Guwahati:
গুৱাহাটীৰ পৰা ভাড়ালৈ নিয়া বহু বাহন নেপালত বিক্ৰী হোৱাৰ তথ্য পোহৰলৈ আহিছে। মহানগৰীৰ চান্দমাৰি আৰক্ষী থানাত ৰুজু হোৱা বাহন চুৰিৰ এক ঘটনাত এই তথ্য পোহৰলৈ আহিছে। গোচৰৰ সংক্ৰান্তত মহানগৰ আৰক্ষীৰ এটা দলে পশ্চিমবংগৰ শিলিগুৰিত অভিযান চলাই আঠখনকৈ বিলাসী বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও এতিয়া অর্ধশতাধিক বাহন নিৰুদ্দেশ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে।
ঘটনাৰ সন্দৰ্ভত মধ্য গুৱাহাটী আৰক্ষী জিলাৰ উপ-আয়ুক্ত অমিতাভ বসুমতাৰীয়ে কয় যে যোৱা ছয় জুলাইত শৰ্মা উপাধিৰ এজন লোকে চান্দমাৰি থানাত তেওঁ চাৰিখন বাহন নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত এখন এহাজাৰ দাখিল কৰিছিল। তদন্তত দেখা গ’ল যে বাহনৰ গৰাকীয়ে জয় ফুকন নামৰ লোকজনক চাৰিওখন বাহন ভাড়ালৈ দিছিল।
এই জয় ফুকনে ভাড়ালৈ লোৱা বাহনকেইখন পুনৰ শিলিগুৰিৰ সোমনাথ মুখার্জী নামৰ এজনক ভাড়ালৈ দিছিল বুলি আৰক্ষী বিষয়াজনে সদৰী কৰি কয়, ‘এই মুখার্জীয়ে বাহনসমূহ ভাড়ালৈ লৈ বিভিন্নজনক অবৈধভাৱে মডগেজত বাহনসমূহ দি দিয়ে। তেওঁৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ বহু গোচৰ পশ্চিমবংগত ৰুজু হৈ আছে।’
উল্লেখ্য যে এই বাহন ভাড়ালৈ নি বিক্ৰী কৰাৰ ঘটনাৰ স’তে এটা আন্তঃৰাষ্ট্ৰীয় চক্র জড়িত হৈ আছে। এই চক্ৰটোৱে বাহনসমূহ ভাড়ালৈ নি বিশেষকৈ নেপালত বিক্ৰী কৰাৰ তথ্য আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। ঘটনাৰ সন্দৰ্ভত মহানগৰ আৰু শিলিগুৰিৰ আনন্দনগৰ আৰক্ষীৰ সহযোগত অভিযান চলাই স্কর্পিঅ’, থাৰ কৰি আঠখন বিলাসী বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু বাহনকেইখন গুৱাহাটীলৈ লৈ অনা হয়।
লগতে এই ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড তথা সম্প্রতি পশ্চিমবংগ আৰক্ষীৰ জিম্মাত থকা সোমনাথ মুখার্জীক শীঘ্ৰে মহানগৰ আৰক্ষীয়ে জিম্মাত ল’ব। উল্লেখ্য যে মহানগৰীৰ পৰা ভাড়ালৈ নিয়া অর্ধ শতাধিক বাহন এতিয়াও নিৰুদ্দেশ হৈ আছে আৰু ভুক্তভোগী গৰাকীয়ে সম্প্ৰতি চান্দমাৰি থানাত এজাহাৰ দাখিল কৰিছে।
