৰ দাগ নম্বৰ ২২৭ (সম্প্রতি ২৭৪) এই দাগৰ ২৮২ বিঘা তিনি কঠা ১৭লেচা মাটি চৰকাৰী খাচ।
তেতিয়াৰ দিনত বিজনীৰ ৰাজষ্টেটে প্ৰদান কৰা তিনিখন দলিল এতিয়াও আমাৰ আনচাৰ মুন্সী (পিতৃ ইনাতুলা), ইজ্জত আলী (পিতৃ বুজুৰ আলী), হাফিজুদ্দিন আহমেদ (পিতৃ ৰজমামুদ)ৰ হাতত মজুত আছে। তেওঁলোকে সেই বিজনীৰ ৰজাৰ দিনত এই মাটিৰ খাজনা দিয়া ৰছিদ এতিয়াও আছে। তেওঁলোকক ১৯৬৪তে এই মাটিৰ দলিল প্ৰদান কৰা হৈছে আৰু তেতিয়াৰ পৰা খাজনা দি আহিছে। আনচাৰ মুন্সীৰ ১২ বিঘা, হাফিজুদ্দিনৰ ১২ বিঘা দুই কঠা, ইজ্জত আলীৰ নামত ১০ বিঘা মাটিৰ সম্পূৰ্ণ চিঠা কপি লগত আছে।’
তেওঁ পুনৰ কয় যে ১৯৯৩ত জিলা উপায়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা বিদ্যাপাৰা, বেতবাৰী অঞ্চলত ঘৰে ঘৰে ৰাজহ বিভাগৰ মাটি বুলি উচ্ছেদৰ নামত জাননী জাৰি কৰে। ইয়াৰ বিৰুদ্ধে এই অঞ্চলৰ ৰাইজে ১৯৯৩ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ন্যায়ালয়ে ২০০৪ত এই সন্দৰ্ভত ৰায় প্ৰদান কৰিছিল। আদালতে পুনৰ সংস্থাপন নিদিয়াকৈ যাতে এই অঞ্চলত উচ্ছেদ নকৰে তেনে ৰায় প্ৰদান কৰিছিল। তেওঁ লগতে কয়, ‘এই অঞ্চলত ২৫৩ দাগৰ মাটিৰ পৰা ১৯৭৮ত স্থাপন কৰা বিদ্যাপাৰা প্ৰাথমিক বিদ্যালয়ৰ নামত ১৯৮৫ত উপায়ুক্তই পাঁচ বিঘা মাটি আবণ্টন দি সেই ভূমি ৰাজহভূমি বুলি উল্লেখ কৰে।
১৯৮৩ত স্থাপন কৰা এমই মাদ্ৰাছাৰ বাবেও উপায়ুক্তই ১৯৯০ ত মাটি আবণ্টন দিছে। ১৯৮৬ৰ পৰা ২০১৪ লৈকে এই অঞ্চলৰ ৰাইজে সময়ে সময়ে খাজনাও দি আহিছে। এই অঞ্চলৰ বাসিন্দাসকলৰ ১৯৫১ৰ এনআৰচি আছে। ২০১৫ত যি এনআৰচিৰ আপডেট হ’ল তাতো নাম আছে; কিন্তু পৰিতাপৰ কথা ১৯৫১ৰ এনআৰচি থকাৰ পাছতো মিছন বসুন্ধৰাত আমাৰ লোকসকলে আবেদন কৰাৰ পাছতো আমাক মাটিৰ পট্টা দিয়া নাই। তাৰ বিপৰীতে এতিয়া উচ্ছেদৰ প্ৰস্তুতিহে চলাইছে।
তেওঁ লগতে কয় যে চৰকাৰে যদি এই অঞ্চলসমূহত উচ্ছেদ চলায়, তেন্তে স্থানীয় ৰাইজৰ দাবী চৰকাৰে উচ্ছেদিত ৰাইজক উপযুক্ত ক্ষতিপূৰণৰ লগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আনহাতে, শ্বাহ আলম শ্বেখেও উচ্ছেদৰ পূৰ্বে চৰকাৰক পুনৰ সংস্থাপনৰ দিহা কৰিবলৈ আহ্বান জনায়।
ব্ৰহ্মপুত্ৰৰ খহনীয়াত বিপর্যন্ত হৈ এই অঞ্চলত আশ্রয় লোৱা লোকসকল আর্থিকভাৱে যথেষ্ট দুর্বল বুলি উল্লেখ কৰি চৰকাৰী কর্তৃপক্ষই এই অঞ্চলৰ লোকসকলৰ প্ৰতি সদয় হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে। ইফালে, সংবাদমেলত ৰাইজে অভিযোগ কৰা মতে বন বিভাগ আৰু প্রশাসনে প্রতিদিনে মাইকযোগে উক্ত অঞ্চলসমূহ খালী কৰিবলৈ দি ৰাইজক একপ্ৰকাৰ আতংকিত কৰি তুলিছে।






























