Foreigners Tribunal of Assam issues notice to farmers of West Bengal:
অসমৰ এখন বিদেশী ন্যায়্যাধিকৰণে পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ এজন কৃষকলৈ সন্দেহযুক্ত বিদেশীৰ জাননী জাৰি কৰাক লৈ দুয়োখন ৰাজ্যৰ শাসক দলৰ মাজত তীব্র বাকযুদ্ধ আৰম্ভ হৈছে। বিদেশী ন্যায়াধিকৰণৰ এই কাৰ্যৰ সমালোচনাত মুখৰ হৈ ইয়াক বিজেপিৰ বিভাজনকাৰী আৰু নিষ্পেষণকাৰী ৰাজনীতি আখ্যা দি সৰৱ হৈ উঠিছে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী।
এই ‘বিভাজনমূলক আৰু নিষ্পেষণকাৰী’ শাসনৰ বিৰুদ্ধে সকলো বিৰোধী দলক ঐক্যবদ্ধ হ’বলৈও মুখ্যমন্ত্রী মমতাই বিৰোধী দলসমূহক প্রতি আহ্বান জনাইছে। উল্লেখ্য যে অসমৰ বিদেশী ন্যায়াধিকৰণে সন্দেহজনক বিদেশী আখ্যাৰে জাননী জাৰি কৰা এই লোকজন হৈছে কোচ বিহাৰ জিলাৰ দিনহাটাৰ সদ্যালেৰ কুঠিৰ বাসিন্দা। তেওঁৰ নাম উত্তম কুমাৰ ব্ৰজবাসী।
যোৱা জানুৱাৰীতে ব্রজবাসীয়ে বিদেশী ন্যায়াধিকৰণৰ জাননীখন পায় যদিও জাননীখনৰ বিষয়বস্তু সম্পর্কে জ্ঞাত হোৱা নাছিল। কৃষি কৰ্মৰ জৰিয়তে জীৱিকা অর্জন কৰা লোকজনে এই সম্পৰ্কত কয়, ‘যোৱা জানুৱাৰীতে জাননীখন পাওঁ। মই ভালদৰে পঢ়া-শুনা কৰিব নাজানো। চুবুৰীয়াক দেখুওৱাত তেওঁলোকে মোক বিষয়টো জনালে। তেতিয়াহে পৰিস্থিতিৰ গুৰুত্ব বুজি পালো।’ জাননীখনত অভিযোগ কৰা হৈছে যে ১৯৬৬ৰ পৰা ১৯৭১ৰ সময়ছোৱাত ব্রজবাসীয়ে অসমত অবৈধভাবে প্রবেশ কৰে।
অৱশ্যে এই অভিযোগ খণ্ডন কৰি সম্প্রতি ৫০ বছৰীয়া লোকজনে দাবী কৰিছে যে তেওঁ কোনোপধ্যে অনুপ্রৱেশকাৰী নহয়। দিনহাটাতে তেওঁৰ জন্ম আৰু তাতে ডাঙৰ-দীঘল হোৱা বুলিও তেওঁ দাবী কৰিছে। জাননী পায়ো আৰক্ষীৰ পৰীক্ষণৰ সময়ত নথি-পত্র জমা নিদিয়াৰ বাবে লোকজনক সন্দেহযুক্ত বিদেশী বুলি ৰায় দিয়ে সংশ্লিষ্ট বিদেশী ন্যায়্যাধিকৰণে।
ইপিনে, এই ঘটনা পোহৰলৈ অহাৰ পাছতে সৰৱ হৈ উঠে মুখ্যমন্ত্রী মমতাসহ তৃণমূল কংগ্রেছ। ক্ষমতা অথবা ক্ষেত্ৰাধিকাৰ নথকা সত্ত্বেও অসমৰ বিজেপি চৰকাৰে পশ্চিমবংগতো এনআৰচি (ৰাষ্ট্রীয় নাগৰিকপঞ্জী) উন্নীত কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰিছে। সামাজিক মাধ্যমত এটা প’ষ্টত তেওঁ কয়, ‘৫০ বছৰৰো অধিক সময় কোচবিহাৰৰ দিনহাটাৰ কোচ ৰাজবংশী সম্প্রদায়ৰ উত্তম কুমাৰ ব্রজবাসী নামৰ এজন লোকলৈ অসমৰ বিদেশী ন্যায়াধিকৰণে বিদেশীৰ জাননী জাৰি কৰাত কথা জানিবলৈ পাই মই হতবাক হৈছো।
বৈধ পৰিচয়পত্র দাখিলৰ পাছতো তেওঁক অনুপ্রবেশকাৰী/বিদেশীৰ সন্দেহত হাৰাশাস্তি কৰি থকা হৈছে।’ এই ঘটনাক গণন্ত্ৰৰ ওপৰত পদ্ধতিগত আক্রমণ আখ্যা দি মমতাই লগতে কয়, ‘এইটো এটা প্রমাণ যে অসমৰ শাসকীয় বিজেপিয়ে ক্ষমতা অথবা ক্ষেত্ৰাধিকাৰ নথকা বংগতো এনআৰচি ৰূপায়ণৰ লক্ষ্য লৈছে।’ তেওঁ লগতে অভিযোগ উত্থাপন কৰিছে যে উপান্তৰ জনগোষ্ঠীসমূহক ভাবুকি, ভোটাধিকাৰ হৰণ আৰু এইসমূহ জনগোষ্ঠীক লক্ষ্য কৰি লোৱাৰ পূর্ব পৰিকল্পিত পৰিকল্পনা আৰম্ভ হৈছে। এই ঘটনাই বিজেপিৰ বংগৰ পৰিচয় মচিবলৈ আৰু গণতান্ত্রিক সুৰক্ষাৰ ওপৰত বুলড ‘জাৰ চলোৱাৰ অভিসন্ধিক উন্মোচিত কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে।
সম্প্রতি পৰিস্থিতি উদ্বেগজনক আখ্যা দি তেওঁ বিৰোধী দলসমূহক ঐক্যবদ্ধ হ’বলৈও আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা প’ষ্টত তেওঁ কয়, ‘বিজেপিৰ বিভাজনমূলক আৰু নিষ্পেষণকাৰী যন্ত্রৰ বিৰুদ্ধে বিৰোধী দলসমূহৰ মাজত একতা গঢ়ি তোলাৰ জৰুৰী প্রয়োজন হৈছে। ভাৰতৰ সাংবিধানিক পৰিকাঠামোক চিৰাচিৰ কৰিলে বংগই চাই নাথাকিব।’
একেদৰে তৃণমূলৰ একাংশ জ্যেষ্ঠ নেতাও ঘটনাটোক লৈ সৰৱ হৈছে। অৱশ্যে বিজেপিয়ে ঘটনাটোক এটা বিক্ষিপ্ত ঘটনা বুলিহে আখ্যা দিছে। লগতে দলে মমতা বেনার্জী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰে পৰিচয়পত্ৰক লৈ বিভ্রান্তিৰ সৃষ্টি কৰা বুলিহে অভিযোগ উত্থাপন কৰিছে। ৰাজ্য প্ৰশাসনক প্রকৃত নাগৰিক আৰু ভুৱা নথিৰ মাজত ধূষৰতাৰ সৃষ্টি নকৰিবলৈ বিজেপিয়ে দাবী উত্থাপন কৰিছে।






























