BPF Pressmeet In Guwahati:
প্ৰমোদ বড়োৰ শাসনকালত বিটিআৰত চলিছে অৰাজকতা ৷ স্থানীয় লোকক বঞ্চিত কৰি বহিৰাগতত ৰঙা দলিছা পাৰি দিছে প্ৰমোদ বড়োয়ে ৷ একেদৰে বিটিআৰ চুক্তি কাৰ্যকাৰী কৰাত বিফল হৈছে প্ৰমোদ বড়োৰ পৰিষদীয় চৰকাৰ ‘৷ এই অভিযোগ বিপিএফৰ ৷
শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেল সম্বোধন কৰি বিপিএফৰ ভেৰগাঁৱৰ ব্লকৰ সাধাৰণ সম্পাদকৰ বিক্ৰম দৈমাৰীয়ে কয়, বড়োভূমিৰ পৰা বড়ো শিক্ষানুষ্ঠান লুপ্ত কৰা হ’ল | অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰা বুলি ভুৱা বাতৰি প্ৰকাশ কৰিছে| ১০ খন বিদ্যালয়ক লৈ প্ৰমোদ বড়োৱে ভুৱা তথ্যৰে প্ৰচাৰ কৰিছে| একেদৰে ১০ খন কলেজ চৰকাৰীকৰণ কৰা বুলিও মিথ্যাচাৰ আশ্ৰয় লৈছে ৷ এই তথ্য আৰটিআইৰ জৰিয়তে লাভ কৰিছে বুলি সংবাদমেলট উল্লেখ কৰে বিপিএফৰ নেতা গৰাকীয়ে।
নেতা গৰাকীয়ে আৰু কয় যে, প্ৰমোদ বড়ো মিছলীয়া |২ ২-২৪ প্ৰমোদ বড়ো চৰকাৰৰ কাৰ্যকালত কিমানখন চৰকাৰী কৰণ কৰা হ’ল | ৬.৩ ধাৰা অনুসৰি চৰকাৰী অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰা কথা কৈছিল ৷ কিন্ত বহু সংখ্যক বড়ো মাধ্যমৰ শিক্ষানুষ্ঠান বন্ধ কৰিলে প্ৰমোদ বড়ো চৰকাৰে |
এন আই টি গঠন কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিক্ৰিয়া প্ৰসংগত নেতা গৰাকীয়ে মন্তব্যত আৰু কয়,বিটিআৰ চুক্তিত থকা প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ সন্দৰ্ভত কেৱল ১৪ জন শীৰ্ষ বিষয়াৰ উপস্থিতিত আলোচনা কৰা হৈছে ৷
আনহাতে কোকোৰাঝাত এখন ট্ৰাইবেল বিশ্ববিদ্যালয়ৰ স্থাপন কৰা হ’ব বুলি প্ৰমোদ বড়োৱে যি ঢাকঢোল বজাইছিল ৷ কাৰ্যত বড়োৰ সেই আশাক চেচাহত কৰি দিল্লীয়ে ইতিমধ্যে সদৰি কৰিছে যে বিটিআৰত ট্ৰাইবেল বিশ্ববিদ্যালয়ৰ স্থাপনৰ বাবে কোনো প্ৰয়োজনীয়তা নাই ৷
কিন্ত কেন্দ্ৰৰ সেই বিষয়টোৰ সন্দৰ্ভতো মিছা কথাৰে বিটিআৰবাসীক আভুৱাভুৱাবলৈ চেষ্টা কৰিছে প্ৰমোদ বড়োৱে ৷ আনহাতে ভূমি পট্টাৰ সন্দৰ্ভতো বিটিআৰ চৰকাৰৰ মুৰব্বী গৰাকীয়ে চৰম মিথ্যাচাৰ আশ্ৰয় লৈছে৷ওদালগুৰি ২০২ টা পৰিয়ালক ভূমি পট্টা দিছে ৷ মাজবাট ৰাজহ চক্ৰ বিষয়াই ১৩৩ টা পৰিয়ালক দিছে ভূমি পট্টা৷ কিন্ত ছিদলী ৰাজহ চক্ৰ অন্তৰ্গত ১.০ অধীনত কোনো ভূমিয়েই দিয়া নাই ৷
সহস্ৰাধিক পৰিয়ালকো ভূমি পট্টা দিব নোৱাৰে প্ৰমোদ বড়োৱে লাখ লাখ পৰিয়ালক ভূমি পট্টা দিয়া বুলি মিছা কৈছে৷ ৰাস্তা-ঘাট সন্দৰ্ভত বিপিএফ নেতা গৰাকীয়ে কয়,কোকোৰাঝাৰ সমষ্টিত এটাহে নতুন ৰাস্তা নিৰ্মাণ কৰিছে | ৰাষ্টাটো দৈঘ্য ১.৫ মিটাৰ ৷ আনপিনে টংলা- মাজবাটত কোনো নতুন ৰাস্তা নিৰ্মাণ হোৱা নাই ৷
প্ৰমোদ বড়ো চৰকাৰৰ দিনত বাহিৰৰ ব্যৱসায়ী আৰু ঠিকাদাৰে ভৰি পৰিছে বিটিআৰত৷ বাহিৰৰ ঠিকাদাৰক ইতিমধ্যে প্ৰদান কৰিছে ১০০-২০০ কোটি টকাৰ ঠিকাৰ কাম আৱণ্টন ৷ ইয়াৰ বিপৰীতে ঠিকা আৱন্টনৰ পৰা বঞ্চিত কৰিছে বিটিআৰৰ ব্যৱসায়ী আৰু ঠিকাদাৰক ৷
শেহতীয়াকৈ ১৫২ কোটি ঠিকা মেৰ্চাছ জিএম ট্ৰেডিং লিমিটেড নামৰ প্ৰতিষ্ঠানটোক দিছে৷ একপ্ৰকাৰ বিটিআৰৰ জনতাক লুণ্ঠন চলাইছে বুলি গুৰুতৰ অভিযোগ কৰে বিপিএফ নেতা গৰাকীয়ে ৷ উচ্ছেদৰ সন্দৰ্ভত নেতা গৰাকীয়ে কয়,বিটিআৰত প্ৰমোদ বড়ো আৰু ইউ জি ব্ৰহ্মৰ নেতৃত্বত চলিছে উচ্ছেদ ৷ আগন্তুক পৰিষদীয় নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিব বিটিআৰবাসী ৰাইজে ৷






























