Volcanoes are erupting as the ice melts:বৰফ গলাৰ সমান্তৰালকৈ জাগিছে আগ্নেয়গিৰি

সমগ্ৰ বিশ্বজুৰি দদপনি বাঢ়িব অগ্নি দৈত্যৰ !

volcano

Volcanoes are erupting as the ice melts:

জলবায়ু পৰিৱৰ্তনে এই পৃথিৱীলৈ কিমান ডাঙৰ বিপদ মাতি আনিছে সেয়া কোনেও নজনা নহয়; কিন্তু গোলকীয় উষ্ণতাৰ প্রকোপত যি গতিত এন্টার্কটিকাৰ বৰফ গলি আছে তাৰ ফলত আগন্তুক দিনত আৰু ডাঙৰ বিপদ চাপি আহিব। শীঘ্রেই জাগি উঠিব অসংখ্য সুপ্ত আগ্নেয়গিৰি। সম্প্রতি এনে সতর্কবার্তাই দিছে একাংশ বিজ্ঞানীয়ে।

সম্প্ৰতি চেক গণৰাজ্যৰ ৰাজধানী প্রাগত অনুষ্ঠিত গ’ল্ডস্মিড ভূ-ৰসায়ন সম্মিলনত এই সংক্রান্তীয় এক গৱেষণা পত্র দাখিল কৰা হয়। তাত দাবী কৰা হৈছে যে চিলিৰ আন্দেজ পর্বতমালাৰ ভূতাত্ত্বিক তথ্য বিশ্লেষণ কৰি বুজা গৈছে যে কিদৰে বৰফ গলিবলৈ আৰম্ভ কৰাত তাৰ তলত ঢাক খাই থকা আগ্নেয়গিৰিসমূহক জগাই তুলিছে। ইয়াৰ ফলস্বৰূপে অচিৰেই আৰু ভয়াৱহ তথা সঘন উদ্‌দ্গীৰণ হ’ব পাৰে। বিজ্ঞানীসকলে বিশ্বাস কৰে যে ইতিমধ্যেই আইচলেণ্ডত যি দেখা গৈছে সেয়া সমগ্র বিশ্বৰ ক্ষেত্ৰতে প্রযোজ্য হ’ব পাৰে।

গৱেষণা পত্ৰখনৰ লেখক পাবলো মোৰিনো-ইয়াগাৰ আৰু তেওঁৰ দলে চিলিৰ এটা আগ্নেয়গিৰিক লৈ গৱেষণা অব্যাহত ৰাখিছে। তেওঁলোকে কয় যে আগ্নেয় পাখৰৰ ৰেডিঅ’ আইছোটোপ বিশ্লেষণ কৰি চোৱা হৈছে। তাত দেখা গৈছে, ২৬ হেজাৰৰ পৰা ১৮ হেজাৰ বছৰৰ পূৰ্বে ডাঠ বৰফৰ স্তৰৰ তলত ঢাক খাই পৰিছিল সেই আগ্নেয়গিৰিটো। অৱশ্যে ১৩ হেজাৰ বছৰৰ আগৰ পৰা বৰফ গলিবলৈ আৰম্ভ কৰাত সঘনাই উদ্‌দ্গীৰণ হ’বলৈ আৰম্ভ কৰে। এতিয়া পুনৰ প্রমাদ গণিবলৈ আৰম্ভ কৰিছে গৱেষকসকলে। সবাতোকৈ ডাঙৰ আশংকা সৃষ্টি হৈছে এন্টার্কটিকাৰ ডাঠ বৰফৰ স্তৰক কেন্দ্ৰ কৰি। যাৰ তলত কমেও এশটা আগ্নেয়গিৰি সুপ্ত অৱস্থাত আছে।

যিদৰে পৃথিৱীৰ তাপমাত্রা বৃদ্ধি পাইছে, তাৰ ফলত ভৱিষ্যতে এইবোৰ ‘নিদ্ৰাৰত দৈত্য’ সাৰ পাই উঠিব পাৰে। ফলত ভয়াৱহ আৰু ধাৰাবাহিক উদ্গীৰণ ঘটিব বুলিয়ে সন্দেহ কৰা হৈছে। স্বাভাৱিকতেই অশনি সংকেত দেখিবলৈ পাইছে বিজ্ঞানীসকলে। তেওঁলোকে দাবী কৰিছে যে এনে পৰিস্থিতিত প্রাচীন আগ্নেয়গিৰিসমূহ পুনৰ জাগ্রত হৈ উঠিলে সিবোৰে পৃথিৱীৰ বাবে বিস্ফোৰক তথা বিশ্বব্যাপী প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। অবিলম্বে সতর্ক নহ’লে যে সন্মুখত ডাঙৰ বিপদে অপেক্ষা কৰিছে, সেই বিষয়তে সতৰ্ক কৰিছে বিজ্ঞানীসকলে।

Exit mobile version