Nehru Stadium:
গুৱাহাটীৰ ঐতিত্যমণ্ডিত নেহৰু ষ্টেডিয়াম পুনৰ নিৰ্মাণ হ’ব। পুনৰ নিৰ্মাণৰ বাবে ষ্টেডিয়ামৰ আৰ জি বৰুৱা স্প’র্টছ কমপ্লেক্সত থকা সকলো ক্রীড়া সংগঠনৰ কাৰ্যালয় ২৫ ডিচেম্বৰৰ পূৰ্বে খালী কৰাৰ জাননী জাৰি কৰিছে বৰ্ড অৱ স্পটছ- এ ৷ আনহাতে হঠাতে কাৰ্যালয় খালী কৰাৰ নিৰ্দেশ পাই থৰকাছুটি হেৰুৱাই ক্ৰীড়া সংগঠন সমূহে ভাড়াঘৰ বিচাৰি হাবাথূৰি খাইছে ৷ বহুত কম সময় দিয়াৰ বাবে সমস্যাৰ সৃষ্টি হৈছে সংগঠন কেইটাৰ ৷ উল্লেখ্য যে ১৩ নৱেম্বৰত ৰাজ্যিক কেবিনেটে নেহৰু ষ্টেডিয়াম পুনৰ নিৰ্মাণত অনুমোদন দিছিল I
ADVERTISEMENT



































