Dibrugarh :
সৰ্বত্ৰে চৰ্চিত হৈ থকা অৰ্চিতা ফুকনৰ ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে শনিবাৰে নিশা তিনিচুকীয়াৰ পৰা আটক কৰিছে প্ৰতীম বৰা নামৰ এজন যুবকক । আমেৰিকাৰ নীলা ছবিত অসমীয়া নায়িকা অৰ্চিতা ফুকন শীৰ্ষক চাঞ্চল্যকৰ ভুৱা প্ৰচাৰ কৰিছিল অৰ্চিতাৰে প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাই। নিশাই ডিব্ৰুগড়ৰ আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা আনে ডিব্ৰুগড়লৈ।আৰক্ষীয়ে যুৱকজনৰ বাসগৃহৰ পৰা জব্দ কৰে বহু আপত্তিজনক সামগ্ৰী ৷
আনহাতে অৰ্চিতা ফুকনৰ ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সিজল আগৰৱালাই দেওবাৰে এক সাংবাদিকক সম্বোধন সম্বোধন কৰে ৷
পৰৱৰ্তী সময়ত এনে মানহানিকৰ আৰু অসত্য প্ৰচাৰ কৰা বাবে মানসিকভাৱে ভাগি পৰি আত্মহননৰ পথলৈ যাম বুলি কোৱা অৰ্চিতা ফুকন ডিব্ৰুগড় থানাত ৰজু কৰে গোচৰ ৷ অৱশেষত আৰক্ষীৰ ক্ষিপ্ৰ তদন্তৰ অন্তত এই সমস্ত ঘটনাৰ মূল অভিযুক্ত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷
সংবাদমেলত এছএছ পি আগৰৱালাই কয়,আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ভাইৰেল ফটোসমূহ সম্পূৰ্ণৰূপে মৰ্ফ কৰা হৈছিল আৰু আৰ্চিতাৰ সৈতে কোনো প্ৰকৃত সম্পৰ্ক নাছিল। ছ’চিয়েল মিডিয়াতো প্ৰচাৰিত হৈছিল যে আৰ্চিতা আমেৰিকাত বাস কৰে আৰু পৰ্ণগ্ৰাফীৰ সৈতে জড়িত|আৰক্ষীৰ দ্ৰত তদন্তত আৰক্ষীয়ে এই সকলোবোৰ দাবীক ভিত্তিহীন আৰু অসত্য বুলি অভিহিত কৰিছে।
উল্লেখ্য যে, আপত্তিজনক ফটো ছ’চিয়েল মিডিয়াত দেখি অৰ্চিতাই লগে লগে ডিব্ৰুগড় আৰক্ষী থানাত এফআইআৰ দাখিল কৰে। চাইবাৰ ক্ৰাইম ইউনিটে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰি ডিজিটেল প্ৰমাণৰ ভিত্তিত প্ৰতিম বৰাক গ্ৰেপ্তাৰ কৰে। চাইবাৰ হাৰাশাস্তি, মানহানি, গোপনীয়তা উলংঘাকে ধৰি আই টি আইনৰ কেইবাটাও ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
আনহাতে,ডিব্ৰুগড়ৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে, “এই গোচৰটোৱে ডিজিটেল হাৰাশাস্তি আৰু প্ৰতিশোধমূলক পৰ্ণৰ ভয়ানকতাক উজ্জ্বল কৰি তুলিছে। অভিযুক্তক আইন অনুসৰি কঠোৰ শাস্তি প্ৰদান কৰা হ’ব।”
বৰ্তমান আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত শীঘ্ৰে আদালতত হাজিৰ হ’ব। ইফালে, এনে ভুৱা আৰু আপত্তিজনক বিষয়বস্তু শ্বেয়াৰ বা প্ৰতিক্ৰিয়া নকৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে আৰক্ষীয়ে।
এই গোচৰৰ ন্যায়িক অগ্ৰগতিৰ বাবে অলপ হ’লেও সকাহ পোৱা অৰ্চিতা ফুকনে ডিব্ৰুগড় আৰক্ষীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ৰাজহুৱাভাৱে ন্যায়ৰ দাবী জনাইছে। মোৰ প্ৰতি আত্মসন্মানৰ যুঁজ আছিল, যিটো ন্যায় ব্যৱস্থাই সন্মানেৰে গ্ৰহণ কৰিছিল বুলিও কয় অৰ্চিতাই ৷






























